ৰাছিয়ান যুদ্ধ বিমান ধ্বংসপ্ৰাপ্ত হোৱা পুৰণি ভিডিঅ’ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য বুলি ভাইৰেল।

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। অসমৰ এটা ফেচবুক পেজত প্ৰকাশিত এক ভিডিঅ’ প্ৰতিবেদনত  কেইবাটাও ভিডিঅ’ সংলগ্ন কৰি দাবী কৰা হৈছে যে ভিডিঅ’কেইটাত কম্বোডিয়া আৰু থাইলেণ্ডৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য দেখুওৱা হৈছে। ভিডিঅ’ প্ৰতিবেদনৰ কেপশ্বনত লিখা আছিল এইদৰে, “কম্বোডিয়াৰ ওপৰত থাইলেণ্ডৰ এয়াৰষ্ট্ৰাইক ▶পুনৰ যুদ্ধৰ […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ফটো থাইলেণ্ড-কম্বোডিয়াৰ মাজৰ শেহতীয়া সংঘৰ্ষৰ বুলি ভাইৰেল।

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যোৱা ২৪ জুলাইত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত দীৰ্ঘদিনীয়া সীমা বিবাদ তীব্ৰতৰ হৈ পৰে। খবৰ অনুসৰি থাইলেণ্ডত কমেও ১৯ জন লোক (১৪ জন সাধাৰণ নাগৰিক আৰু ৬ জন সৈনিক) নিহত হয়, আৰু কম্বোডিয়াত ১৩ জন লোকৰ(৮ জন সাধাৰণ নাগৰিক আৰু ৫ জন সৈনিক) মৃত্যু হয়। বিবাদিত সীমান্তৰ ১২টা স্থানত সংঘৰ্ষ সংঘটিত হৈছে। […]

Continue Reading

পুৰণি ফটো ৰাজস্থানৰ চুৰুত শেহতীয়াকৈ হোৱা ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

যোৱা ৯ জুলাইত ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান এখন ৰাজস্থানৰ চুৰুত দুৰ্ঘটনাত পতিত হয় যাৰ ফলত দুয়োগৰাকী পাইলটৰ মৃত্যু হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত চাৰিখন ফটোৰ এখন ক’লাজ শ্বেয়াৰ কৰা হৈছে। ক’লাজখনৰ তিনিখন ফটোত বিমানৰ অৱশিষ্ট দেখা গৈছে আৰু এখনত এগৰাকী পাইলটক মাটিত পৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে ফটোখন ৰাজস্থানৰ চুৰুত হোৱা ভাৰতীয় […]

Continue Reading

আইছিছৰ শিবিৰৰ পৰা ছিৰিয়াৰ ৱাইপিজেয়ে কৰা উদ্ধাৰ অভিযান আমেৰিকাৰ সৈন্যবাহিনীৰ অভিযান বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত‌ দেখা গৈছে যে কোনো এক শিবিৰত কেইগৰাকীমান মহিলাক শিকলিৰে বান্ধি থোৱা হৈছে আৰু সৈন্যবাহিনীৰ লোকে তেওঁলোকক উদ্ধাৰ কৰিছে। ভিডিঅ’টোত মহিলা আৰু পুৰুষ সৈন্যক দেখা গৈছে। দাবী কৰা হৈছে যে আইচিচ (ISIS)ৰ শিবিৰত এইদৰে ৩৮ গৰাকী ছোৱালীক যৌনদাসী হিচাপে বন্দী কৰি ৰখা হৈছিল আৰু আমেৰিকাৰ সৈন্যবাহিনীয়ে তেওঁলোকক উদ্ধাৰ কৰে। […]

Continue Reading

ড’নাল্ড ট্ৰাম্পে ভলোডিমিৰ জেলেনস্কিক “Stupid President” বুলি কৈছিল নেকি?

যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ মাজত এক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউচৰ অভেল অফিচত (oval office) লাইভ টেলিভিছনত হোৱা এই বৈঠকত ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক তীব্ৰ বাক্যবাণেৰে থকা-সৰকা কৰা দেখা গৈছিল। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত […]

Continue Reading

চত্তগ্ৰামৰ ৭ মাহ পুৰণি এক ঘটনাত জ্বলি যোৱা বুদ্ধৰ মুৰ্তিৰ ফটো শেহতীয়া এক ঘটনাৰ সৈতে সাঙুৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাংলাদেশৰ চিতাগঙৰ খাগ্ৰাচাৰীৰ দিঘীনালা বজাৰত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সম্পৰ্কত এক পোষ্ট দি তাত এটা ভিডিঅ’ আৰু এখন ফটো সংলগ্ন কৰে। পোষ্টটোৰে দাবী কৰা হৈছে যে সেই ভিডিঅ’টো উল্লেখ কৰা ঘটনাটোৰ সময়ৰ আৰু ফটোখনো সেই সময়ৰে। পোষ্টটোত লিখিছে- #মুছলমানৰ_আচল_ৰূপ চাওকচোন , কিমান #জঘণ্য #বাংলাদেশৰ চিতাগঙৰ […]

Continue Reading

মৌলৱী এজনে সৰু ল’ৰা এজনৰ ডিঙিৰ তাবিজ চিঙি আঁতৰোৱা এই ঘটনাৰ কোনো সাম্প্ৰদায়িক দিশ নাই।

বাংলাদেশৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ বিভিন্ন দল সংগঠনৰ বান সাহায্য বিতৰণৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। কিছুসংখ্যক পোষ্ট সাম্প্ৰদায়িক দিশেৰেও শ্বেয়াৰ কৰা দেখা গৈছে। তেনে ধৰণৰ এটা পোষ্ট আমি ফেচবুকত পালোঁ। পোষ্টটোত এখন ফটো আৰু এটা ভিডিঅ’ সংলগ্ন কৰা হৈছিল। ফটোখনত বাংলাদেশৰ ইস্কন মন্দিৰৰ সদস্যক বান সাহায্য বিতৰণ কৰা দেখা গৈছে। […]

Continue Reading

ফিলিপাইনছ আৰু ভিয়েটনামত জনপ্ৰিয় খাদ্য ‘বালুট’ৰ ফটো কণীৰ ভিতৰত ওলোৱা সাপৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ফেচবুকত এটা খবৰ ভাইৰেল হৈছে য’ত কুকুৰাৰ কণীৰ ভিতৰত ৰান্ধনীয়ে মৃত সাপ পোৱা বুলি কোৱা হৈছে। ঘটনাটো পশ্চিমবঙ্গৰ জামুৰিয়াৰ পাণ্ডৱেশ্বৰ থানাৰ দিহিপাৰাৰ বুলি কোৱা হৈছে। বাতৰিটোৰ লগত এখন ফটোও সংলগ্ন কৰা হৈছে। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে গুগলত প্ৰাসংগিক […]

Continue Reading

ভিডিঅ’টোৰ আটাইবোৰ দৃশ্যাংশ চীনৰ শেহতীয়া বানপানীৰ নহয়।

শেহতীয়াকৈ প্ৰচণ্ড ধুমুহা বৰষুণৰ পাছত দক্ষিণ চীনৰ ঘন জনবসতিপূৰ্ণ পাৰ্ল ৰিভাৰ ডেল্টাত চহৰসমূহ বানপানীয়ে বুৰাই পেলাইছে। সোমবাৰলৈকে সমগ্ৰ প্ৰদেশখনতে প্ৰায় ১ লাখ ১০ হাজাৰ লোকক খালী কৰা হৈছে, আনহাতে ২৫ হাজাৰ ৮০০ লোক জৰুৰীকালীন আশ্ৰয় শিবিৰত আছে বুলি ছিনহুয়াই প্ৰকাশ কৰিছে। এনে সময়তে চীনত হোৱা বানপানীৰ দৃশ্য বুলি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিভিন্ন ফটো […]

Continue Reading

এই ভিডিঅ’সমূহ সঁচাকৈয়ে ইজৰাইলৰ ওপৰত ইৰাণে কৰা আক্ৰমণৰ দৃশ্যৰ হয়নে?

শেহতীয়াকৈ ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন ফটো আৰু ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফেচবুকত এটা পোষ্টত তিনিটা ভিডিঅ’ আপলোড কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি […]

Continue Reading