
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৩৯ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ আছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে এহেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৪০ জনতকৈ অধিকাৰ মৃত্যু হৈছে । অসমতো এজন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে ।
এই সময়তে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ঘৰুৱা দিহা বা দৰৱৰ বিষয়ে ছচিয়েল মিডিয়াত বিভিন্ন মেছেজ ভাইৰেল হৈ পৰিছে । এই মেছেজবোৰ হোৱাটচ এপ্পৰ যোগেদিও বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই ।
এনে এক অসমত ভাইৰেল হোৱা হোৱাটচ এপ্প মেছেজৰ মতে গৰম পানী, নেমু আৰু বেকিং চ’ডা মিহলাই খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা নিৰাময় পাব পাৰি আৰু ইজৰাইল নামৰ দেশত উক্ত মিশ্ৰণ বিধ ব্যৱহাৰ কৰাৰ বাবে এই দেশত এজনো ক’ৰনা ভাইৰাছ ৰোগী মৃত্যু মুখত পৰা নাই ।
মেছেজটোৰ সত্যতা পৰীক্ষা কৰোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া ‘পৰিস্থিতি ৰিপৰ্ট‘ চালোঁ আৰু দেখিলোঁ যে ইজৰাইলত এজনো ক’ৰনা ভাইৰাছ ৰোগী মৃত্যু মুখত পৰা নাই বুলি ভাইৰেল মেছেজটোত কৰা দাবী সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । ইজৰাইলত ৩১ মাৰ্চ, ২০২০ তাৰিখ লৈকে ১৭ জন ক’ৰনা ভাইৰাছত আক্রান্ত ৰোগী মৃত্যু মুখত পৰিছে আৰু ৪৮৩১ ৰোগী আক্ৰান্ত হৈ আছে ।


বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক’ৰনা ভাইৰাছ ৰোগৰ এতিয়ালৈকে কোনো দৰৱ আবিষ্কাৰ হোৱা নাই আৰু এই বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবচাইটত এক প্ৰশ্নোত্তৰ ভাগ আছে । তলত পঢ়ক:


বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কিছু পশ্চিমীয়া,পৰম্পৰাগত আৰু ঘৰুৱা ঔষধ আছে যি ৰোগটোৰ লক্ষণসমূহৰ পৰা অলপ সকাহ দিব পাৰে কিন্তু এই ঔষধ সমূহে ৰোগটোৰ পৰা পৰিত্ৰাণ বা প্ৰতিৰোধ কৰিব পাৰে বুলি কোনো প্ৰমাণ নাই ।
ফলাফল
ভাইৰেল হোৱাটচ এপ্প মেছেজটো মিছা । ইজৰাইলত এতিয়ালৈকে ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈ ১৭ জনকৈ লোক মৃত্যু মুখত পৰিছে । গৰম পানী, নেমু আৰু বেকিং চ’ডাৰ মিশ্ৰণ বিধ খোৱাৰ বাবে ইজৰাইলত এজনো ক’ৰনা ভাইৰাছ ৰোগী মৃত্যু মুখত পৰা নাই বুলি ভাইৰেল হোৱা মেছেজটোৰ কোনো ভিত্তি নাই আৰু জনসাধাৰণক অনাহকত বিপথে পৰিচালিত কৰিছে ।

Title:গৰম পানী, নেমু আৰু বেকিং চ’ডাৰ মিশ্ৰণ খোৱাৰ বাবে ইজৰাইলত এজনো ক’ৰনা ভাইৰাছ ৰোগী মৃত্যু মুখত পৰা নাই নেকি?
Fact Check By: Manjori BorkotokyResult: False