ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে এটা বিশেষ ভিডিঅ' চ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দাবী কৰা হৈছে যে শেহতীয়াকৈ ৰাছিয়াই আক্ৰমণ কৰিছে আমেৰিকাক।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল ভিডিঅ'টো ভালদৰে চাই আমি দেখিলোঁ যে তাত হিজবুল্লাই আমেৰিকাৰ সেনা শিবিৰৰ ওপৰত ৰকেটেৰে আক্ৰমণ কৰা বুলি উল্লেখ কৰা হৈছে। তাৰ লগতে কোৱা হৈছে যে ৰাছিয়াই আক্ৰমণ কৰিছে আমেৰিকাক। আমি এই সম্পৰ্কে প্ৰাসংগিক কী-ৱৰ্ড চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

দ্য ক্ৰেডলত প্ৰকাশিত বাতৰি অনুসৰি যোৱা বুধবাৰে ইৰাকৰ আইন আল আছাদ বেছত থকা আমেৰিকান সেনা শিবিৰৰ ওপৰত হোৱা ড্ৰ'ন আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে ইৰাকী প্ৰতিৰোধ দল কাটাইব হিজবুল্লাহে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

এই সম্পৰ্কে আৰু প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

কাটাইব হিজবুল্লাহ হ'ল ইৰাণৰ সমৰ্থিত পপুলাৰ ম'বিলাইজেশ্বন ফ'ৰ্চেচৰ অংশস্বৰূপ এটা উগ্ৰ ইৰাকী শ্বিয়া অৰ্ধসামৰিক গোট।

আনহাতে হিজবুল্লাহ‌ হ'ল লেবাননৰ এক ৰাজনৈতিক দল আৰু উগ্ৰপন্থী গোট যিটোৱে ১৯৮২ চনত ইজৰাইলে সেই দেশখন আক্ৰমণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে লেবাননৰ গৃহযুদ্ধৰ সময়ত মিলিচীয়া হিচাপে আত্মপ্ৰকাশ কৰিছিল।

গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে কাটাইব হিজবুল্লাহ আৰু হিজবুল্লাহ দুটা বেলেগ বেলেগ সংগঠন। ইৰাকত থকা আমেৰিকান সেনা শিবিৰৰ ওপৰত আক্ৰমণ কাটাইব হিজবুল্লাহে কৰিছিল, হিজবুল্লাহে নহয়।

এইবাৰ আমি ভিডিঅ'টোত উল্লেখ কৰা ধৰণে ৰাছিয়াই আমেৰিকাৰ ওপৰত আক্ৰমণ কৰিছে নেকি সেই সম্পৰ্কে প্ৰতিবেদন বিচাৰিলোঁ। কিন্তু তেনেধৰণৰ কোনো প্ৰতিবেদন আমি নাপালোঁ।

উল্লেখযোগ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা যুদ্ধৰ কাৰণ মধ্য প্ৰাচ্যত আমেৰিকাৰ নীতিৰ বিফলতা বুলি অভিহিত কৰিছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোত দাবী কৰা ধৰণে ৰাছিয়াই আমেৰিকাৰ ওপৰত আক্ৰমণ কৰা নাই। তদুপৰি আমেৰিকাৰ সেনা শিবিৰৰ ওপৰত হিজবুল্লাহে নহয় বৰং কাটাইব হিজবুল্লাহেহে আক্ৰমণ কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈয়ে ৰাছিয়াই আমেৰিকাক আক্ৰমণ কৰিছে নেকি?

Written By: Debanjana Baishya

Result: False