অসমৰ কাৰ্বি আংলঙৰ সাম্প্ৰতিক পৰিস্থিতি : এক বাখ্যা 

প্ৰস্তাৱনা অসমৰ কাৰ্বি আংলং জিলাত সম্প্ৰতি কিছুমান উত্তেজনাপূৰ্ণ ঘটনা সংঘটিত হৈছে, যাৰ ফলত ৰাজ্যখনত, বিশেষকৈ কাৰ্বি আংলং আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই বিষয়টো বা সমস্যাটোক মূলতঃ তিনিটা প্ৰমুখ স্তৰত বুজিব পাৰি: ঐতিহাসিক পৃষ্ঠভূমি, তাৎক্ষণিক কাৰণ, আৰু বৰ্তমানৰ পৰিস্থিতি। সেই তিনিটা বিষয়কে লৈ আজিৰ এই লেখা সামৰা হৈছে। ১. ঐতিহাসিক পৃষ্ঠভূমিঃ […]

Continue Reading

ভাৰত-বাংলাদেশ সীমান্তত শেহতীয়াকৈ হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে অসংখ্য লোক কাঁটা তাঁৰৰ বেৰৰ ওচৰত ৰৈ আছে আৰু বহু লোক কাঁটা তাঁৰৰ বেৰৰ লগতে থকা গেটৰ মাজেৰে পাৰ হৈ গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এটা ফেচবুক পেজত লিখা হৈছে এইদৰে, “বাংলাদেশ সীমান্তত হাহাকাৰ পৰিস্থিতি, কাইঁটীয়া বেৰেৰে পাৰ হৈছে হাজাৰ হাজাৰ লোক” Facebook Link | Archived […]

Continue Reading

এয়া আৰাৱলী পৰ্বতৰ খননৰ বিৰুদ্ধে ৰাজস্থানৰ প্ৰতিবাদৰ দৃশ্য নহয়।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্যটো আৰাৱলী পৰ্বতৰ খননৰ বিৰুদ্ধে ৰাজস্থানত হোৱা প্ৰতিবাদৰ বুলি দাবী কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ […]

Continue Reading

এই ভিডিঅ’ত দেখা ব্যক্তিজন বাংলাদেশত হত্যাৰ বলি হোৱা দিপু চন্দ্ৰ দাস নহয়।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য বাংলাদেশত শেহতীয়াকৈ গণৰোষৰ বলি হৈ প্ৰাণ হেৰুওৱা দিপু চন্দ্ৰ দাসৰ বুলি দাবী কৰিছে। কোৱা হৈছে যে বাংলাদেশৰ আৰক্ষীয়ে এইদৰে দিপু চন্দ্ৰ দাসক ৰাইজৰ হাতত গটাই দিছিল।    Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]

Continue Reading

অসমত মানুহ-জীৱ সংঘৰ্ষ: এক বিশদ বিশ্লেষণ

পাতনি অসম হৈছে প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সমৃদ্ধ জৈৱবৈচিত্ৰ্যৰ বাবে সুপৰিচিত। সেই পৰিচিতি আজি এক জটিল আৰু উদ্বেগজনক সমস্যাৰ সন্মুখীন হৈছে। সেই সমস্যা হৈছে—মানুহ আৰু বন্য জীৱৰ মাজৰ সংঘৰ্ষ। এই সংঘৰ্ষ দিনক দিনে তীব্ৰ আৰু ঘনীভূত হৈ আহিছে, যাৰ ফলত মানুহ আৰু জীৱ-জন্তু দুয়োপক্ষৰে জীৱন-মৰণৰ সংকট, অর্থনৈতিক লোকচান আৰু পৰিৱেশীয় অসমত্বৰ সৃষ্টি হৈছে। শেহতীয়াকৈ অসমৰ নগাঁও […]

Continue Reading

AI Generated ভিডিঅ’ৰে গুজৰাটত গণেশ ভগবানৰ দৰে শিশুৰ জন্ম হোৱা বুলি মিছাকৈ দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুজৰাটৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মহিলাই কোলাত এটি শিশু লৈ আছে আৰু শিশুটিৰ নাকটো হাতীৰ শুঁৰৰ দৰে। ব্যৱহাৰকাৰীজনে দাবী কৰিছে যে গুজৰাটত এইদৰে গণেশ ভগবানৰ ৰূপৰ দৰে এটি শিশুৰ জন্ম হৈছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

AI Generated ভিডিঅ’ৰে বিহাৰত ৫ফুট দীঘল চুলিৰে সৈতে কন্যাশিশুৰ জন্ম হোৱা বুলি মিছাকৈ দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য বিহাৰৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন হাস্পতালৰ বিচনাত এটি সদ্যোজাত কণমানি কন্যা। কন্যাজনীৰ চুলিকেইডাল অস্বাভাৱিকভাৱে দীঘল। ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকাৰীজনে দাবী কৰিছে যে বিহাৰত এইদৰে ৫ফুট দীঘল চুলিৰে সৈতে এজনী কণমানি কন্যাৰ জন্ম হৈছে।   Facebook Link Archived Link কিন্তু দাবীটো […]

Continue Reading

এগৰাকী ক‌ইনাই সঁচাকৈয়ে বিবাহৰ দুঘণ্টা পূৰ্বে নিজৰ প্ৰাক্তন প্ৰেমিকক লগ ধৰিবলৈ  গৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে এগৰাকী ক‌ইনাই বিবাহৰ দুঘণ্টা পূৰ্বে নিজৰ প্ৰাক্তন প্ৰেমিকক লগ ধৰিবলৈ গৈছে। ভিডিঅ’টোত কোৱা হৈছে ক‌ইনাগৰাকীৰ নাম শ্ৰেয়া আৰু গাড়ীচালকৰ আসনত থকা ব্যক্তিজন ক‌ইনাগৰাকীৰ বন্ধু। ক‌ইনাগৰাকীয়ে বহুত অনুৰোধ কৰাত বন্ধুজনে তেওঁক তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে শেষবাৰৰ বাবে সাক্ষাৎ কৰাবলৈ লৈ আহিছে। Facebook Link | […]

Continue Reading

AI Generated ভিডিঅ’ৰে উত্তৰ প্ৰদেশত যমুনা এক্সপ্ৰেছৱে’ত এম্বুলেঞ্চৰ পৰা ৰোগী সৰি পৰা বুলি মিছাকৈ দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য উত্তৰ প্ৰদেশৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন দ্ৰুতবেগী এম্বুলেঞ্চৰ পৰা অক্সিজন লৈ থকা ৰোগী ষ্ট্ৰেছাৰৰে সৈতে ৰাষ্টাত সৰি পৰিছে। ভিডিঅ’টোত টেস্কট ওভাৰলে’(Text Overlay) কৰি হিন্দী আৰু ইংৰাজী ভাষাত লিখা অনুসৰি সেয়া যমুনা এক্সপ্ৰেছৱেক সংঘটিত হোৱা এটা ঘটনা। Facebook Link Archived […]

Continue Reading

২০২৪ৰ জানুৱাৰীৰ দৃশ্যকে জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত অলপতে জাপানত হৈ যোৱা ভূমিকম্প সম্পৰ্কত অনেক ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক সংবাদ মাধ্য়মৰ ফেচবুক পেজত পৰিবেশন কৰা এটা বাতৰিত কেইখনমান ফটো আৰু এটা ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। আমি সেই ফটোকেইখন আৰু ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰিবলৈ চেষ্টা কৰিলোঁ।  Facebook Link Archived Link কিন্তু […]

Continue Reading