২০২৩ চনৰ ২৭ জুনত ফ্ৰান্সত নাহেল মেৰজুক নামৰ যুৱকক এগৰাকী আৰক্ষী বিষয়াই হত্যা কৰাৰ পাছত ধাৰাবাহিকভাৱে নাগৰিকৰ দ্বাৰা অশান্তিকৰ পৰিবেশ আৰম্ভ হয়। নান্টেৰেত ২৭ জুনত আৰক্ষী মুখ্য কাৰ্যালয়ৰ বাহিৰত স্থানীয় একাংশ বাসিন্দাই প্ৰতিবাদ আৰম্ভ কৰে আৰু যিটো প্ৰতিবাদ পাছলৈ সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। বিক্ষোভকাৰীসকলে গাড়ী জ্বলাই দিয়ে, বাছ ষ্টপ ধ্বংস কৰে আৰু আৰক্ষীক লক্ষ্য কৰি আতচবাজী নিক্ষেপ পৰ্যন্ত কৰে।

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ফ্ৰান্সৰ সংঘৰ্ষ আৰু অশান্তি বুলি দাবী কৰা কেইবাটাও বিসংগতিপূৰ্ণ ভিডিঅ’ দেখা গৈছে। তেনেকুৱা এটা ভিডিঅ’ত এটা পুথিভঁৰালত বৃহৎ জুইৰ দৃশ্য দেখা গৈছে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে যে সেয়া ফ্ৰান্সৰ আলকাজাৰ লাইব্ৰেৰী, যিটো আফ্ৰিকান প্ৰব্ৰজনকাৰীয়ে জ্বলাই দিছিল।

ফেচবুকত ভাইৰেল হোৱা ভিডিঅ’টোৰ কেপচনত লিখা আছে,“While you’re enjoying your small view of YOUR personal world, the rest of it has some shyt happenin’. C/P “The Alcazar Library in Marseille is the largest library in France, containing an archive of one million historically significant documents. African migrants just TORCHED it.”

Facebook LinkArchived Link

কিন্তু সঁচাকৈয়ে ভিডিঅ’টোত দাবী কৰা ধৰণে সেইটো আলকাজাৰ লাইব্ৰেৰী হয়নে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে আমি গুগলত কী-ৱৰ্ড চাৰ্চ কৰি ফ্ৰান্সৰ আলকাজাৰ লাইব্ৰেৰী জ্বলোৱাৰ প্ৰসংগত বাতৰিৰ প্ৰতিবেদন বিচাৰিলোঁ। ফলাফলৰ পৰা আমি দেখিলোঁ যে চিএনএন(CNN) আৰু ফ্ৰান্স ২৪(France 24)এ মাৰ্চেইলত পুথিভঁৰালসমূহৰ ক্ষতিসাধনৰ বিষয়ে বাতৰি কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে চিএনএনৰ সংযুক্ত বিএফএমটিভিৰ মতে মাৰ্চেইলৰ পুৰণি বন্দৰত বিস্ফোৰণ ঘটিছিল যদিও কোনো লোকৰ মৃত্যু হোৱা নাই। সম্প্ৰচাৰক কোম্পানীটোৱে মাৰ্চেইলৰ আলকাজাৰ পুথিভঁৰালৰ ক্ষতিসাধন দেখুওৱা ভিডিঅ’ও শ্বেয়াৰ কৰে যিটো নিশা ভাঙি পেলোৱা বুলি উল্লেখ কৰা হৈছে।

এই কথা মনত ৰাখি আমি ভাইৰেল ভিডিঅ’টোৰ এটা কী-ফ্ৰেম গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চালোঁ। আমি যি ভিডিঅ’ পালোঁ তাৰ শিৰোনামত লিখা আছিল, “মেনিলাৰ ঐতিহাসিক ডাকঘৰ ভৱনটো বিশাল জুইয়ে মাজেৰে ফালি পেলায়।” ফিলিপাইনছৰ ৰাজধানী মেনিলাৰ এটা ঐতিহাসিক ডাকঘৰ ভৱন এটা নিশাৰ ভিতৰতে ফাটি যায় এক বৃহৎ অগ্নিকাণ্ড।

চাউথ চাইনা মৰ্নিং পোষ্টৰ মতে, ২০২৩ চনৰ ২১ মে’ৰ মাজনিশা ফিলিপাইনছৰ ৰাজধানী মেনিলাত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু দেশখনৰ আটাইতকৈ পুৰণি ডাকঘৰটো ধ্বংস হৈছিল। জুই নিয়ন্ত্ৰণ কৰিবলৈ কেইবা ডজন অগ্নিনিৰ্বাপক বাহিনীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি যুঁজিছিল।

ফিলষ্টাৰ(Philstar) আৰু গালফ নিউজৰ(Gulf News) মতে, মেনিলাৰ লিৱাছাং বনিফাচিঅ’স্থিত কেন্দ্ৰীয় ডাকঘৰত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। মেনিলা কেন্দ্ৰীয় ডাকঘৰটো চৰকাৰী মালিকানাধীন আৰু নিয়ন্ত্ৰিত ফিলিপাইন ডাক কৰ্পৰ মুখ্য কাৰ্যালয়।দেশখনৰ মূল মেইল ব্যৱস্থা পৰিচালনা আৰু বিতৰণৰ কামো ডাকঘৰত কৰা হয়। ১৯২৬ চনত ফিলিপাইনছৰ বিখ্যাত স্থপতিবিদ জুয়ান আৰেলানো আৰু টমাছ মাপুয়াৰে ডিজাইন কৰা এই নব্য ধ্ৰুপদী ভৱনটোৰ নিৰ্মাণ কৰা হয়।

তলত ভাইৰেল ভিডিঅ’টোৰ পৰা স্ক্ৰীণশ্বট আৰু গাৰ্ডিয়ান নিউজে প্ৰকাশ কৰা বাতৰিৰ স্ক্ৰীণশ্বটৰ মাজত থকা সাদৃশ্য চাব পাৰিব।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটোক মিছা । ভিডিঅ’টোত ফ্ৰান্সৰ মাৰ্চেইলৰ আলকাজাৰ পুথিভঁৰালত আফ্ৰিকান প্ৰব্ৰজনকাৰীয়ে জ্বলাই দিয়া দেখা পোৱা নাই। ভাইৰেল ভিডিঅ’টোত ২০২৩ চনৰ মে’ মাহৰ এটা কাণ্ড দেখা গৈছে য’ত ফিলিপাইনছৰ মেনিলাৰ কেন্দ্ৰীয় ডাকঘৰত ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: ফিলিপাইনছৰ এটা ডাকঘৰৰ পুৰণি ভিডিঅ’ ফ্ৰান্সৰ আলকাজাৰ লাইব্ৰেৰী বুলি ভাইৰেল কৰা হৈছে।

Written By: Pranjal Sharma

Result: False