
বাঁহেৰে সজোৱা এক আকৰ্ষণীয় অট্টালিকাৰ ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে আৰু এইয়া অৰুণাচল প্ৰদেশৰ নতুন ডনি প’লো বিমানবন্দৰ বুলি দাবী কৰা হৈছে । এই বিমানবন্দৰৰ ডিজাইনত পৰম্পৰাগত বাঁহ ব্যৱহাৰ কৰা হৈছে বুলি দাবী কৰা হৈছে ।
ফেক্ট ক্ৰেছেণ্ডৰ পাঠকে ‘এই ভিডিঅ’টো অৰুণাচল প্ৰদেশৰ নতুন ডনি প’লো বিমানবন্দৰ’ বুলি দাবী কৰি আপলোড কৰা এক ফেচবুক পোষ্টৰ সত্যতা নিৰূপণৰ বাবে আমাক অনুৰোধ জনাই আমাৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ (9049053770) লৈ উক্ত ফেচবুক পোষ্টটো প্ৰেৰণ কৰিছে । Archived Link
ফেচবুক পোষ্টটোৰ কেপচনত লিখা আছিল, “অৰুণাচলৰ “Donyi polo”ত বাঁহেৰে নিৰ্মিত বিমান বন্দৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব”
আমি দাবীটোৰ বিষয়ে এক ফেক্ট-চেক কৰাৰ সিদ্ধান্ত লৈছিলো আৰু তদন্তৰ অন্তত দেখা গ’ল যে এই ভিডিঅ’টো অৰুণাচল প্ৰদেশৰ নতুন বিমানবন্দৰৰ নহয় ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমতে আমি ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰিলোঁ, আৰু তাৰ পিছত আমি গুগল ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। আমি দেখিলোঁ যে কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী ড. কে সুধাকাৰে ১৮ অক্টোবৰত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল আৰু কৈছিল যে এইটো কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (যিটো বেংগালুৰুত আছে) টাৰ্মিনেল নং ২ৰ ভিডিঅ’। এই বিমানবন্দৰটো পাঁচ তাৰকা হোটেলৰ দৰে নিৰ্মাণ কৰা হৈছে বুলি তেওঁ নিজৰ টুইটাৰ পোষ্টত লিখিছে।
কৰ্ণাটকৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী ড. মুৰুগেশ নিৰানী আৰু কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী শোভা কৰণ্ডালজেও যোৱা মাহত এই ভিডিঅ’টো বাংগালুৰু বিমানবন্দৰৰ বুলি শ্বেয়াৰ কৰিছিল।
বাংগালুৰু বিমানবন্দৰৰ টাৰ্মিনেল-২ৰ এটা সুকীয়া ভিডিঅ’ শ্বেয়াৰ কৰিলে সাংবাদিক মহেশ চিটনছে।
লোকসত্তাৰ বাতৰি অনুসৰি, চহৰখনৰ গাৰ্ডেন চিটিৰ পৰিচয় প্ৰতিফলিত কৰিবলৈ বিমানবন্দৰৰ টাৰ্মিনেলটোক বাগিচাৰ দৰে ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে ।
স্কিডম’ৰ, অ’ৱিংছ এণ্ড মেৰিল কোম্পানী অৱ আমেৰিকাই এই টাৰ্মিনেলটোৰ ডিজাইন কৰিছে আৰু ইয়াক এনেদৰে সৃষ্টি কৰা হৈছে যাতে যাত্ৰীসকলে বাগিচাখনৰ মাজেৰে খোজ কাঢ়ি যোৱাৰ অভিজ্ঞতা লাভ কৰিব পাৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টাৰ্মিনেল নং. ২ চলিত বৰ্ষৰ ১১ নৱেম্বৰত উদ্বোধন কৰে। এই টাৰ্মিনেলৰ ফটোও শ্বেয়াৰ কৰিলে মোদীয়ে।
“নতুন টাৰ্মিনেল ২য়ে বাংগালুৰু বিমানবন্দৰৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে সুবিধাসমূহ আৰু অধিক বৃদ্ধি কৰিব। এইয়া আমাৰ নগৰ কেন্দ্ৰসমূহক উচ্চমানৰ আন্তঃগাঁথনি প্ৰদানৰ বাবে আমাৰ প্ৰচেষ্টাৰ অংশ। টাৰ্মিনেলটো ধুনীয়া আৰু যাত্ৰী অনুকূল! উদ্বোধন কৰি সুখী।”- টুইট কৰে নৰেন্দ্ৰ মোদীয়ে।
অৰুণাচল প্ৰদেশৰ বিমানবন্দৰ
অৰুণাচলৰ ৰাজধানী ইটানগৰৰ হোলংগী গ্ৰীণফিল্ড বিমানবন্দৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে বিমানবন্দৰটোৰ নাম সলনি কৰি “ডনি প’লো বিমানবন্দৰ, ইটানগৰ” বুলি অনুমোদন জনায়।
অৰুণাচল প্ৰদেশৰ পৰম্পৰা আৰু চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক সূৰ্য্য (ডনি) আৰু চন্দ্ৰ (প’লো)ৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।
বিমানবন্দৰৰ মূল প্ৰৱেশদ্বাৰত গ্ৰেট হৰ্ণবিল আকৃতিৰ বাঁহৰ গেট নিৰ্মাণ কৰা হৈছে । গ্ৰেট হৰ্ণবিল অৰুণাচল প্ৰদেশৰ ৰাজ্যিক চৰাই ।
ফলাফল
ইয়াৰ পৰা প্ৰমাণিত হৈছে যে ভাইৰেল হৈ থকা ভিডিঅ’টো অৰুণাচল প্ৰদেশৰ ডনি প’লো বিমানবন্দৰৰ নহয় । এই ভিডিঅ’টো বাংগালুৰুৰ কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ হয় ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এইটো অৰুণাচল প্ৰদেশৰ নতুন ডনি প’লো বিমানবন্দৰৰ ভিডিঅ’ নহয়!
Fact Check By: Manjori BorkotokyResult: False
