বাংলাদেশৰ মহিলা উপাধ্যক্ষৰ লগত দুৰ্ব্যৱহাৰৰ ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Communal False

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এগৰাকী মহিলাক চকীত বহি থকা অৱস্থাত কেইবাগৰাকীও পুৰুষে আগুৰি তৰ্ক-বিতৰ্ক কৰি আছে আৰু এজন পুৰুষে মহিলাগৰাকীক টনা-আজোৰা কৰি চকীৰ পৰা উঠিবলৈ বাধ্য কৰিছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ আৰু চকীত বহি থকা মহিলাগৰাকী এগৰাকী অধ্যক্ষ আৰু তেওঁক বলপূৰ্বকভাৱে অপসাৰণ কৰা হৈছে যিহেতু তেওঁ এগৰাকী হিন্দু। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”বাংলাদেশত মহিলা অধ্যক্ষক বলপূৰ্বকভাৱে অপসাৰণ কৰা হৈছে। তেওঁৰ অপৰাধ এটাই আছিল কাৰণ তেওঁ হিন্দু আছিল”।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৪ চনৰ ১৫ আগষ্টৰ এটা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। টুইটটোত উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো ইছলামিয়া কলেজ কুষ্টিয়াৰ। টুইটটোত লগতে লিখা আছিল যে মহিলাগৰাকী হিন্দু নহয়।

X Link | Archived Link 

ইয়াকে সমল হিচাপে লৈ আমি গুগলত বাংলা ভাষাত কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি “আমাদেৰ সময়” নামৰ বাংলা ৱেবছাইটত ২০২৪ চনৰ ১৭ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি কুষ্টিয়া ইছলামিয়া কলেজৰ উপাধ্যক্ষ (সাময়িকভাৱে অপসাৰিত) ছাবিনা ইয়াছমিনক দুৰ্ব্যৱহাৰ আৰু মাৰ-পিট কৰাৰ অভিযোগ উত্থাপিত হৈছিল। প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট সংলগ্ন কৰা হৈছিল।

প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ঘটনাটো ২০২৪ চনৰ ১৪ আগষ্টৰ দুপৰীয়া ইছলামিয়া কলেজৰ অধ্যক্ষৰ কাৰ্যালয়ত ঘটিছিল। ছাবিনা ইয়াছমিনে এই সম্পৰ্কে কুষ্টিয়া মডেল থানাত লিখিত অভিযোগ দাখিল কৰিছিল বুলি প্ৰতিবেদনত প্ৰকাশ কৰা হৈছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

আমি পুনৰ কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া “যমুনা টিভি” ইউটিউব চেনেলত ২০২৪ চনৰ ১৬ আগষ্টৰ এক ভিডিঅ’ প্ৰতিবেদন পালোঁ। ভিডিঅ’টোৰ ০:২৫ টাইমষ্টেম্পৰপৰা ভাইৰেল দৃশ্যাংশ দেখুওৱা হৈছিল। বাতৰিটোত কোৱা হৈছিল যে কুষ্টিয়া ইছলামিয়া কলেজৰ অপসাৰিত উপাধ্যক্ষ ছাবিনা ইয়াছমিন হঠাতে কলেজত উপস্থিত হৈ অধ্যক্ষৰ চকীত বহিছিল। তাৰপাছত তেওঁক টনা-আজোৰা কৰি চকীৰ পৰা উঠিবলৈ বাধ্য কৰা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। কলেজ কৰ্তৃপক্ষৰ দাবী যে ছাবিনা ইয়াছমিনৰ কোনো যোগ্যতা আৰু অভিজ্ঞতা নথকা বাবে তেওঁক অপসাৰণ কৰা হৈছিল। ঘটনা সন্দৰ্ভত তেওঁ আদালতৰ দ্বাৰস্থ হৈছিল।

এই সম্পৰ্কে আন এক প্ৰতিবেদন আমি পালোঁ “ঢাকা পোষ্ট“ত। প্ৰতিবেদনত উল্লেখ কৰা হৈছিল এইদৰে,”ছাবিনা ইয়াছমিনে ঢাকা পোষ্টক কয় যে, ‘মোক ষড়যন্ত্ৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। মোৰ বিৰুদ্ধে কেইবাটাও ষড়যন্ত্ৰমূলক গোচৰ ৰুজু হৈছিল। মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ক’তো প্ৰমাণিত হোৱা নাই। শিক্ষা মন্ত্ৰালয়, ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আৰু মৌছিয়ে বাৰে বাৰে মোক পুনৰ নিযুক্তিৰ নিৰ্দেশ দিছে। কিন্তু মহাবিদ্যালয় কৰ্তৃপক্ষই এই কথা লক্ষ্য নকৰে। বুধবাৰে দুপৰীয়া ১২ বজাৰ ওচৰত আদালতৰ আদেশৰ কাগজ, শিক্ষা মন্ত্ৰালয়, ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আৰু মৌশীৰ কাগজ লৈ কলেজলৈ গ’লোঁ। এই সময়ছোৱাত তেওঁলোকে মোক মাৰপিট কৰিছিল আৰু বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল। সেই সময়ত ইছলামৰ ইতিহাস বিভাগৰ শিক্ষক ইমদাদুল ইছলাম আৰু কাৰ্যালয়ৰ পিয়ন জনিমুল ইছলামকো মাৰপিট কৰা হৈছিল। মই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৈছো। থানাত লিখিত অভিযোগ দিছো।…”

Archived Link

তদুপৰি “প্ৰথম আলো”ত প্ৰকাশিত এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব। Archived Link

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোত দেখা মহিলাগৰাকীৰ নাম ছাবিন ইয়াছমিন আৰু এই নামটো হিন্দু ধৰ্মাৱলম্বী লোকৰ নাম নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত দেখা মহিলাগৰাকীৰ নাম ছাবিনা ইয়াছমিন আৰু এই নামটো হিন্দু নাম নহয়। ছাবিনা ইয়াছমিন কুষ্টিয়া ইছলামিয়া কলেজৰ অপসাৰিত উপাধ্যক্ষ আছিল আৰু তেওঁ নিজৰ দায়িত্বত পুনৰ যোগদান কৰিবলৈ যোৱাত কলেজ কৰ্তৃপক্ষই তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলাদেশৰ মহিলা উপাধ্যক্ষৰ লগত দুৰ্ব্যৱহাৰৰ ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *