“পাঠান” ছবি সম্পৰ্কে বিবিচিৰ ভাইৰেল টুইটটো ভুৱা

শেহতীয়াকৈ বিবিচি নিউজৰ টুইটাৰৰ এটা স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে য’ত বলীউডৰ অভিনেতা শ্বাহৰুখ খানে পাকিস্তানক দ্বিতীয় ঘৰ বুলি অভিহিত কৰি ঘোষণা কৰিছে যে তেওঁৰ ছবি ‘পাঠান’ৰ প্ৰথম দিনাৰ পৰা পোৱা ধন পাকিস্তানী এন জি অ’ক প্ৰদান কৰা হ’ব। জন আব্ৰাহাম আৰু দীপিকা পাডুকনে শ্বাহৰুখ খানৰ এই সিদ্ধান্তক সমৰ্থন কৰি “বয়ক’ট গেঙ”ৰ প্ৰতি তেওঁলোকৰ […]

Continue Reading

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি টুনিশা শৰ্মা গৰ্ভৱতী নাছিল

টেলিভিছন ধাৰাবাহিক আলিবাবা: দস্তান-ই-কাবুল আৰু ফিতুৰ আদিৰ দৰে চিনেমাত কাম কৰা অভিনেত্ৰী টুনিশা শৰ্মা (২০)ই যোৱা ২৪ ডিচেম্বৰত আত্মহত্যা কৰে।  এইগৰাকী যুৱ শিল্পীৰ আত্মহত্যাই সকলোকে স্তম্ভিত কৰি তুলিলে। অৱশ্যে মৃত অভিনেত্ৰীগৰাকীৰ মাতৃয়ে টুনিশা শৰ্মাৰ প্ৰাক্তন প্ৰেমিক তথা সহ অভিনেতা শ্বীজান খানে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ অভিযোগৰ পিছতে মুম্বাই আৰক্ষীয়ে খানক জিম্মাত […]

Continue Reading

মেছিয়ে সাৱটি ধৰা মহিলাগৰাকী তেওঁৰ মাক নহয়

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মেছিয়ে নিজৰ মাতৃক সাৱটি ধৰা বুলি দাবী কৰা হৈছে। পোষ্টটোত দিয়া ভিডিঅ’টোত দেখা গৈছে যে আৰ্জেণ্টিনাৰ ফুটবলাৰ লিয়নেল মেছিয়ে শান্তভাৱে খোজ কাঢ়ি গৈ আছে আৰু তেতিয়া পিছফালৰ পৰা এগৰাকী মহিলা তেওঁৰ ওচৰলৈ আহে আৰু মেছিয়ে তেওঁক সাৱটি ধৰে আৰু মহিলাগৰাকী আৱেগিক হৈ পৰে। পোষ্টটোৰ কেপচনত লিখা আছে, “মাতৃক […]

Continue Reading

ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ পাছত ব্ৰাজিল দলৰ অনুৰাগীয়ে দলটোৰ ওপৰত কণী নিক্ষেপ কৰা বুলি পুৰণি আৰু অপ্ৰাসংগিক ভিডিঅ’শ্বেয়াৰ কৰা হৈছে

ফিফা বিশ্বকাপ ২০২২ত ব্ৰাজিলে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পিছত ক্ষুব্ধ অনুৰাগীৰ দল এটাই বাছত কণী নিক্ষেপ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এনেধৰণৰ ভিডিঅ’ ইউটিউবত আপলোড হোৱা দেখা গৈছে। Capital TV নামৰ এটা ইউটিউব চেনেলে আপলোড কৰা এটা ভিডিঅ’ত কোৱা হৈছে যে ব্ৰাজিল দল ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ ফলত অনুৰাগীসকলে ব্ৰাজিল দলৰ […]

Continue Reading

অসমত কোনো ধৰণৰ লাভ জেহাদৰ ঘটনা সংঘটিত হোৱা নাই

শেহতীয়াকৈ শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত ‘লাভ জেহাদ’ দাবীৰে কেইবাটাও অভিযোগ বৃদ্ধি পোৱা দেখা গৈছে। এই অভিযোগসমূহৰ অধিকাংশৰে একে ধৰণৰ আৰ্হি আছে,য’ত থাকে এজন মুছলমান পুৰুষ, এগৰাকী হিন্দু মহিলা আৰু এক ভয়ংকৰ হত্যাকাণ্ড। ইয়াৰ মাজতে অসমত সাতজন মুছলমান পুৰুষে কাজল নামৰ ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত […]

Continue Reading

স্কুল ইউনিফৰ্মত ৰীল বনালে জৰিমনা ভৰিব লাগিব নেকি?

শেহতীয়াকৈ এটা বিশেষ বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। বাতৰিটোত লিখা আছে এইদৰে: “এতিয়াৰে পৰা স্কুল ইউনিফৰ্মত Reels বনালে যাব লাগিব জেললৈ অন্যথা ভৰিব লাগিব ৫০ হাজাৰ টকা জৰিমনা”। এই বাতৰিটো বিভিন্নজনে চ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰা দেখা গৈছে। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত আৰু ইয়াতো দেখিবলৈ পাব। আমি ফেক্ট […]

Continue Reading

এই ভিডিঅ’টোত থকা গায়িকাগৰাকী সুমন কল্যাণপুৰ নহয়

এগৰাকী বৃদ্ধা মহিলাই গান গোৱাৰ ভিডিঅ’ হোৱাটছ‌এপযোগে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত মহিলাগৰাকীৰ সৈতে এজন পুৰুষে গানটো গাই থকা দেখা গৈছে। হোৱাটছ‌এপত এই ভিডিঅ’টো শ্বেয়াৰ কৰি এই দাবী কৰা হৈছে যে বৃদ্ধাগৰাকী আন কোনো নহয়, তেওঁ হ’ল এসময়ৰ বিখ্যাত গায়িকা সুমন কল্যাণপুৰ। ভাইৰেল পোষ্টটোৰ লগতে লিখা হৈছে- ৮৪ বছৰ বয়সত সুমন কল্যাণপুৰে এই গীতটো গাইছে। Archived […]

Continue Reading

ভূমিকম্পৰ সময়তো নামাজ পঢ়ি থকা এই ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয়

যোৱা ২১ তাৰিখ সোমবাৰে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত হোৱা এক বিধ্বংসী ভূমিকম্পত প্ৰায় ২৬৮ গৰাকী ব্যক্তিৰ প্ৰাণহানি হোৱাৰ লগতে বহুতো লোক আহত হয়। ভূমিকম্পৰ পাছতে এই সম্পৰ্কীয় বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ইয়াৰ মাজতে এটা বিশেষ ভিডিঅ’ই চ’চিয়েল মেডিয়াত চৰ্চা লাভ কৰা দেখা গৈছে। ভিডিঅ’ত দেখা গৈছে যে প্ৰচণ্ড ভূমিকম্পৰ মাজতো এটা মছজিদত […]

Continue Reading

WHO-এ সকীয়াই দিছিল নেকি যে ৮৭% ভাৰতীয়ই গাখীৰৰ অপমিশ্ৰণৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হ’ব?

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ স্ক্ৰীনশ্বট ফ’ৰৱাৰ্ড কৰা হৈছিল। সেই স্ক্ৰীনশ্বটটো আছিল “দ্য ইকনমিক টাইমছ”ৰ।  দ্য ইকনমিক টাইমছৰ স্ক্ৰীণশ্বটৰ সৈতে ভাইৰেল বাৰ্তাটোত তলত দিয়া ধৰণে লিখা আছে- “শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰক এক পৰামৰ্শ জাৰি কৰি কয় যে যদিহে গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ মিশ্ৰণ তৎক্ষণাত পৰীক্ষা কৰা নহয় তেন্তে ২০২৫ চনৰ ভিতৰত ৮৭% […]

Continue Reading

এই ফটোখন ইমৰাণ খানৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণৰ নহয়

যোৱা ৩ নৱেম্বৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত আক্ৰমণ হৈছিল। পঞ্জাৱ প্ৰদেশৰ ৱাজিৰাবাদত এখন সভাত ভাষণ দি থকা অৱস্থাত এজন বন্দুকধাৰীয়ে তেওঁলৈ গুলীচালনা কৰিছিল। যাৰ ফলত তেওঁ ভৰিত আঘাত পাইছিল আৰু তেওঁক ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। তেওঁ বৰ্তমান সংকটমুক্ত। ইমৰাণ খানৰ লগতে তেওঁৰ কেইজনমান সমৰ্থকো আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত এখন […]

Continue Reading