বন্ধন বেংক আৰু আন মাইক্ৰ ফাইনেঞ্চ বেংকবোৰ অসমত বন্ধ হৈ পৰিব নেকি?

Economy Partly-False

ইউটিউব লিংক | সংৰক্ষিত লিংক

ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুক আৰু ইউটিউবত এক বাতৰি ভাইৰেল হৈ পৰিছে । ভাইৰেল হোৱা বাতৰি/ভিডিঅ’ মতে অসমত বন্ধন বেংক আৰু আন কিছুমান মাইক্ৰ ফাইনেঞ্চ বেংক অচিৰেই বন্ধ হৈ পৰিব । উক্ত ভিডিঅ’টো প্ৰথমতে ‘টিকে মাইণ্ড’ নামৰ এটা ইউটিউব চেনেলত নৱেম্বৰ ৩, ২০১৯ তাৰিখে আপলোড কৰা হৈছিল আৰু উক্ত ভিডিঅ’টো ইতিমধ্যে ৭৮ হাজাৰতকৈ অধিক বাৰ দৰ্শন কৰা হৈছে । ইয়াৰ উপৰিয়ো এই  ভিডিঅ’টোৰ ইউটিউব লিংক ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু এই ৰিপৰ্টটো লিখাৰ পৰলৈকে ২৬৯ বাৰ শ্বেয়াৰ হৈছে । 

সঁচাকৈ অসমত বন্ধ হৈ যাব নেকি বন্ধন বেংক? সত্যতা কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি উক্ত বাতৰিটোৰ লগত জড়িত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ আৰু পালোঁ যে বন্ধন বেংকৰ অসমত অলপ বেয়া দিন চলি আছে সঁচা কিন্ত আমি ক’তো ই বন্ধ হবলৈ ওলাইছে বুলি একো লিখনি বা বাতৰি দেখা নাপালোঁ । 

আমি নৰ্থ-ইষ্ট নাও নামৰ এটা ৱেব পৰ্টেলে এই বিষয়ে বাতৰি যুগুত কৰা দেখা পালোঁ য’ত লিখা হৈছে যে ৰিজাৰ্ভ বেংকে এটা কাঢ়া নিৰ্দেশত বন্ধন বেংকক ৰিজাৰ্ভ বেংকৰ আগতীয়া অনুমতি অবিহনে নতুন শাখা নুখুলিবলৈ কোৱা হৈছে। ৰিজাৰ্ভ বেংকৰ এই নিৰ্দেশটোত বন্ধন বেংকটোৱে অংশীদাৰিত্বৰ নিয়ম মানি চলাত ব্যৰ্থ হোৱা বুলি কোৱা হৈছে।

bandhan nenow.png

অৱশ্যে আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৱেবছাইটত এনে কোনো প্ৰেছ ৰিলিজ বিচাৰি নাপালোঁ ।

আমি আৰু অনুসন্ধান কৰি পালোঁ যে বন্ধন বেংকে অধিক হাৰত সুত আদাই কৰি অসমৰ গাঁওৰ বিত্তীয় ব্যৱস্থাটো ধ্বংস কৰি পেলাইছে বুলি অসমত মহিলাবোৰে আন্দোলন কৰিছে আৰু বন্ধন বেংক আৰু আন মাইক্ৰ ফাইনেঞ্চ বেংকবোৰ চৰকাৰে বন্ধ কৰি দিব লাগে বুলি দাবী জনাইছে । এই বিষয়ে বিজনেছ লাইন নামৰ ৰাষ্ট্ৰীয় নিউজ পেপাৰ খনত সবিস্তাৰে বাতৰি ওলাইছে য’ত লিখা হৈছে যে অসমত হোৱা আন্দোলনৰ ফলত বন্ধন বেংকৰ শ্বেয়াৰ  মূল্য ৪% হ্রাস পাইছে । 

bandhan business line.png

উপৰোক্ত বাতৰিবোৰৰ পৰা এইয়া স্পষ্ট হৈ পৰিছে যে বন্ধন বেংকৰ অসমত বেয়া দিন চলি আছে কিন্তু তথাপি ক’তো অসমত বন্ধন বেংক আৰু আন মাইক্ৰ ফাইনেঞ্চ বেংকবোৰ বন্ধ হৈ পৰিব বুলি কোনো বাতৰি আমাৰ দৃষ্টিগোচৰ হোৱা নাই । অসমৰ বাতৰি কাকত আৰু নিউজ চেনেলবোৰতো এই বিষয়ে কোনো বাতৰি আমাৰ চকুত নপৰিল । 

আনহাতে ৰাষ্ট্ৰীয় নিউজ পেপাৰ লাইভ মিণ্টত প্ৰকাশ পোৱা আন এটা বাতৰি আমাৰ চকুত পৰিল য’ত লিখা হৈছে যে অকল চাৰি বছৰ পুৰণি বন্ধন বেংকে আন ১৭ টা পিএছইউ বেংকৰ সৰ্বমুঠ প্ৰফিটতকৈ বেছি মুনাফা কৰিছে । এই বিষয়ে পঢ়ক ইয়াত । এই বাতৰিটোৰ পৰাও স্পষ্ট হৈ পৰিছে যে বন্ধন বেংকৰ বৰ্তমান সুচল ভাৱে চলি আছে । 

bandhan live mint.png

ফলাফল

বন্ধন বেংকৰ অসমত বেয়া দিন চলি থকাটো সঁচা কিন্তু বন্ধন বেংক আৰু আন মাইক্ৰ ফাইনেঞ্চ বেংকবোৰ অসমত বন্ধ হৈ পৰিব বুলি আমি ক’তো তথ্য নাপালোঁ । উক্ত বাতৰি/ভিডিঅ’টো আংশিকভাৱে মিছা আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিছে । 

Avatar

Title:বন্ধন বেংক আৰু আন মাইক্ৰ ফাইনেঞ্চ বেংকবোৰ অসমত বন্ধ হৈ পৰিব নেকি?

Fact Check By: Manjori Borkotoky 

Result: Partly False