১৯ এপ্ৰিলৰ পৰা ভাৰতত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰেপৰা বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। চ'ছিয়েল মিডিয়াতো নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে। এনে সময়তে অভিনেতা আমিৰ খান আৰু ৰনৱীৰ সিঙৰ দুটা ভিডিঅ' ভাইৰেল হৈ পৰিছে চ'ছিয়েল মিডিয়াত। ভিডিঅ' দুটাত আমিৰ খান আৰু ৰনৱীৰ সিঙে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে।

Archived Link

কিন্তু সঁচাকৈয়ে আমিৰ খান আৰু ৰনৱীৰ সিঙে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিছিলনে?

আমি প্ৰথমে আমিৰ খানৰ ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া "সত্যমেৱ জয়তে" ইউটিউব চেনেলত ২০১৬ চনৰ ৩০ আগষ্টত আপলোড হোৱা এটা ভিডিঅ' পালোঁ। সেই ভিডিঅ'টো ভাইৰেল ভিডিঅ'টোৰ সৈতে একে আছিল যদিও আমিৰ খানে সেই ভিডিঅ'টোত সত্যমেৱ জয়তে নামৰ অনুষ্ঠানটিৰ বিষয়েহে কৈছিল।

Archived Link

কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰা আমিৰ খানৰ এই ভাইৰেল ভিডিঅ'টো আছিল এটা "ডিপফেক"(Deepfake) ভিডিঅ' য'ত কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial intelligence) ব্যৱহাৰ কৰি আমিৰ খানৰ মূল ভিডিঅ'টোৰ অডিঅ' সলনি কৰা হৈছিল।

এই সম্পৰ্কে প্ৰতিবেদন ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ঠিক তেনেদৰে ৰণৱীৰ সিঙৰ ভাইৰেল ভিডিঅ'টোৰ অডিঅ' অংশ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সলনি কৰা হৈছিল। মূল ভিডিঅ'টো ইয়াত চাব পাৰিব।

এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ডিপফেক মানে কি?

ডিপফেক হৈছে কোনো সম্পাদিত ভিডিঅ', অডিঅ' অথবা ফটো, যিবোৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সৃষ্টি কৰা হয়। কৃত্ৰিম বুদ্ধিমত্তাৰে এজন ব্যক্তিৰ চেহেৰা বা কণ্ঠ আন এজনৰ লগত সলনি কৰা হয়, অথবা কোনো এজন ব্যক্তিৰ কণ্ঠস্বৰ কৃত্ৰিমভাৱে সৃষ্টি কৰি সেই ব্যক্তিজনে প্ৰকৃততে নকৰা কাম কৰা অথবা কোনো কথা কোৱা বুলি দেখুওৱা হয়। ডিপফেক মানে বাস্তৱ জীৱনত কোনো অস্তিত্ব নথকা কম্পিউটাৰৰ দ্বাৰা সৃষ্টি কৰা বিষয়বস্তুকো বুজোৱা হয়।

১৯ শতিকাত ফটো মেনিপুলেচনৰ বিকাশ ঘটিছিল আৰু অতি সোনকালেই চলচ্চিত্ৰত প্ৰয়োগ কৰা হৈছিল। ২০ শতিকাৰ সময়ছোৱাত প্ৰযুক্তিৰ উন্নতি ক্ৰমাগতভাৱে ঘটিছিল, আৰু ডিজিটেল ভিডিঅ’ৰ আবিৰ্ভাৱৰ লগে লগে অধিক দ্ৰুতগতিত বিকাশ হৈছিল।

ডিপফেক প্ৰযুক্তি ১৯৯০ চনৰ পৰা শৈক্ষিক প্ৰতিষ্ঠানৰ গৱেষকসকলে আৰম্ভ কৰিছিল আৰু পিছলৈ অনলাইন কমিউনিটিৰ অপেশাদাৰীসকলে বিকাশ কৰিছিল। শেহতীয়াকৈ উদ্যোগসমূহে এই পদ্ধতিসমূহ গ্ৰহণ কৰিছে।

আচলতে, ডিপফেক কন্টেন্টক প্ৰথমে ২০১৪ চনত চিন্থেটিক মিডিয়া বুলি কোৱা হৈছিল আৰু পিছলৈ ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে ২০১৭ চনত এজন Reddit ব্যৱহাৰকাৰীয়ে এনে ভিডিঅ'সমূহক ডিপফেক নাম দি প্ৰচলন কৰিছিল আৰু তেতিয়াৰ পৰাই এনে বিষয়বস্তুক ডিপফেক বুলি কোৱা হৈছিল।

পিছলৈ ডিপফেক পদ্ধতিৰ কিন্তু অপব্যৱহাৰ কৰাহে দেখা গৈছে। বহু ৰাজনীতিবিদ, অভিনয় শিল্পী তথা আন চেলিব্ৰিটী এই ডিপফেকৰ কবলত পৰিছে।

২০২৩ চনত অভিনেত্ৰী ৰশ্মিকা মন্দানাৰ এক ডিপফেক ভিডিঅ' ভাইৰেল হৈছিল। তেতিয়াৰে পৰা ডিপফেক সম্পৰ্কে চ'ছিয়েল মিডিয়াত আৰু বহুলভাৱে চৰ্চা হোৱা দেখা গৈছে।

ডিপফেক কিদৰে চিনাক্ত কৰিব?

সাধাৰণতে ডিপফেক ভিডিঅ' বা অডিঅ' প্ৰথম দৃষ্টিতে চিনাক্ত কৰা কিছু কঠিন। কিন্তু যদি ভিডিঅ' বা অডিঅ' ভালদৰে লক্ষ্য কৰা হয় তাত থকা বৈসাদৃশ্য কিছুমান আমি চিনাক্ত কৰিব পাৰোঁ। ডিপফেক ভিডিঅ'সমূহত লিপ চিংকৰ সমস্যা, অস্বাভাৱিক অভিব্যক্তি, কোনো বাক্যৰ মাজৰ অস্বাভাৱিক বিৰাম আদি সাধাৰণতে দেখা যায়। তদুপৰি কোনো ভিডিঅ', অডিঅ' অথবা ফটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে নেকি সেই বিষয়ে সঠিকভাৱে জানিবলৈ ইণ্টাৰনেটত বিভিন্ন এ আই কণ্টেণ্ট ডিটেকচন টুল উপলব্ধ। সেই টুল বা সাধনসমূহ ব্যৱহাৰ কৰি আমি ডিফপেকৰ চিনাক্ত কৰিব পাৰোঁ।

প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে ভুৱা তথ্যৰ পয়োভৰো বৃদ্ধি পোৱা দেখা গৈছে। কৃত্ৰিম বুদ্ধিমত্তা নৈতিকতাৰে ব্যৱহাৰ কৰাৰ অতি প্ৰয়োজন। নহ'লে এই কৃত্ৰিম বুদ্ধিমত্তা এদিন মানৱ জাতিৰ বাবে আশীৰ্বাদ নহৈ অভিশাপহে হৈ পৰিব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ডিপফেক কি আৰু কেনেকৈ চিনাক্ত কৰিব।

Fact Check By: Debanjana Baishya

Result: Insight