নহৰু পানীত তিয়াই উতলাই খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা উপক্ৰম পাব পাৰি নেকি?

Coronavirus False Medical
WhatsApp Image 2020-02-12 at 10.09.32.jpeg

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে । 

ৱুহান ক’ৰনা ভাইৰাছৰ লগত সমন্ধ থকা এক হোৱাটচ এপ্প ফৰৱাৰ্ড অসমত ভাইৰেল হৈ পৰিছে য’ত লিখা আছে যে নহৰু পানীত তিয়াই উতলাই বইল্ড পানী আৰু নহৰু খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা উপক্ৰম পাব পাৰি । এজন বয়সীয়াল চীনা ডাক্তৰে ইয়াৰ ফলপ্ৰসূতা সম্পৰ্কে নিশ্চিত কৰিছিল বুলি লিখা আছে । ৮ টুকুৰা নহৰু ৭ কাপ পানীত তিয়াই ৰাখি উতলাই এৰাতি ভিতৰত খালে স্বাস্থ্যৰ বহুত উন্নতি হয় আৰু ক’ৰনা ভাইৰাছ ৰোগৰ পৰা উপক্ৰম পাব পাৰি বুলিও ভাইৰেল হোৱাটচ এপ্প ফৰৱাৰ্ডটোত লিখা আছে । 

সঁচাকৈ নহৰু পানীত তিয়াই উতলাই বইল্ড পানী আৰু নহৰু খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা উপক্ৰম পাব পাৰি নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্ছ কৰিলোঁ আৰু ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ টুইটাৰৰ ফেক্ট চেক হেণ্ডেলটোৰ পৰা এই বিষয়ে আপলোড কৰা এক টুইট দেখিলোঁ । 

corona garlic 3.png

টুইটাৰ পোষ্ট | সংৰক্ষিত পোষ্ট

টুইটটোত স্পষ্ট কৰি দিয়া হৈছে যে নহৰু পানীত তিয়াই উতলাই বইল্ড পানী আৰু নহৰু খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা উপক্ৰম পাব নোৱাৰি আৰু এই ভাইৰেল মেছেজটো ছচিয়েল মিডিয়াত ক’ৰনা ভাইৰাছ সম্পৰ্কে ভাইৰেল হৈ পৰা আন বহুতো উৰা বাতৰিৰ মাজৰ এটা হয় । 

আমি এই বিষয়ে আৰু অনলাইন চাৰ্ছ কৰিলোঁ আৰু ক’তো ক’ৰনা ভাইৰাছ আৰু বইল্ড নহৰু-পানী মাজত কোনো যুগসূত্ৰ থকা তথ্য দেখা নাপালোঁ । ক’ৰনা ভাইৰাছ ৰোগ সন্দৰ্ভত প্ৰকৃত তথ্যবোৰ জানিবলৈ ইয়াত পঢ়ক । 

corona garlic 2.png

আমি এই সম্পৰ্কে আৰু জানিবলৈ অসম চৰকাৰৰ এজন চাব ডিভিজনেল মেডিকেল এণ্ড হেলথ অফিচাৰ, ডাঃ নিপেন বৰুৱাৰ লগতো কথা পাতিলোঁ আৰু তেওঁ নিশ্চিত কৰিলে যে নহৰু পানীত তিয়াই উতলাই খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা উপক্ৰম পাব নোৱাৰি আৰু এই ভাইৰেল মেছেজটোৰ কোনো বৈজ্ঞানিক ভিত্তি নাই । 

ফলাফল

নহৰু পানীত তিয়াই উতলাই খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা উপক্ৰম পাব নোৱাৰি । ভাইৰেল মেছেজটোৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিছে । 

Avatar

Title:নহৰু পানীত তিয়াই উতলাই খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা উপক্ৰম পাব পাৰি নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *