
অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতে চ’চিয়েল মেডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত ডুবাইৰ বুৰ্জ খলিফাৰ এখন ফটো ভাইৰেল হৈছে য’ত প্ৰদৰ্শিত হৈছে শ্ৰীৰামচন্দ্ৰৰ ছবি।
ভাইৰেল পোষ্টত দাবী কৰা হৈছে যে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে বুৰ্জ খলিফাত ৰামৰ ছবি প্ৰদৰ্শন কৰা হৈছে।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
তদন্তৰ আৰম্ভণিতে প্ৰথমে আমি ভাইৰেল ছবিখনৰ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ‘জুলিয়া এলবাম’ নামৰ এটা ফুড ব্লগ ৱেবছাইটত ভাইৰেল ফটোখনৰ সৈতে মিল থকা এখন ফটো পাইছিলোঁ। এই ফটোখন ২০১৯ চনত ৱেবছাইটত আপলোড কৰা হৈছিল।
আমি পোৱা ফটোখনত বুৰ্জ খলিফাত শ্ৰীৰামচন্দ্ৰৰ ছবি দেখুওৱা হোৱা নাই। কিন্তু চাৰিওফালৰ সকলো দৃশ্যৰ ভাইৰেল ফটোখনৰ লগত মিল আছে।

আমি ভাইৰেল ফটোখনৰ লগত আমি পোৱা ফটোখনৰ তুলনা কৰি চালোঁ। ইয়াৰপৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে।

তদুপৰি সাধাৰণতে বুৰ্জ খলিফাত হোৱা যিকোনো অনুষ্ঠানৰ আপডেত তেওঁলোকৰ চ’চিয়েল মেডিয়াত উল্লেখ কৰা হয়।আমি বুৰ্জ খলিফাৰ অফিচিয়েল চ’চিয়েল মেডিয়া প্লেটফৰ্মত এই সম্পৰ্কে তথ্য বিচাৰিলোঁ, কিন্তু তাত আমি ভাইৰেল ফটোখনৰ নিচিনা কোনো ফটো নাপালোঁ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰি ভাইৰেল কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বুৰ্জ খলিফাত শ্ৰীৰামচন্দ্ৰৰ ছবি প্ৰদৰ্শন কৰা হৈছিল নেকি?
Written By: Debanjana BaishyaResult: Altered
