
ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে । ফটোখনত এটা মুদ্ৰা দেখা গৈছে আৰু লগত কেপচন দিয়া হৈছে যে এইয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই শেহতীয়াকৈ প্ৰচলন কৰা নতুন এহেজাৰ টকীয়া মুদ্ৰা ।
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সঁচাকৈ নতুন এহেজাৰ টকীয়া মুদ্ৰাৰ প্ৰচলন কৰিছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি বাতৰিটোৰ লগত সম্পৰ্ক থকা কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ আৰু পালোঁ যে আচলতে এই মুদ্ৰাটো সোঁৱৰণীমূলক হয় আৰু সোঁৱৰণীমূলক মুদ্ৰাবোৰ কোনো বিশেষ ব্যক্তি বা বুৰঞ্জী প্ৰসিদ্ধ দিন উদযাপন কৰিবলৈ উন্মোচন কৰা হয় । এনে মুদ্ৰাৰ বিধিগত লেনদেনত কোনো গ্ৰহণযোগ্যতা নাই ।
আমি অনুসন্ধান কৰি আৰু পালোঁ যে এই বিষয়ে ৰাষ্ট্ৰীয় নিউজ পেপাৰ টাইমছ অফ ইণ্ডিয়াত ২২ জুলাই, ২০১২ তাৰিখে এটা নিউজ ওলাইছিল য’ত লিখা হৈছে যে এই এহেজাৰ টকীয়া মুদ্ৰাটো বৃহদিস্বৰ মন্দিৰৰ (ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত, তামিল নাডুত অৱস্থিত) এহেজাৰ বছৰীয়া জয়ন্তী উপলক্ষে ২০১২ চনত মুদ্ৰণ কৰিছিল ।

ফলাফল
মিছা । ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কোনো নতুন এহেজাৰ টকীয়া মুদ্ৰাৰ প্ৰচলন কৰা নাই । ভাইৰেল হোৱা ফটোখনত দেখা পোৱা এহেজাৰ টকীয়া মুদ্ৰাটো পুৰণা আৰু সোঁৱৰণীমূলক হয় আৰু ইয়াৰ বিধিগত লেনদেনত কোনো গ্ৰহণযোগ্যতা নাই । নতুন এহেজাৰ টকীয়া মুদ্ৰাৰ ফটো বুলি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Title:দেশত নতুন এহেজাৰ টকীয়া মুদ্ৰাৰ প্ৰচলন কৰা হৈছে নেকি?
Fact Check By: Manjori BorkotokyResult: False