
কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ এইখন ফটো ভাইৰেল হৈ পৰিছে,য’ত তেওঁৰ পিছৰফালৰ কিতাপৰ চেল্ফখনত এখন কিতাপ ৰখা হৈছে,যাৰ নাম, “How to convert India into Christian Nation”। চেল্ফখনত যীশু খ্ৰীষ্টৰ এটা প্ৰতিমুৰ্তি আৰু এখন পৱিত্ৰ বাইবেলো ৰখা হৈছে।

Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে দাবীটো ভূৱা আৰু সেই ফটোখন আচলতে মৰ্ফ কৰা হে।
সত্যতা নিৰূপন পদ্ধতি
ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চাওতে আমি বহুদিন আগতে প্ৰকাশ হোৱা বাতৰিৰ লিংক কিছুমান পালো,য’ত ছোনিয়া গান্ধীয়ে এক অৱস্থাত বহি থকা দেখা হৈছে কিন্তু সেই তিনিটা সামগ্ৰী-যীশু খ্ৰীষ্টৰ মুৰ্তি, “How to convert India into Christian Nation” নামৰ কিতাপখন আৰু বাইবেলখন সেই ফটোত নাই।

Screenshot, article, The New Indian Express
Original Link- The New Indian Express | Archived Link
আনকি ২০২০ৰ ২৯ ডিচেম্বৰত হিন্দুস্তান টাইমছত প্ৰকাশ হোৱা সেই বাতৰিত “Congress’ Sonia Gandhi hits out at ‘black’ farm laws” হেডলাইনেৰে প্ৰকাশ হোৱা বাতৰিতো একেখনেই ফটো একেধৰণৰ লাইটিং,চোনিয়া গান্ধীৰ একেই সাজপাৰ,বহাৰ ধৰণ আদিৰে প্ৰকাশ হৈছে,কেৱল নাই সেই তিনিটা স্পষ্ট সামগ্ৰী।

Screenshot, article, Hindustan Times
Original Link- Hindustan Times | Archived Link
“How to convert India into Christian Nation” নামৰ কিতাপখনৰ সলনি সেই স্থানত বেলেগ কিতাপ হে আছে। আৰু যীশু খ্ৰীষ্টৰ মুৰ্তি আৰু বাইবেল থৈ দিয়া স্থানখিনি খালি হৈ আছে।
দুয়োখন ফটোৰে তুলনাত্মক দৃশ্য এয়া:

ওপৰোক্ত ফটোৰ পৰা স্পষ্ট যে ভাইৰেল ফটোখন মৰ্ফ কৰা।
ফলাফল
পিছফালৰ কিতাপৰ চেল্ফত “How to convert India into Christian Nation” নামৰ কিতাপখন, যীশুৰ মুৰ্তি আৰু বাইবেল থকা ছোনিয়া গান্ধীৰ ফটোখন মৰ্ফ কৰা।

Title:ছোনিয়া গান্ধীৰ ফটোৰ মৰ্ফ কৰা বেকড্ৰপ ভাইৰেল হৈ পৰিছে।
Fact Check By: Manjori BorkotokyResult: Altered
