ফটোখনৰ বাওঁফালে থকা ব্যক্তি দুজন মণিপুৰৰ ঘটনাৰ অভিযুক্ত নহয়।

False Social

মণিপুৰত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ মূল অভিযুক্ত এজনক মণিপুৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰাৰ পিছতে অভিযুক্ত হুইৰেম হিৰোদাস মেইটেইৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। তেনে সময়তে মণিপুৰৰ ঘটনাৰ অভিযুক্ত বুলি আন এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ফটোখনত আৰ এছ এছৰ পোছাক পৰিহিত দুজন লোকক দেখা গৈছে। দাবী কৰা হৈছে যে এই লোক দুজন মণিপুৰৰ ঘটনাত গ্ৰপ্তাৰ হোৱা অভিযুক্ত। এটা ফেচবুক পোষ্টত ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে – “কুকি যুৱতীক উলংগ কৰি সমদল কৰি নি পিছত গেং ৰেপ কৰা দূধৰ্ষ সন্ত্ৰাসবাদী তথা আৰ-আৰপি-এছৰ কামাণ্ডাৰ ইন চীফ হবিবুল্লাহ গণি আৰু আহমেদ বেগ দুৰাণী সম্প্ৰতি পুলিচ কাষ্টডীত”।

Facebook Link | Archived Link 

এনেধৰণৰ পোষ্ট ইয়াতো চাব পাৰিব।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ। আমি প্ৰথমে চিপিএমৰ নেতৃ সুভাষিনী আলীয়ে ২৩ জুলাই তাৰিখে ১:৪৯ বজাত কৰা এটা টুইট পালোঁ য’ত তেওঁ ভাইৰেল ফটোখন শ্বেয়াৰ কৰি লিখিছিল যে ফটোত থকা ব্যক্তি দুজন মণিপুৰৰ ঘটনাৰ অভিযুক্ত।

https://twitter.com/SubhashiniAli/status/1683029085851914244

কিন্তু ২৩ জুলাই তাৰিখেই বিয়লি ৫:০৪ বজাত সুভাষিনী আলীয়ে তেওঁৰ পূৰ্বৰ টুইটটো ভুল বুলি ক্ষমা বিচাৰি এটা টুইট কৰে।

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি Bunch Of Thoughts নামৰ টুইটাৰ একাউণ্ট এটাৰ পৰা ভাইৰেল ফটোখন মিছা বুলি উল্লেখ কৰা এটা টুইট পালোঁ।

তাত লিখা আছিল যে ফটোত দেখা ব্যক্তি দুজন মণিপুৰৰ ৰাজ্যিক বিজেপিৰ উপাধ্যক্ষ আৰু তেওঁৰ ১০ বছৰীয়া পুত্ৰৰ হয়।

এইবাৰ আমি কীৱ’ৰ্ড চাৰ্চ কৰি মণিপুৰৰ ৰাজ্যিক বিজেপিৰ উপাধ্যক্ষ চিদানন্দ সিঙৰ ফেচবুক প্ৰফাইলটো পালোঁ। তাত ২০২২ চনৰ অক্টোবৰ মাহৰ ১৭ তাৰিখে ভাইৰেল ফটোখন আপলোড কৰা হৈছিল।

Facebook Link | Archived Link 

তদুপৰি চিদানন্দ সিঙে তেওঁৰ লেটাৰহেডত মণিপুৰ আৰক্ষীলৈ লিখা এখন দৰ্খাস্ত আৰু এজাহাৰৰ ফটো ২৪ তাৰিখে তেওঁৰ প্ৰ’ফাইলত আপলোড কৰিছে। তাত তেওঁ উল্লেখ কৰিছে যে তেওঁৰ, তেওঁৰ পৰিয়াল আৰু আৰ এছ এছৰ মানহানি কৰিবলৈ কোনো কোনো দল-ব্যক্তি আদিয়ে মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত সাঙুৰি তেওঁৰ ফটো ব্যৱহাৰ কৰিছে।

Facebook Link 

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখনত থকা ব্যক্তি দুজন মণিপুৰৰ ঘটনাৰ অভিযুক্ত নহয় বৰং মণিপুৰৰ ৰাজ্যিক বিজেপিৰ উপাধ্যক্ষ চিদানন্দ সিং আৰু তেওঁৰ পুত্ৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফটোখনৰ বাওঁফালে থকা ব্যক্তি দুজন মণিপুৰৰ ঘটনাৰ অভিযুক্ত নহয়।

Written By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *