ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ সময়তে এটা বিশেষ ভিডিঅ' ক্লিপ চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ৰকেট লঞ্চাৰেৰে এখন হেলিকপ্টাৰ ধ্বংস কৰা এটা ভিডিঅ' ক্লিপ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ বুলি ভাইৰেল হৈছে। এই একেটা ক্লিপ আমি ফেচবুকতো পালোঁ।

এই ভিডিঅ'টোৰ ২:৩০ মিনিটত উক্ত ক্লিপটো দেখা গৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভিডিঅ’টো ভালদৰে চালে দেখা যায় যে বাজুকা আৰু হেলিকপ্টাৰ বিস্ফোৰণৰ ধোঁৱা বাস্তৱ যেন নালাগে। আনকি ওচৰৰ জোপোহাবোৰো বাজুকা গুলীয়াই দিয়াৰ পিছতো লৰচৰ কৰা নাছিল। এই সকলোবোৰৰ বাবে আমাৰ সন্দেহ হৈছিল যে এইটো এটা প্ৰকৃত ভিডিঅ’ নে চিমুলেটেড ভিডিঅ’।

ভাইৰেল ভিডিঅ’টোৰ এটা কীফ্ৰেমত আমি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। আমি দেখিলোঁ যে একেটা ভিডিঅ’ই ২০২৩ চনৰ ১৬ আগষ্টত এজন ফেচবুক ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছিল।পোষ্টটোৰ কেপচনত লিখা আছে, “Stinger Missile Launcher System E169।” আমি এইটোও লক্ষ্য কৰিলোঁ যে বহু ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল যে এইটো আৰ্মা ৩ নামৰ গেম এটাৰ ভিডিঅ’।

ইয়াৰ পৰা আমি বুজিলোঁ যে এইটো এটা পুৰণি ভিডিঅ’ যিটো বৰ্তমানৰ ইজৰাইল-পেলেষ্টাইন যুদ্ধ আৰম্ভ হোৱাৰ আগতেই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ আছিল।

এই একেটা ভিডিঅ’ বহু ইউটিউব চেনেলতো উপলব্ধ। ইয়াৰ উপৰিও ইয়াক আৰ্মা-৩ ভিডিঅ’ গেমৰ দৃশ্য বুলি কোৱা হৈছে। কেপচনত লিখা আছে,“KA-50 Battle helicopter shot down by FIM-92F Advanced Stinger Missile l St.77 MilSim ARMA3 ”।

Please Embed

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো আংশিকভাৱে মিছা। ৰকেট লঞ্চাৰেৰে এখন হেলিকপ্টাৰ ধ্বংস কৰা দৃশ্যাংশটো আৰ্মা৩ নামৰ এটা ভিডিঅ' গেমৰহে দৃশ্য, ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰকেট লঞ্চাৰেৰে এখন হেলিকপ্টাৰ ধ্বংস কৰা এই দৃশ্যাংশটো এটা ভিডিঅ' গেমৰহে।

Written By: FactCrescendo Assamese

Result: Partly False