য়েটি এয়াৰলাইঞ্চৰ বিমান দুৰ্ঘটনাৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

২০২৫ চনৰ ১২ জুনত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদ-লণ্ডন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’ য’ত দেখা গৈছে যে এজন যাত্ৰীয়ে বিমানত বহি থকা অৱস্থাত ভিডিঅ’ ৰেকৰ্ডিং কৰি আছে আৰু ভিডিঅ’টো শেষৰফালে অস্পষ্ট আৰু অস্থিৰ হৈ পৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি […]

Continue Reading

 বাংলাদেশত পতাকা বিক্ৰেতাক পৰা প্ৰহাৰৰ ভিডিঅ’ পশ্চিমবংগৰ বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো পশ্চিমবংগৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত এগৰাকী সেনা জোৱানে বাংলাদেশৰ পতাকা বিক্ৰী কৰা লোক এজনক প্ৰহাৰ কৰা দেখা গৈছে। অসমৰ ফেচবুক পোষ্টটোত পশ্চিমবংগত বাংলাদেশৰ পতাকা বিক্ৰী কৰোত এজনক ভাৰতীয়া সেনাৰ জোৱানে প্ৰহাৰ কৰা বুলি দাবী কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]

Continue Reading

লেবাননৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত আহমেদাবাদৰ চিকিৎসালয়খনৰ চিচিটিভি ফুটেজ বুলি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।ভিডিঅ’টোত দেখা গৈছে পাৰ্কিং এলেকাত বিস্ফোৰণ আৰু এটা অট্টালিকাৰ চিলিং আৰু অন্যান্য অংশৰ ক্ষতি হোৱাৰ চিচিটিভি ফুটেজ। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল […]

Continue Reading

২০২৩ চনত এমিৰেটছ এ৩৮০ বিমানৰ ভিতৰত লোৱা এক দৃশ্য আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ ভিতৰৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেইটো আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সময়ৰ বুলি দাবী কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতিৰ অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱ আদিত […]

Continue Reading

অসমত বাঢ়ি অহা তাপমাত্ৰাৰ কাৰণ আৰু প্ৰভাৱ

পাতনি অসম তথা উত্তৰ পূৰ্বাঞ্চল বুলি ক’লে সাধাৰণতে আমাৰ দেশৰ উত্তৰ অংশতকৈ তুলনামূলকভাৱে কম তাপমাত্ৰাৰ এক বিস্তৃত অঞ্চল বুলি প্ৰসিদ্ধ। কিন্তু শেহতীয়াকৈ সেই প্ৰসিদ্ধি যেন ক্ৰমাগতভাৱে মোলান পৰিবলৈ ধৰিছে। বৰ্তমান অসমত অসহনীয় গৰমে জনজীৱন অস্থিৰ কৰি তুলিছে। বিগত কেইবাদিনো ধৰি ৰাজ্যখনত দিনৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ৰ পৰা৫°চেণ্টিগ্ৰেড বেছি হৈ আছে। কোনো কোনো অঞ্চলত ৩৪ৰ পৰা ৩৬° […]

Continue Reading

শুই থকা লোক এজনক সিংহই আক্ৰমণ নকৰাকৈ গুছি যোৱা দৃশ্যটো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। 

শেহতীয়াকৈ যোৱা ৭ জুন, ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্যৰে এইবুলি দাবী কৰিছিল যে দুটি সিংহই এগৰাকী ৰাষ্টাত শুই থকা লোক এজনক শুঙি গুছি গৈছে কিন্তু একো হানি কৰা নাই। দৃশ্যটো চিচিটিভিত বন্দী হোৱা দৃশ্য বুলি উল্লেখ কৰা হৈছে।  Facebook Link Archived Link একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা […]

Continue Reading

অসমৰ বানপানী: কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া

পাতনি   বৰ্ষাকালত অসমত বানপানী হৈয়েই থাকে, কিন্তু ২০২৫ চনৰ বানপানীয়ে আকৌ এবাৰ অসমবাসীক কঠোৰ পৰীক্ষাৰ সন্মুখীন কৰোৱাছে। এই বানপানীয়ে হাজাৰ হাজাৰ লোকক গৃহহীন কৰিছে, জীৱ-জন্তু, খেতি-বাতি আৰু সা-সম্পত্তিৰ অপৰিমেয় ক্ষতি সাধন কৰিছে। এই লেখাত আমি এই বানপানীৰ কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সংক্ষিপ্তকৈ আলোচনা কৰিম।   অসমৰ বানপানীৰ মূল কাৰণ:   ১. বৰষুণৰ বৃদ্ধি: এইবাৰৰ […]

Continue Reading

অভিনেতা যতীন বৰাই মাটিত পদুম ফুল ৰোপন কৰা বুলি সম্পাদিত ফটো ভাইৰেল।

শেহতীয়াকৈ বিশ্ব পৰিবেশ দিৱসৰ পৰিপ্ৰেক্ষিতত অভিনেতা যতীন বৰাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত যতীন বৰাক মাটিত পদুম ফুল ৰোপন কৰি থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কি বুলি কব কওঁচোন আপোনালোকে 😁 মই আজিলৈ পদুম পুখুৰীত হে দেখিছিলোঁ 😝 আজি Fast time দেখিছো দেই😁” Facebook Link | Archived […]

Continue Reading

হিমাচল প্ৰদেশৰ পুৰণি ভিডিঅ’ গুৱাহাটীৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।

কেইখনমান দোকান বানপানীত উটুৱাই নিয়াৰ ভিডিঅ’ এটা শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত অসমৰ গুৱাহাটীৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট […]

Continue Reading

২০২৪ৰ পুৰণি ভিডিঅ’কে ৰাছিয়াৰ শেহতীয়া ইউক্ৰেইন আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ যোৱা ২ জুন, ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা শেহতীয়া আক্ৰমণৰ বুলি দাবী কৰিছিল। লিখিছিল- ৰাছিয়াই এতিয়া ইউক্ৰইনৰ ওপৰত ব্যাপক আক্ৰমণ আৰম্ভ কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading