
শেহতীয়াকৈ লিবিয়াত হোৱা ডেনিয়েল নামৰ প্ৰচণ্ড সামুদ্ৰিক ধুমুহা আৰু বানপানীৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক গৃহহাৰা হৈছে। এনে সময়তে লিবিয়াৰ ধুমুহা, বানপানীৰ বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত।
এনেধৰণৰ ভিডিঅ’ ফেচবুকতো আমি পালোঁ।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰিলোঁ। ভিডিঅ’টোৰ আৰম্ভণিতে দেখা গৈছে এটা অট্টালিকাৰ পিছফালে এক প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বিজুলী ঢেৰেকণি ।
আমি কীফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ। আমি প্ৰথমে Shutterstock ত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা এটা ভিডিঅ’ পালোঁ। সেই ভিডিঅ’টোত ধুমুহাৰ দৃশ্য আছিল যদিও প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বিজুলী ঢেৰেকণি নাছিল।

অনুগ্ৰহ কৰি ইয়াত চাওক।
আমি পুনৰ কীৱ’ৰ্ড চাৰ্ছ কৰিলোঁ আৰু এই ভিডিঅ’টো “rtsarovvideo” নামৰ এটা ইউটিউব চেনেলত আপলোড হোৱা দেখিলোঁ।
এই চেনেলটোৰ বিৱৰণত লিখা আছিল যে তেওঁলোকে ভিডিঅ’ সম্পাদনা কৰে।

এনে বহুসংখ্যক সম্পাদিত ভিডিঅ’ সেই চেনেলটোত দেখা গ’ল।

তদুপৰি একে নামৰ টিকটক একাউণ্ট এটাতো এই ভিডিঅ’টো আপলোড কৰা হৈছিল।
আমি চেনেলটোৰ গৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ, তেওঁলোকৰ পৰা উত্তৰ পালেই আমি আপডেট কৰিম।
ভাইৰেল ভিডিঅ’টোত থকা আনবোৰ ভিডিঅ’ ক্লিপ লিবিয়াৰ ধুমুহা আৰু বানপানীৰ বুলি আমি জানিব পাৰিলোঁ। অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত পঢ়ক।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো আংশিকভাৱে মিছা। ভিডিঅ’টোত দেখুওৱা এটা অট্টালিকাৰ পিছফালে থকা প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বিজুলী ঢেৰেকণি সম্পাদনা কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এটা অট্টালিকাৰ পিছফালে দেখা পোৱা প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বিজুলী ঢেৰেকণিৰ ভিডিঅ’টো লিবিয়াৰ হয়নে?
Written By: Debanjana BaishyaResult: Partly False
