
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ২০ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে কেইবাশ ৰোগী চিনাক্ত হৈছে আৰু কেইবাজনৰো মৃত্যু হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
নুৰ মহাম্মদ নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এজন লোকৰ কান্দি থকা এখন ফটো আপলোড কৰা হৈছে য’ত তেওঁ দাবী কৰিছে যে এইখন ইটালীৰ প্ৰধান মন্ত্ৰীৰ ফটো হয় আৰু তেওঁ ক’ৰনা ভাইৰাছ ৰোগৰ পৰা দেশখনক বচাব নোৱাৰি এইদৰে কান্দি উঠিছে । তেওঁ লিখিছে, “আমি মহামাৰী ৰোধ কৰাৰ ক্ষমতা হেৰাই পেলাইছো ।😢 আমি শাৰিৰীক আৰু মানসিক ফালৰ পৰা প্ৰায় মৃতপ্ৰায় অৱস্থাত । আৰু আগলৈ কি কৰিব লাগিব সেইটোও আমি নাজানোঁ ।পৃথিৱীৰ সকলো সমাধান শেষ হৈ গৈছে, একমাত্ৰ সমাধান আকাশৰ ফালেই আছে ☝️😭😭
ইটালীৰ প্ৰধানমন্ত্ৰী 👉 গীওচপি কন্টি। কিমান দুখ লগা অৱস্থা হব পাৰে।
ইটালী চিকিৎসাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত 2 য় স্থানত আৰু ভাৰতবৰ্ষ 112 নং স্থানত।
ধন, জন অর্থ ভাল চিকিৎসা ব্যৱস্থা থকাৰ পিছতো কিমান অসহায় এজন ৰাষ্ট্রপ্রধান… ইয়াৰ পৰা আমি সকলোৱে শিক্ষা লোৱা উচিত। :-সংগ্ৰহ” । উক্ত পোষ্টটো ২২ মাৰ্চ, ২০২০ তাৰিখে গধূলি ৬:০৯ বজাত আপলোড কৰা হৈছে আৰু ৪৯ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু অসমত ভাইৰেল হৈ পৰিছে ।
সঁচাকৈ এইয়া ইটালীৰ প্ৰধানমন্ত্ৰী জিউছেপ্পি কণ্টে হয় নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি ভাইৰেল ফটোখন লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন ব্ৰাজিলৰ এক ৱেবচাইট “PODER 360″ত যোৱা ডিচেম্বৰ ২০১৯ত এক লিখনিত ব্যৱহত হৈছিল । আমি আৰু জানিব পাৰিলোঁ যে ফটোত দেখা মানুহজন ইটালীৰ নহয় বৰঞ্চ ব্ৰাজিলৰ প্ৰধানমন্ত্ৰী জাইৰ ব’লছ’নাৰ’ হয় আৰু তেওঁ অফিচিয়েল অনুষ্ঠান এটাৰ সময়ত ভাষণ দি থাকোঁতে এক পুৰণি কথা মনত পেলাই ভাবুক হৈ উচুপি উঠিছিল । ক’ৰনা ভাইৰাছ ৰোগৰ লগত উক্ত ভাইৰেল ফটোখনৰ কোনো সম্পৰ্ক নাই ।

আমি এই বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি আৰু চাৰ্ছ কৰি এক ইউটিউব ভিডিঅ‘ পালোঁ য’ত ওপৰত উল্লেখিত অনুষ্ঠানটোত ব্ৰাজিলৰ প্ৰধানমন্ত্ৰীজন ভাবুক হৈ উচুপি উঠা ভিডিঅ’ আমি দেখিবলৈ পালোঁ ।

ইয়াৰ উপৰিয়ো আমি ইটালীৰ প্ৰধানমন্ত্ৰীজনে ক’ৰনা ভাইৰাছ ৰোগৰ ফলত অসহায় হৈ উচুপি উঠা বুলি কোনো মূলসুঁতিৰ নিউজ গোষ্ঠীৰ বাতৰি আমাৰ চকুত নপৰিল ।
ফলাফল
ভাইৰেল ফটোখন ইটালীৰ প্ৰধানমন্ত্ৰীৰ নহয় বৰঞ্চ এইখন ব্ৰাজিলৰ প্ৰধানমন্ত্ৰীৰ ফটো হয় । ইয়াৰ উপৰিয়ো এইখন পুৰণি ফটো হয় আৰু ক’ৰনা ভাইৰাছ ৰোগৰ লগত কোনো সম্পৰ্ক নাই ।

Title:ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা দেশক বচাব নোৱাৰি এইদৰে কান্দি উঠিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False