(Thumbnail image source: https://mahabahu.com/naga-insurgency-a-brief-history/ )

অতি শেহতীয়াকৈ অসমৰ তিনিচুকীয়া জিলাত চাৰিজন যুৱকক নগা উগ্ৰপন্থী সংগঠনত যোগদান কৰাত বাধা দিয়ে ভাৰতীয় সেনাই। ফলত এনএছচিএন(আইএম)ৰ নিযুক্তিৰ এক পদক্ষেপ ব্যৰ্থ হয়। আনহাতে একেখন জিলাতে এক সুকীয়া অভিযানত অসম আৰক্ষীৰ সৈতে মিলি এটা বৃহৎ ধন দাবী চক্ৰ সফলভাৱে উত্খাত কৰে। যোৱা দেওবাৰে এগৰাকী প্ৰতিৰক্ষা বিষয়াই এই কথা জনায়।

সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অমিত শুক্লাই কয় যে চাৰিজন যুৱকে এনএছচিএন(আইএম)ৰ এজন কেডাৰৰ সংস্পৰ্শলৈ আহিছিল, যিয়ে তেওঁলোকক প্ৰলোভিত কৰি তেওঁলোকৰ সংগঠনত যোগদান কৰোৱাব বিচাৰিছিল। তেওঁ কয় যে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত সেনাই যুৱককেইজন আৰু কেডাৰ উভয়ৰে কাম-কাজ অহৰহ নিৰীক্ষণ কৰি আছিল। "শুকুৰবাৰে যেতিয়া যুৱককেইজনে নিৰ্দেশ অনুযায়ী নিউ তিনিচুকীয়া ৰে'ল ষ্টেচনৰ পৰা ডিমাপুৰ অভিমুখী ৰে'লত উঠিবলৈ ওলাইছিল, তেতিয়াই অসম আৰক্ষীৰ সৈতে ভাৰতীয় সেনাৰ জোৱানসকলে ৰে'ল ষ্টেচনত বিচক্ষণতাৰে অনুসন্ধানৰ এক নেটৱৰ্ক স্থাপন কৰিছিল। সেই প্ৰচেষ্টাত চাৰিওজন যুৱকক আটক কৰা হৈছিল।"’-লেফটেনেণ্ট কৰ্ণেল শুক্লাই কয়।

তেওঁ কয় যে শেহতীয়া তথ্য অনুসৰি যুৱক-যুৱতীসকলক আৰক্ষী কৰ্তৃপক্ষই সতৰ্কবাণী দি তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিছে। মুখপাত্ৰগৰাকীয়ে কয় যে সেনাবাহিনীৰ এই সফল নিখুঁত তথ্যভিত্তিক অভিযানে উজনি অসমৰ বিপথে পৰিচালিত যুৱক-যুৱতীসকলক বিদ্ৰোহীৰ জালত পৰাত বাধা দিয়াই নহয়, অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ এই অবৈধ সন্ত্ৰাসবাদী নিযুক্তিৰ ভয়ংকৰ নেটৱৰ্কটোও উদঙাই দিছে।

আন এক অভিযানত সেনা আৰু অসম আৰক্ষীয়ে তিনিচুকীয়াত এনএছচিএন(আইএম)ৰ এটা বৃহৎ ধন দাবী চক্ৰ ভাঙি পেলোৱাৰ লগতে ধন দাবীৰে সংগ্ৰহ কৰা ধন নগা বিদ্ৰোহীলৈ প্ৰেৰণৰ লগত জড়িত পাঁচজন গুৰুত্বপূৰ্ণ লিংকমেনক আটক কৰে।

লেফটেনেণ্ট কৰ্ণেল শুক্লাই জনোৱা মতে, এনএছচিএন(আইএম) কেডাৰৰ পৰা ১০ লাখ টকাৰ ধন দাবীৰ ভাবুকি পোৱা এজন এজন চাহ বাগিচাৰ মালিকৰ ওপৰত চোৰাংচোৱাগিৰি কৰা হৈছিল। প্ৰথমজন অভাৰ গ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ ফলত আৰু চাৰিজন সংযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়, যাৰ ফলত সমগ্ৰ ধন দাবীৰ শৃংখলটো বিঘ্নিত হয় বুলিও তেওঁ কয়।

সন্মিলিত এই প্ৰচেষ্টাই পূব (উজনি) অসমত এনএছচিএন(আইএম)ৰ ধন দাবীৰ কাম-কাজত যথেষ্ট আঘাত হানিছে, স্থানীয় জনসাধাৰণৰ বাবে এক সুৰক্ষিত পৰিৱেশ সুনিশ্চিত কৰিছে বুলিও তেওঁ লগতে কয়।

সেই বাতৰি আপোনালোকে ইয়াত পঢ়িবলৈ পাব।

এই বাতৰিৰ আঁত ধৰি আমি অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বিদ্ৰোহী সমস্যা আৰু বৰ্তমানৰ এই পৰিস্থিতি সন্দৰ্ভত কিছু অধ্যয়ন কৰিছিলোঁ। বিভিন্ন উত্সৰ পৰা লাভ কৰি তথ্যৰ ভিত্তিত আমি এই লেখা প্ৰস্তুত কৰিছোঁ। আহকচোন চাওঁ নাগালেণ্ডৰ প্ৰাক-স্বাধীনতা যুগৰ পৰা আজিলৈ চলি থকা এই সমস্যাটোৰ শিপা আৰু বৰ্তমানৰ স্থিতি নো কি!

নগানো কোন?

নগাসকল হৈছে এটা ভাৰতীয়-মংগোলীয় জনগোষ্ঠীয় সম্প্ৰদায়। নাগালেণ্ড আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বাস কৰা এক পাহাৰীয়া জনগোষ্ঠীয় সমাজ। 'নগা' শব্দটোৱে কেৱল মাত্ৰ এটা জনগোষ্ঠীক নুবুজায়। বৰঞ্চ বিভিন্ন জনগোষ্ঠীৰ এটা সামুহিক গোটক বুজায়।

বিদ্ৰোহৰ সংজ্ঞাঃ

বিদ্ৰোহ বুলিলে আমি এনেকুৱা এক দীৰ্ঘদিনীয়া সংগ্ৰামক বুজিব লাগিব, যিটো কোনো নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ পদ্ধতিগতভাৱে চলোৱা হয় আৰু যাৰ পৰিণতিত স্থিতাৱস্থাক আঁতৰাই পেলোৱা হয়। ভাষা, ধৰ্ম অথবা জাতিগত পাৰ্থক্যৰ বাবেই প্ৰায়ে ইয়াৰ আশ্ৰয় লোৱা হয়।

নগা আন্দোলনৰ সময়ভিত্তিক সবিশেষঃ

স্বাধীনতাৰ আগৰ পৰ্যায়:

১৮৮১ চনত ব্ৰিটিছে নগা পাহাৰক ব্ৰিটিছ ভাৰতত একত্ৰিত কৰে।

১৯১৮ চনত বিভিন্ন নগা জনগোষ্ঠীক একত্ৰিত কৰিবলৈ নাগা ক্লাব(NAGA CLUB) গঠন কৰা হয়।

নগা ক্লাবে ১৯২৯ চনৰ পৰা নগা স্বায়ত্তশাসনৰ পোষকতা কৰিবলৈ আৰম্ভ কৰিছিল আৰু ১৯২৯ চনত ছাইমন কমিচনৰ ওচৰত নগা ভূখণ্ডক বৃহত্তৰ ভাৰতীয় ভূখণ্ডৰ সৈতে একত্ৰিত নকৰিবলৈ এখন আবেদন দাখিল কৰিছিল।

১৯৪৬ চনত নগা ক্লাব ৰূপান্তৰিত হয় নগা ৰাষ্ট্ৰীয় পৰিষদ (NNC)লৈ । আংগামী জাপু ফিজোৰ নেতৃত্বত এন এন চিয়ে ১৯৪৭ চনৰ ১৪ আগষ্টত নাগালেণ্ডক স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰে আৰু ১৯৫১ চনৰ মে’ মাহত গণভোট অনুষ্ঠিত কৰি “সাৰ্বভৌম নাগালেণ্ড”ৰ সমৰ্থন লাভ কৰে।

১৯৪৭ চনৰ জুন মাহত অসমৰ ৰাজ্যপাল ছাৰ আকবৰ হাইদাৰী আৰু এন এন চিৰ ম’ডাৰেটসকলে ন দফীয়া এক চুক্তিত স্বাক্ষৰ কৰে। অৱশ্যে ফিজোৱে এই চুক্তিখন সম্পূৰ্ণৰূপে নাকচ কৰিছিল।

স্বাধীনতাৰ পিছৰ পৰ্যায়:

১৯৫২ চনৰ মাৰ্চ মাহত ফিজোৱে নাগা ফেডাৰেল চৰকাৰ (NFG) আৰু নাগা ফেডাৰেল আৰ্মী প্ৰতিষ্ঠা কৰে।

১৯৫৮ চনত ভাৰত চৰকাৰে বিদ্ৰোহ দমন কৰিবলৈ সেনাবাহিনী নিয়োগ কৰি সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন প্ৰণয়ন কৰে।

১৯৬০ চনৰ জুলাই মাহত ভাৰত চৰকাৰে নাগা পিপলছ কনভেনচন (এটা মধ্যপন্থী দল)ৰ সৈতে ১৬ দফীয়া চুক্তিত স্বাক্ষৰ কৰে আৰু ইয়াৰ ফলতে ১৯৬৩ চনৰ ডিচেম্বৰ মাহত নাগালেণ্ডৰ সৃষ্টি হয়।

১৯৬৪ চনৰ এপ্ৰিল মাহত এন এন চিৰ সৈতে কাৰ্য্যকলাপ স্থগিত ৰখাৰ চুক্তিৰ বাবে এটা শান্তি অভিযান গঠন কৰা হয়। কিন্তু ছয়লানি আলোচনাৰ অন্তত ১৯৬৭ চনত এই অভিযান পৰিত্যাগ কৰা হয়।

১৯৭৫ চনত শ্বিলং চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ অধীনত এনএনচি আৰু এনএফজিৰ এটা অংশই নিজৰ অস্ত্ৰ-শস্ত্ৰ সমৰ্পণ কৰিবলৈ সন্মত হয়। সেই সময়ত চীনত থকা থুইংগালেং মুইভাৰ নেতৃত্বত ১৪০ জনীয়া এটা দলে শ্বিলং চুক্তি নাকচ কৰি ১৯৮০ চনত এন এছ চি এন(NSCN) স্থাপন কৰে। ১৯৮৮ চনত এই সংগঠনটো বিভাজিত হোৱাৰ ফলত দুটা ফৈদ গঠন হয় – এটা ফৈদৰ নেতৃত্বত থাকে ইশ্বাক ছিচিশ্বু আৰু মুইভা

আৰু আন এটা ফৈদৰ নেতৃত্ব লয় ম্যানমাৰস্থিত এছ.এছ. খাপলাঙে

১৯৯৭ চনত নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডে (ইছাক-মুইভা গোট) (NSCN-IM) ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰে।

শেহতীয়া স্থিতি:

২০১৫ চনত নাগালেণ্ডৰ বিদ্ৰোহৰ অন্ত পেলাবলৈ ভাৰত চৰকাৰ আৰু নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ মাজত এখন পৰিকাঠামো চুক্তি স্বাক্ষৰিত হয়, যাক নাগালেণ্ড শান্তি চুক্তি বুলিও কোৱা হয়।

২০১৭ চনত নাগা নেশ্যনেল পলিটিকেল গ্ৰুপছ (এনএনপিজি)ৰ সৈতে সমাধানৰ বাবে এক ৰাজনৈতিক পৰিমাপ নিৰ্নীত হয়।

ভাৰত চৰকাৰে শান্তি চুক্তি সম্পাদনৰ সময়সীমা ২০১৯ চনৰ ৩১ অক্টোবৰৰ ভিতৰত নিৰ্ধাৰণ কৰাৰ পাছতো ভাৰত চৰকাৰ আৰু এনএছচিএন(আই এম)ৰ মাজত হোৱা শান্তি আলোচনাৰ ফলস্বৰূপে এতিয়াও শান্তি চুক্তি স্বাক্ষৰিত হোৱা নাই। ২০২৩ চনৰ এপ্ৰিলত মধ্যস্থতাকাৰী এ.কে. মিশ্ৰ আৰু মুইভাৰ নেতৃত্বত এনএছচিএনৰ এটা গোটৰ সৈতে এই সম্পৰ্কত শেহতীয়া আলোচনা ডিমাপুৰত হৈছিল যদিও এই আলোচনাই এক অচলাৱস্থাত স্থিতি লোৱা যেন লাগে।

নগা বিদ্ৰোহৰ সৈতে জড়িত উদ্বেগ

স্থায়ী সমাধান বিচাৰি উলিওৱাত অসুবিধা:

উপ-জাতীয়তাবাদ, আঞ্চলিক ভূ-ৰাজনীতি, আৰু বিকাশশীল বিদ্ৰোহ বিৰোধী কৌশলৰ দ্বাৰা প্ৰভাৱিত নগা বিদ্ৰোহে এতিয়াও স্থায়ী সমাধান বিচাৰি পোৱা নাই।

ভাৰত চৰকাৰে ২০১৯ চনৰ ভিতৰত ইয়াক সমাপ্ত কৰাৰ প্ৰচেষ্টা চলোৱাৰ পিছতো বহু প্ৰত্যাশিত শান্তি চুক্তি এতিয়াও হোৱা নাই।

নগা বিদ্ৰোহ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক প্ৰভাৱৰ সৈতে এক বহুমুখী সমস্যালৈ পৰিণত হৈছে।

সাধাৰণ জনতাৰ ওপৰত প্ৰভাৱ:

নগা বিদ্ৰোহৰ ফলত হিংসাত্মক বিভাজন, জনজাতীয়তাবাদ, আভ্যন্তৰীণ সংঘাত, সাধাৰণ জনতাৰ বাবে অপৰিসীম দুখ-কষ্ট আদিৰ জন্ম হৈছে।

আইন আৰু শৃংখলা:

ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি এটা ডাঙৰ চিন্তাৰ বিষয়, সশস্ত্ৰ গোটসমূহে জাতিটোৰ সাৰ্বভৌমত্ব আৰু সততাক প্ৰত্যাহ্বান জনাইছে আৰু যথেষ্ট প্ৰভাৱ পেলাইছে।

ধন দাবীৰ সংস্কৃতি:

ধন দাবী আৰু উন্নয়নমূলক কামৰ বাবে নিৰ্ধাৰিত ধন অন্য দিশলৈ লৈ যোৱা কামত জড়িত হৈ আছে সশস্ত্ৰ সংগঠন। সশস্ত্ৰ সংগঠনৰ এই অবৈধ ধন সংগ্ৰহ এক দীৰ্ঘদিনীয়া সমস্যা হৈ পৰিছে। আনকি বহুসময়ত ব্যৱসায়িক প্ৰতিস্থানসমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰাৰ খবৰো আছে।

