ৰাজস্থানৰ ডাক্তৰ এজনে ‘৪৪ ক’ভিড১৯’ নামেৰে ক’ৰনা ভাইৰাছৰ এক ভেকচিন উলিয়াইছে নেকি?

Coronavirus False Medical
news100.png

ফেচবুক লিংকসংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৯৭ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৬৮ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২ লাখ ৫০ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৭ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো দুহেজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে পাঁচজনৰ মৃত্যু হৈছে । 

এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন ফটো/ভিডিঅ’/পোষ্ট ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । বিভিন্ন নিউজ পৰ্টেলতও কিছু ভুৱা বা আংশিকভাৱে ভুৱা বাতৰি প্ৰকাশ হোৱা দেখা গৈছে । 

নিউজ ১০০ নামৰ অসমৰ এক নিউজ পৰ্টেলৰ ফেচবুক পে’জত ৭ জুন, ২০২০ তাৰিখে এটা ফেচবুক পোষ্টত, “বজাৰত উপলব্ধ হ’ব ক’ৰ’ণা ভেকচিন । ডেৰমাহৰ অন্তত ভাৰতীয় চিকিৎসকে প্ৰস্তুত কৰি উলিওৱাৰ দাবী ক’ৰ’ণা ভেকচিন । মাত্ৰ ৭ দিনত সুস্থ হৈ উঠিব ক’ৰ’ণা আক্ৰান্ত ৰোগী” বুলি শিৰোনামা দি এক ভিডিঅ’ বাতৰি আপলোড কৰা হৈছে । উক্ত ফেচবুক পোষ্টটো ৩৯ হাজাৰ বাৰ শ্বেয়াৰ হৈছে আৰু ১০ লাখতকৈ অধিকবাৰ দৰ্শন কৰা হৈছে । 

আমি লক্ষ্য কৰিলোঁ যে উক্ত ভাইৰেল পোষ্টটোৰ কমেণ্টছ চেক্সনত বিভিন্নজনে এই বাতৰি ভুৱা বা ভুল বুলি দাবী কৰিছে । গতিকে আমি ইয়াৰ সত্যতা জানিবলৈ চেষ্টা কৰিলোঁ । এই বাতৰি কিমান দূৰ সঁচা, জানোঁ আহক । 

প্ৰণালী

আমি প্ৰথমে কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু নিউজ ২৪ অনলাইন নামেৰে এক নিউজ ৱেবচাইটত এই বিষয়ে প্ৰকাশিত এক বাতৰি দেখা পালোঁ । উক্ত বাতৰিটোত কোৱা হৈছে যে অজয় যাদৱ নামেৰে ৰাজস্থানৰ এজন হোমিয়পেথিক ডাক্তৰে ক’ৰনা ভাইৰাছ ৰোগৰ দৰৱ বিচাৰি উলিয়াইছে আৰু এই দৰৱ খালে ৰোগী সাত দিনৰ ভিতৰত সুস্থ হৈ উঠে বুলি দাবী কৰিছে । ভাইৰেল হোৱা বাতৰিটোত কিন্ত ডাক্তৰজনে ক’ৰনা ভাইৰাছৰ ভেকচিন আবিষ্কাৰ কৰিছে বুলি প্ৰকাশ পাইছে । যিহেতু ভেকচিন আৰু দৰবৰ মাজত পাৰ্থক্য আছে, ভাইৰেল বাতৰিটোৰ সেই অংশ আমি ভুল বা ভুৱা বুলি ধৰিছোঁ । 

news1001.png

ইয়াৰ উপৰিও যদি আমি নিউজ ২৪ অনলাইন’ৰ বাতৰিটোৰ সৈতে তুলনা নকৰোঁ আৰু ভাইৰেল বাতৰিটো স্বাধীন হিচাবে চাওঁ, তথাপি ‘এটা ভেকচিন ব্যৱহাৰৰ ফলত ৰোগী ৭ দিনৰ ভিতৰত সুস্থ হৈ পৰা’ কথাটোৰ কোনো যুক্তি বিচাৰি নাপাওঁ যিহেতু ভেকচিন ৰোগ প্ৰতিৰোধৰ বাবেহে ব্যৱহাৰ কৰা হয় আৰু ৰোগৰ সংক্ৰমণ হোৱাৰ পাছত ‘ভেকচিন’ নহয় ‘দৰৱ’ ব্যৱহাৰ কৰা হয় । 

ইয়াৰ পাছতেই আমি লক্ষ্য কৰিলোঁ যে ভাইৰেল বাতৰিটোত উল্লেখ আছে যে ভেকচিন বিধৰ নাম ’44 Covid19′ ৰখা হৈছে কিন্তু আমি ‘নিউজ ২৪ অনলাইন’ৰ বাতৰিটোত দেখিলোঁ যে তেওঁ আচলতে 44 (৪৪) জন ক’ৰনা ৰোগী ইতিমধ্যে তেওঁৰ দৰৱ গ্ৰহণ কৰি সুস্থ হৈ উঠিছে বুলিহে দাবী কৰিছে । ইয়াৰ বাদে 44 (৪৪) সংখ্যাটো সমগ্ৰ বাতৰিটোত ক’তো উল্লেখ নাই । গতিকে ভাইৰেল বাতৰিটোত উল্লেখ থকা এই তথ্যটোও ভুৱা বা মিছা বুলি ধৰিছোঁ । 

WhatsApp Image 2020-06-10 at 11.48.20.jpeg

ইয়াৰ উপৰিও ভাইৰেল ভিডিঅ’ বাতৰিটোত এই নতুন ভেকচিনৰ বিষয়ে বাতৰি কৰিবলৈ যাওঁতে ‘বিচিজি ভেকচিন’ৰ ছবি দেখোৱা হৈছে আৰু যিহেতু সেইয়া উদাহৰণৰ বাবে দিয়া হৈছে বুলি উল্লেখ নাই, ছবিবোৰে এক ভুল বাৰ্তা কঢ়িয়াইছে । আমি সেইবাবে উক্ত পোষ্টটোৰ কমেণ্টছ চেক্সনত সেইয়া যে বিচিজি ভেকচিন হয় আৰু দাবী কৰাৰ দৰে ক’ৰনা ভাইৰাছৰ নতুন ভেকচিনৰ ছবি নহয়, সেই সম্পৰ্কে বিভিন্ন পোষ্ট দেখিবলৈ পাইছো । উল্লেখযোগ্য যে বিচিজি ভেকচিন আচলতে মূলতে টিবি বা যক্ষ্মা ৰোগৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয় । 

ফলাফল

উক্ত ভাইৰেল ফেচবুক পোষ্টটো আংশিকভাৱে ভুৱা বা মিছা হয় যিহেতু পোষ্টটোত বা ভিডিঅ’ বাতৰিটোত কেইবাটাও ভুৱা বা ভুল তথ্য আছে । উক্ত বাতৰিটোৱে জনসাধাৰণক বিপথে পৰিচালিত কৰিব পাৰে ।

Avatar

Title:ৰাজস্থানৰ ডাক্তৰ এজনে ‘৪৪ ক’ভিড১৯’ নামেৰে ক’ৰনা ভাইৰাছৰ এক ভেকচিন উলিয়াইছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *