ৰাম মন্দিৰ উদ্বোধনৰ দিন ওচৰ চাপি অহাৰ লগে লগে চ'চিয়েল মেডিয়াত এই সম্পৰ্কে বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ৫০০ টকীয়া নোটত লালকিল্লাৰ পৰিৱৰ্তে এতিয়া ৰাম মন্দিৰৰ ফটো থাকিব বুলি এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে।

এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত কীৱ'ৰ্ড চাৰ্চ কৰি এই সম্পৰ্কে তথ্য বিচাৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু আমি তেনে কোনো তথ্য নাপালোঁ।

আমি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অফিচিয়েল এক্সত (পূৰ্বৰ টুইটাৰ) আৰু ৱেবছাইটত এই সম্পৰ্কে তথ্য বিচাৰিলোঁ যদিও তাত ৫০০ টকীয়া নোটত ৰাম মন্দিৰৰ ফটো থাকিব বুলি কোনো তথ্য আমি নাপালোঁ।

এইবাৰ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অফিচিয়েল এক্সত (পূৰ্বৰ টুইটাৰ) এই সম্পৰ্কে টুইট বিচাৰিলোঁ, কিন্তু তেনে কোনো টুইট আমি নাপালোঁ।

তদুপৰি আমি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অফিচিয়েল ৱেবছাইটত ৫০০ টকীয়া নোট সম্পৰ্কে তথ্য বিচাৰিলোঁ আৰু তেতিয়া তেতিয়া দেখিলোঁ যে ৱেবছাইটত নমুনা হিচাপে থকা ৫০০টকীয়া নোটৰ সমুখৰফালে মহাত্মা গান্ধীৰ ছবি আৰু পিছফালে এতিয়াও লালকিল্লাৰ ছবিয়েই আছে। ভাইৰেল পোষ্টটোত দাবী কৰাৰ নিচিনাকৈ তাত ৰাম মন্দিৰৰ ফটো নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাৰত চৰকাৰে ৫০০ টকীয়া নোটত লালকিল্লাৰ পৰিৱৰ্তে ৰাম মন্দিৰৰ ফটো থাকিব বুলি কোনো ঘোষণা বৰ্তমানলৈকে কৰা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:৫০০ টকীয়া নোটত সঁচাকৈয়ে লালকিল্লাৰ পৰিৱৰ্তে এতিয়া ৰাম মন্দিৰৰ ফটো থাকিব নেকি?

Written By: FactCrescendo Assamese

Result: False