দীপাৱলী সমাগত। এনে সময়তে চ'চিয়েল মেডিয়াত এটা বিশেষ বাৰ্তা বহুলভাৱে শ্বেয়াৰ হোৱা দেখা গৈছে। বাৰ্তাটো এনেধৰণৰ - "চোৰাংচোৱা তথ্য অনুসৰি যিহেতু পাকিস্তানে ভাৰতক পোনপটীয়াকৈ আক্ৰমণ কৰিব নোৱাৰে, সেয়েহে চীন দেশক ভাৰতৰ ওপৰত প্ৰতিশোধৰ দাবী জনাইছে। ভাৰতত হাঁপানী বিয়পাবলৈ চীনে কাৰ্বন মনোক্সাইড গেছ প্ৰয়োগ কৰি বিশেষ ধৰণৰ বিষাক্ত ফটকা সাজি উলিয়াইছে । ইয়াৰ উপৰিও ভাৰতত চকুৰ ৰোগৰ বিকাশৰ বাবে বিশেষ পোহৰৰ সজ্জামূলক লাইট নিৰ্মাণ কৰিছে , যত প্ৰচুৰ পৰিমাণে পাৰা ব্যৱহাৰ কৰা হৈছে । অনুগ্ৰহ কৰি দীপাৱলীত সচেতন হওঁক আৰু এই চীনা সামগ্ৰী ব্যৱহাৰ নকৰিব। এই বাৰ্তা সকলো ভাৰতীয়লৈ বিয়পাই দিয়ক।

জয় হিন্দ

বিশ্বজিৎ মুখাৰ্জী,

ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ তদন্তকাৰী বিষয়া, (CG)"

ফেচবুক আৰু হোৱাটচ‌এপযোগে এই বাৰ্তাটো বহুতো ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা দেখা গৈছে।

Facebook Link | Archived Link

এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত আৰু ইয়াতো চাব পাৰিব।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে বাৰ্তাটো আগতেও বহুবাৰ ভাইৰেল হৈছে।

আমি ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইটত তেনে কোনো বাৰ্তা দেখা নাপালোঁ। তদুপৰি মন্ত্ৰালয়ৰ চ'চিয়েল মেডিয়া হেণ্ডলসমূহতো (ফেচবুক, টুইটাৰ, ইউটিউব) তেনে কোনো বাৰ্তা দেখা পোৱা নগ'ল।

এই সম্পৰ্কে পি আই বিৰদ্বাৰা ২০২১ চনৰ অক্টোবৰ মাহৰ ১৮ তাৰিখে কৰা এটা টুইট আমি পালোঁ য'ত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে ভাইৰেল দাবীটো ভুৱা।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা চীনত নিৰ্মিত বিষাক্ত ফটকা সম্পৰ্কে কোনো সতৰ্কবাণী দিয়া হোৱা নাই। এই বাৰ্তাটো বহু বছৰৰ পৰা দীপাৱলীৰ প্ৰাকক্ষণত ভাইৰেল হৈ আহিছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:চীনত নিৰ্মিত বিষাক্ত ফটকা সম্পৰ্কে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা সতৰ্কবাণী দিয়া হৈছে নেকি?

Written By: Debanjana Baishya

Result: False