এই সংগঠিত সশস্ত্ৰ গোটসমূহে সমান্তৰালকৈ নিজা ‘কৰ সংগ্ৰহ’ ব্যৱস্থা চলায়। কৰৰ আৱৰণত ধন দাবী কৰাটো নগা সমস্যাৰ এক বিতৰ্কিত দিশ হৈ আহিছে।

বাহ্যিক সমৰ্থন:

চীন আৰু পাকিস্তানকে ধৰি ভাৰতৰ বিৰোধীয়ে এটা সময়ত নগা বিদ্ৰোহীসকলক অতি গুৰুত্বপূৰ্ণ বাহ্যিক সহায় আগবঢ়াই আহিছে। এই বহিঃসাহায্যই ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি আৰু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। আমি নাগালেণ্ডৰ এই সমস্যাৰ ইতি-বৃত্তান্ত চালেই এই কথা অনুধাৱন কৰিব পাৰোঁ।

এক শান্তিপূৰ্ণ নিষ্পত্তিৰ ক্ষেত্ৰত থকা বাধাসমূহ:

ভাৰতৰ বাবে আলোচনাযোগ্য নোহোৱা দিশসমূহ:

নগা সাৰ্বভৌমত্বক স্বীকৃতি দিয়া, সকলো নাগাভাষী অঞ্চলক বৃহত্তৰ নাগালেণ্ড ঘোষণা, সুকীয়া সংবিধান, সুকীয়া পতাকাত একত্ৰিত কৰা আদি দাবী পূৰণ কৰাটো ভাৰত চৰকাৰে প্ৰত্যাহ্বানজনক বুলি বিবেচনা কৰিব পাৰে।

ভাৰত চৰকাৰ ভাৰতীয় সংবিধানৰ পৰিকাঠামোৰ ভিতৰত আঞ্চলিক স্বায়ত্তশাসন প্ৰদান কৰিবলৈ সাজু।

পৃথক নগা জাতীয় পতাকা আৰু নগা য়েজহাবো (সংবিধান)ৰ বিষয়ত এনএছচিএন(আইএম)ৰ অনমনীয়তাৰ বাবে শান্তি প্ৰক্ৰিয়াৰ নিষ্পত্তি পলম হৈছে।

নগা গোটৰ মাজত আভ্যন্তৰীণ বিভাজনঃ

নগা সমাজত হোৱা আভ্যন্তৰীণ বিভাজনে সম্ভাৱনাময় চূড়ান্ত চুক্তিত বিলম্ব ঘটাব পাৰে। এনএনপিজি সমূহে নাগালেণ্ডৰ ভিতৰত নগাসকলৰ বাবে সমাধানৰ দাবী উত্থাপন কৰাৰ বিপৰীতে এনএছচিএন(আই এম)য়ে নাগালেণ্ডৰ ভৌগোলিক সীমাৰ বাহিৰত নগা বসতিপ্ৰধান অঞ্চলসমূহৰ একত্ৰীকৰণো বিচাৰিছে।

তদুপৰি অন্য নগা গোট যেনে এন এন পি জি আদিয়ে ইতিমধ্যেই এন এছ চি এন (আই এম)ৰ সৈতেই হওক বা অবিহনেই হওক এক নিষ্পত্তিৰ প্ৰতিশ্ৰুতি দিছে। যদিও দুয়োপক্ষই এবাৰ আলোচনা কৰিছিল, কিন্তু সমাধান একো ওলোৱা নাই এতিয়ালৈকে।

অনাস্থা:

এনএছচিএন(আই এম) নগাসকলৰ একমাত্ৰ প্ৰতিনিধি হ’ব নোৱাৰে বুলি স্বীকাৰ কৰি ২০১৭ চনত অন্য আণ্ডাৰগ্ৰাউণ্ড নগা ফৈদকো আলোচনাৰ মেজলৈ আমন্ত্ৰণ জনোৱা হৈছিল, যাৰ ফলত এনএছচিএন (আই এম)ৰ প্ৰতিপত্তি হ্ৰাস পাইছিল।

বৰ্তমান ইয়াৰে ৭টা ফৈদে মাতৃ সংগঠন নগা ৰাষ্ট্ৰীয় ৰাজনৈতিক গোট (এন এন পি জি)ৰ অধীনত আলোচনাত অংশগ্ৰহণ কৰি আছে।

যদিও কেন্দ্ৰীয় চৰকাৰৰ অন্য নগা সশস্ত্ৰ সংগঠনক শান্তি আলোচনাত জড়িত কৰাৰ পদক্ষেপ সু-উদ্দেশ্যপূৰ্ণ আছিল, তথাপিও ইয়াৰ ফলত জনজাতীয় আৰু ভূ-ৰাজনৈতিক দিশেৰে নগাসকলৰ মাজত হোৱা বিভাজনৰ সৃষ্টি কৰি দিল্লীয়ে সন্দেহৰ সৃষ্টি কৰিছিল।

জল্পনা-কল্পনা:

পৰিকাঠামো চুক্তিত উল্লেখ কৰা অনুসৰি দুটা পৃথক পৰিচয় হিচাপে সহ-অস্তিত্বৰ বাবে কেন্দ্ৰীয় চৰকাৰে “ভাগ-বতৰাৰ সাৰ্বভৌমত্ব”ৰ নীতিৰ ক্ষেত্ৰত পিছুৱাই যাব পাৰে বুলি নগা সমাজৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ৩৭০ অনুচ্ছেদ বাতিল আৰু “এক দেশ, এক সংবিধান”ৰ আহ্বানৰ দৰে কেন্দ্ৰৰ ৰাষ্ট্ৰীয়তাবাদী নীতিয়ে ইয়াত ইন্ধন যোগাইছে।

চুবুৰীয়া ৰাজ্যৰ পৰা বিৰোধিতা:

এনএছচিএন(আইএম)ৰ বৃহত্তৰ নাগালেণ্ড বা নাগালিমৰ দাবীত উত্তৰ-পূবত ৰাজ্যৰ সীমা পুনৰ অংকন হ’ব পাৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, আৰু মণিপুৰৰ ভূখণ্ডৰ অখণ্ডতা প্ৰভাৱিত হ’ব পাৰে, আৰু সেয়েহে তেওঁলোকে শান্তি নিষ্পত্তিৰ বাবে আশংকা কৰিছে। মণিপুৰে নিজৰ ভূখণ্ডৰ অখণ্ডতাৰ লগত আপোচ কৰিব পৰা যিকোনো পদক্ষেপৰ বিৰুদ্ধে কঠোৰ বিবৃতি প্ৰকাশ কৰিছে।

‘বৃহত্তৰ নাগালেণ্ড’ বা ‘নাগালিম’ত বৰ্তমানৰ নাগালেণ্ড ৰাজ্যৰ উপৰিও চুবুৰীয়া অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ, আৰু ম্যানমাৰৰ কিছু অংশৰ নগা প্ৰধান অঞ্চলসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। এইক্ষেত্ৰত এই ৰাজ্যসমূহৰ বিৰোধিতা থকাটো স্বাভাৱিক

শেহতীয়া সমস্যা:

শেহতীয়াকৈ ৰাজ্যপালে ধন দাবীৰ সংস্কৃতি আৰু নাগালেণ্ডৰ অৱনতি ঘটা আইন-শৃংখলাৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰ এনএছচিএন(আইএম) আৰু চৰকাৰৰ মাজত বিতৰ্কৰ এক শেহতীয়া কাৰণ হৈ পৰিছে

ইয়াৰ উত্তৰত এনএছচিএন(আইএম)এ কেৱল কৰ সংগ্ৰহ কৰা বুলি উল্লেখ কৰি আলোচকজনক পৰৱৰ্তী আলোচনাৰ পৰা আঁতৰাই দিয়াৰ দাবী জনায়।

