
চ’চিয়েল মেডিয়াত ফেব্ৰুৱাৰী মাহ সম্পৰ্কে এটা বিশেষ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। পোষ্টটোত লিখা আছে এইদৰে “২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ এই মাহটো অত্যন্ত বিৰল, মোৰ-আপোনাৰ জীৱনৰ শেষ মাহ। কেৱল সেয়াই নহয়, অহা কেইশমান প্ৰজন্মইও এই মাহটো দেখা নাপাব কাৰণ এই মাহত
৪ শনিবাৰ
৪ দেওবাৰ
৪ সোমবাৰ
৪ মঙলবাৰ
৪ বুধবাৰ
৪ বৃহস্পতিবাৰ
৪ শুকুৰবাৰ
এদিন কম নহয় আৰু বেছি নহয়। ৮২৩ বছৰৰ পাছত এই মাহটো।”
এই পোষ্টটো আমাৰ হোৱাটচএপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই পোষ্টটোৰ সত্যতা নিৰূপণ কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ২০২৩ চনৰ কেলেণ্ডাৰ চালোঁ আৰু দেখিলোঁ যে ফেব্ৰুৱাৰী মাহত প্ৰত্যেকটো বাৰ ৪টাকৈ আছে।

এইবাৰ আমি ২০২২ আৰু ২০২১ চনৰ কেলেণ্ডাৰ চালোঁ আৰু দেখিলোঁ যে তাতো ফেব্ৰুৱাৰী মাহত প্ৰত্যেকটো বাৰ ৪টাকৈ আছে।


কিন্তু ২০২০ চনৰ কেলেণ্ডাৰৰ ফেব্ৰুৱাৰী মাহত শনিবাৰ ৫টা থকা দেখা গ’ল আৰু ২০২০ চনটো আছিল লিপ ইয়েৰ।

ঠিক তেনেদৰে ২০১৬ চনটো আছিল লিপ ইয়েৰ আৰু তাত ফেব্ৰুৱাৰী মাহত ৫টা সোমবাৰ থকা দেখা গ’ল।

যিহেতু লিপ ইয়েৰৰ বাহিৰে অইন বছৰত ফেব্ৰুৱাৰী মাহটো ২৮দিনীয়া হয়, গতিকে সাধাৰণতে ফেব্ৰুৱাৰী মাহত ৪টা সপ্তাহ আৰু প্ৰত্যেকটো দিন ৪ বাৰকৈ থাকেই। আনহাতে লিপ ইয়েৰত ফেব্ৰুৱাৰী মাহত থাকে ২৯ দিন, গতিকে লিপ ইয়েৰত ফেব্ৰুৱাৰী মাহত যিকোনো এটা দিন ৫ বাৰকৈ থাকিবই। গতিকে ৮২৩ বছৰৰ মূৰত এনে এক ফেব্ৰুৱাৰী মাহ অহা য’ত সপ্তাহৰ প্ৰত্যেকটো দিন ৪ বাৰকৈ থাকে, এই কথাটো সম্পূৰ্ণ ভুল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে দাবী কৰাৰ নিচিনাকৈ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহটো বিৰল মাহ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৩ চনৰ ফেব্ৰুৱাৰী মাহটো সঁচাকৈয়ে বিৰল মাহ হয়নে?
Fact Check By: FactCrescendo AssameseResult: False
