শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত অমিত শ্বাহে কোৱা শুনা যায়, “বিজেপি চৰকাৰ পুনৰ গঠন হ’লে আমি অসাংবিধানিক অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি(ST) আৰু অবিচিৰ (OBC) সংৰক্ষণ বাতিল কৰিম”।

Facebook Link | Archived Link

একেধৰণৰ পোষ্ট আমি ইয়াত আৰু ইয়াতো পালোঁ।

Archived Link

কিন্তু সঁচাকৈয়ে অমিত শ্বাহে তেনেকৈ কৈছিলনে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ইউটিউবত কীৱৰ্ড ছাৰ্চ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ। তেতিয়া টাইমছ নাও চেনেলত এটা ভিডিঅ’ পালোঁ যিটো ২০২৩ চনৰ ২৪ এপ্ৰিলত আপলোড কৰা হৈছিল।ভিডিঅ’টোৰ কেপচনত লিখা আছিল, “অমিত শ্বাহে ‘অসাংবিধানিক’ মুছলমান কোটা বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিছে তেলেংগানাত, ওৱাইছিয়ে উত্তৰ দি কয়...”।

ভিডিঅ’টোৰ ১:২৪ টাইমষ্টেম্পৰ পৰা ১:৫৫লৈকে ভাইৰেল ভাষণৰ সৈতে মিল থকা এটা বক্তব্য শুনা যায়। এই দৃশ্যাংশটোত অমিত শ্বাহে কোৱা শুনা যায়, “বিজেপি চৰকাৰ গঠন হ’লে আমি অসাংবিধানিক মুছলমান সংৰক্ষণ বাতিল কৰিম। তেলেংগানাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচি সম্প্ৰদায় এই সুবিধাৰ যোগ্য আৰু তেওঁলোকক মুছলমান সংৰক্ষণৰ অন্ত পেলাই সেই সুবিধা প্ৰদান কৰা হ’ব”।

ভিডিঅ’টোৰ বৰ্ণনা অনুসৰি, “তেলেংগানাত এখন সভাত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দলটোক ভোট দি ক্ষমতালৈ আনিলে ৰাজ্যখনত মুছলমান সংৰক্ষণ বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুছলমানৰ বাবে সংৰক্ষণক “অসাংবিধানিক” বুলি অভিহিত কৰি অমিত শ্বাহে কয় যে এই ব্যৱস্থা কেৱল অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অবিচিৰহে। তেওঁৰ এই মন্তব্যই শাসকীয় বি আৰ এছ আৰু এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিৰ তীক্ষ্ণ সমালোচনা পাইছিল ।”

আমি পুনৰ ছাৰ্চ কৰি V6 Newsনামৰ ইউটিউব চেনেল এটাত আন এটা ভিডিঅ' পালোঁ যিটো আপলোড কৰা হৈছিল ২০২৩ চনৰ ২৩ এপ্ৰিলত। ভিডিঅ'টোৰ কেপশ্বনত লিখা আছিল এইদৰে, "Union Minister Amit Shah Comments Muslim Reservation | V6 Weekend Teenmaar"। এই ভিডিঅ'টোৰ ২:৩৪ টাইমষ্টেম্পৰপৰা ৩:০২ লৈকে ভাইৰেল ভিডিঅ'টোৰ সৈতে একেই দৃশ্যাংশ দেখিবলৈ পোৱা গ'ল। তাতো অমিত শ্বাহে এইদৰে কোৱা শুনা গ'ল,"বিজেপি চৰকাৰ গঠন হ’লে আমি অসাংবিধানিক মুছলমান সংৰক্ষণ বাতিল কৰিম। তেলেংগানাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচি সম্প্ৰদায় এই সুবিধাৰ যোগ্য আৰু তেওঁলোকক মুছলমান সংৰক্ষণৰ অন্ত পেলাই সেই সুবিধা প্ৰদান কৰা হ’ব”।

অমিত শ্বাহৰ ভাইৰেল ভিডিঅ' আৰু মূল ভিডিঅ'টোৰ মাজত তুলনা তলত চাব পাৰিব। ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টো সম্পাদনা কৰা হৈছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো সম্পাদনা কৰা হৈছে। বিজেপি পুনৰ ক্ষমতালৈ আহিলে SC, ST আৰু OBCৰ সংৰক্ষণ নোহোৱা কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোৱা নাছিল। বৰং বিজেপি পুনৰ ক্ষমতালৈ আহিলে মুছলমানৰ বাবে থকা সংৰক্ষণ নোহোৱা কৰিব বুলিহে তেওঁ কৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিজেপি পুনৰ ক্ষমতালৈ আহিলে SC, ST আৰু OBCৰ সংৰক্ষণ নোহোৱা কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল নেকি?

Fact Check By: Debanjana Baishya

Result: Altered