নগা সমস্যা সমাধান: আগুৱাই যোৱাৰ পথ

শান্তি চুক্তিৰ সম্ভাৱনাক স্বীকৃতি দিয়াটো প্ৰয়োজনীয় । দীৰ্ঘদিনীয়া নগা সমস্যাৰ সমাধান বিচাৰি উলিওৱাটোৱে নগা আৰু কেন্দ্ৰ উভয়কে উপকৃত কৰে। ই ভাৰতক দশক দশক পুৰণি নিৰাপত্তাজনিত চিন্তাক মোকাবিলা কৰাত সহায় কৰিব, একে সময়তে নগাৰ সুবিধাৰ্থে অঞ্চলটোলৈ অতি প্ৰয়োজনীয় শ্ৰীবৃদ্ধি আৰু উন্নয়ন আনিব।

শান্তিপূৰ্ণ সমাধানৰ পাছত ৰাজনৈতিক আৰু গণতান্ত্ৰিকভাৱে অমীমাংসিত বিতৰ্কিত বিষয়সমূহ আন্তৰিকতাৰে আগবঢ়াই নিয়াটো অতি গুৰুত্বপূৰ্ণ। তদুপৰি সকলো অংশীদাৰকে এই প্ৰক্ৰিয়াত জড়িত কৰা উচিত। কেন্দ্ৰই নগা বিদ্ৰোহীৰ সকলো ফৈদ আৰু গোটৰ সৈতে আলোচনা কৰি চিৰস্থায়ী শান্তি অৰ্জন কৰা উচিত। লগতে বৰ্তমানৰ অচলাৱস্থা ভাঙি আলোচনাৰ অধোগতি ৰোধ কৰাৰ বাবে দুয়োটা পক্ষই চেষ্টা কৰিব লাগে। দুয়োটা পক্ষই স্বীকাৰ কৰা উচিত যে বিশ্বজুৰি বেছিভাগ সশস্ত্ৰ বিদ্ৰোহ সম্পূৰ্ণ জয় বা ব্যাপক পৰাজয়ৰ সৈতে শেষ নহয়, বৰঞ্চ শেষ হয় আপোচতহে।

ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে ভাৰত চৰকাৰৰ সৈতে হোৱা আলোচনাত নগাসকল ব্যৱহাৰিক আৰু বাস্তৱসন্মত হোৱাটো প্ৰয়োজন। ভাৰতীয় সংবিধানৰ ভিতৰত আঞ্চলিক স্বায়ত্তশাসনৰ পৰিসৰ আছে। দুটা পৃথক পৰিচয় হিচাপে সহ-অস্তিত্বৰ বাবে “ভাগ-বতৰাৰ সাৰ্বভৌমত্ব”ৰ নীতিসমূহ ভাৰতীয় সংবিধানৰ পৰিকাঠামোৰ ভিতৰত সম্ভৱপৰ। অৱশ্যে বিচ্ছিন্নতাবাদ ইয়াৰ বিকল্প নহয়।

ভাৰত চৰকাৰে নগাৰ ইতিহাস আৰু পৰম্পৰাৰ স্বকীয়তাক সন্মান জনাই ভাৰতীয় সাংবিধানিক কাঠামোৰ ভিতৰত সম্পূৰ্ণ সাৰ্বভৌমত্বৰ পৰা বৃহত্তৰ স্বায়ত্তশাসিত অঞ্চললৈকে এনএছচিএন(আইএম)ৰ নিম্নস্তৰৰ দাবীসমূহো বিবেচনা কৰা উচিত। শান্তি চুক্তিখনে নগাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে। জনজাতীয় মুৰব্বীসকলক ক্ষমতাৰ সৰ্বোচ্চ বিকেন্দ্ৰীকৰণ প্ৰদান কৰিব লাগে । লগতে শীৰ্ষ পৰ্যায়ত নূন্যতম কেন্দ্ৰীকৰণ কৰিব লাগে। ইয়াৰ দ্বাৰা প্ৰধানতঃ শাসন ব্যৱস্থাৰ সুবিধা প্ৰদান কৰিব লাগে আৰু বৃহৎ উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰিব লাগে।

কিন্তু শান্তি সমাধানৰ ফলত অঞ্চলটোৰ অন্যান্য গোটৰ পৰা প্ৰতি-আন্দোলনৰ সম্ভাৱনা আছে বুলি বিবেচিত হ’লে সকলো অংশীদাৰৰ মতামতৰ লক্ষ্য ৰাখি এক সু-চিন্তিত চুক্তিৰ প্ৰয়োজন আছে।

আলোচনাত অংশগ্ৰহণ নকৰা ফৈদসমূহৰ ক্ষেত্ৰত:

ভাৰত চৰকাৰে বৃহৎ ফৈদৰ সৈতে আলোচনা অব্যাহত ৰখাৰ বিপৰীতে আলোচনাত অংশগ্ৰহণ নকৰা গোটৰ সৈতেও যোগাযোগ কৰিবলৈ সাজু হোৱা উচিত। ইয়াৰ লগত ম্যানমাৰ সেনাৰ সহযোগত ব্যাপক এলেকাৰ আধিপত্য, নেতৃত্ব আৰু আণ্ডাৰগ্ৰাউণ্ডৰ কৰ্মীসকলৰ সমৰ্থনৰ নেটৱৰ্কক চিনাক্ত কৰি চোৰাংচোৱাৰ ভিত্তিক এক লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে।

এই পন্থাই বিদ্ৰোহীসকলক আলোচনাৰ মেজলৈ আহিবলৈ বাধ্য কৰিব।

নাগালেণ্ড কেন্দ্ৰিক যুদ্ধবিৰতি:

বৰ্ধিত স্বায়ত্তশাসনৰ বিনিময়ত বৃহত্তৰ নাগালেণ্ডৰ দৰে দাবী স্থগিত ৰখাৰ বাবে এনএনপিজিৰ অধিকাংশ নেতাই নাগালেণ্ডত ভিত্তি হিচাপে ৰখাৰ ইচ্ছাই দাবীৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে। নাগালেণ্ডক কেন্দ্ৰ কৰি যুদ্ধবিৰতিয়েই এই সমস্যাৰ আটাইতকৈ কাৰ্য্যকৰী সমাধান যেন লাগে।

চুবুৰীয়া ৰাজ্যসমূহৰ নগা বসতিপ্ৰধান অঞ্চলসমূহক অধিক স্বায়ত্তশাসন প্ৰদান কৰিব পৰা যাব, য’ত এই অঞ্চলসমূহৰ বাবে তেওঁলোকৰ সংস্কৃতি আৰু উন্নয়নমূলক চিন্তাৰ ক্ষেত্ৰত পৃথক বাজেট আবণ্টন অন্তৰ্ভুক্ত হ’ব পাৰে।

এই পন্থাটোৱেই যেন নগা সমস্যাৰ আটাইতকৈ সম্ভাৱ্য সমাধান। অন্যথা আমি এই লেখাৰ আৰম্ভনীতে উল্লেখ কৰা ঘটনাটোৰ দৰে ঘটনা সময়ে সময়ে পোহৰলৈ আহি থাকিব পাৰে। কাৰণ ব্যপকতা থকা সমস্যা এটাৰ সমাধান নহ’লে বিক্ষিপ্ত ঘটনাৰ লগতে বিদ্ৰোহীৰ কাৰ্যকলাপো অব্যাহত থাকিব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:নগা সন্ত্ৰাসবাদ আৰু নাগালেণ্ডঃ প্ৰাক-স্বাধীনতা যুগৰ পৰা এতিয়ালৈ এক চমূ অৱলোকন।

Fact Check By: Pranjal Sharma

Result: Insight