তৰমুজত ৰাসায়নিক পদাৰ্থ মিহলাই থকা এই ভিডিঅ’টো এটা স্ক্ৰীপ্টেড ভিডিঅ’।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে মুখত কাপোৰ বান্ধি থকা এজন ব্যক্তিক তৰমুজত ৰাসায়নিক পদাৰ্থ মিহলি কৰি থকা বুলি এজন পুলিচে লাঠী দেখুৱাই ধমক দি আছে। পুলিচজনক ভিডিঅ’টোত দেখা যোৱা নাই যদিও লাঠীডাল আৰু ভিডিঅ’টোত হোৱা কথা-বতৰাৰ পৰা আনজন ব্যক্তি পুলিচ বুলি বুজিব পৰা যায়। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে […]

Continue Reading

২০২৪ চনৰ ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল। ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা যায়,”২০২৪ ৰ ৪ জুনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব” (२०२४, ४ जून, नरेंद्र मोदी हिंदुस्तान के प्रधानमंत्री रहेंगे)। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইমান সচা কথা কোৱা মানুহ এই পৃথিৱীত দ্বিতীয় এজন নাই ।” Facebook Link | Archived […]

Continue Reading

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত হোৱা ভোটগ্ৰহণৰ অনিয়মৰ ঘটনা শেহতীয়া সাধাৰণ নিৰ্বাচনৰ বুলি ভাইৰেল।

শেহতীয়াকৈ এটা পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে অসমৰ ডিমা হাছাও জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত মাত্ৰ ৯০ জন ভোটাৰ আছিল, কিন্তু ইভিএমত ১৭১ টা ভোট পোৱা গৈছে। নিৰ্বাচন আয়োগৰ পাঁচজন বিষয়াকো নিলম্বন কৰা হৈছে।  এই সম্পৰ্কে কৰা এটা টুইটৰ স্ক্ৰীণশ্বট আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সঁচাকৈয়ে […]

Continue Reading

যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা বুলি দাবী কৰা এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ থাম্বনেইলত লিখা আছিল, “ভাৰত মে মধুমেহ কি মহামাৰী পৰ বিজয় প্ৰাপ্ত কি গ‌ই হ্যে! মধুমেহ কো অলৱিদা কহে” (ভাৰতত মধুমেহ জয় কৰা হৈছে! মধুমেহৰ পৰা বিদায় লওক)। ভিডিঅ’টোত যোগী আদিত্যনাথে কয় যে এই ঔষধ ভাৰতীয় বিজ্ঞানীয়ে প্ৰস্তুত […]

Continue Reading

ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। দাবীটো ভুৱা।

ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ নিশ্চিত হোৱাৰ পাছৰেপৰা ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীক কটাক্ষ কৰি বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বৰ্তমান পৰিৱেশ টোৱে ৰাজনীতিৰ হয়। গতিকে যিফালে চাওঁ ৰাজনীতিৰে কথা। কালি দেখিলো আমেঠীত স্মৃতি ইৰাণীৰ লগত প্ৰতিযোগিতা কৰি ২০১৯ পৰাস্ত হোৱা ৰাহুল গান্ধীয়ে […]

Continue Reading

মক প’ল ভিডিঅ’ প্ৰকৃত ভোটগ্ৰহণৰ ভিডিঅ’ বুলি ভাইৰেল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ অন্ত পৰিল। ১৯ এপ্ৰিলৰ পৰা প্ৰথম পৰ্যায় আৰম্ভ হৈছিল, তাৰ পিছত ২৬ এপ্ৰিলৰ পৰা দ্বিতীয় পৰ্যায়। তৃতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন ৭ মে’ত অনুষ্ঠিত হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচন সম্পৰ্কীয় বহুতো ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত […]

Continue Reading

কৰ্ণাটকৰ পুৰোহিতসকলৰ এক পুৰণি ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেইগৰাকীমান পুৰোহিত আৰু আন ব্যক্তিৰ মাজত বাক-বিতণ্ডা হোৱা দেখা গৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “💰দান পাত্ৰৰ টকা💰 কৰ্ণাটকৰ অধিকাৰী বিষয়ববীয়াই মন্দিৰৰ দানপাত্ৰত উঠা টকা নিব আহিছিল। পূজাৰী সকলে বিৰোধিতা কৰি আগতে মছজিদ আৰু চাৰ্ছৰ দান পাত্ৰৰ টকা আনিব দিলে। হিন্দু জাগিছে🚩 Facebook Link | […]

Continue Reading

বিজেপি পুনৰ ক্ষমতালৈ আহিলে SC, ST আৰু OBCৰ সংৰক্ষণ নোহোৱা কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল নেকি?

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত অমিত শ্বাহে কোৱা শুনা যায়, “বিজেপি চৰকাৰ পুনৰ গঠন হ’লে আমি অসাংবিধানিক অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি(ST) আৰু অবিচিৰ (OBC) সংৰক্ষণ বাতিল কৰিম”। Facebook Link | Archived Link  একেধৰণৰ পোষ্ট আমি ইয়াত আৰু ইয়াতো পালোঁ।  Archived Link  কিন্তু সঁচাকৈয়ে অমিত শ্বাহে তেনেকৈ কৈছিলনে?  […]

Continue Reading

ৰাহুল গান্ধীৰ সমৰ্থকে কেৰেলাত ইছলামিক পতাকা লৈ ৰেলী কৰিছিল নেকি?

শেহতীয়াকৈ ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত এক ৰাজনৈতিক ৰেলীত সেউজীয়া পতাকা লৈ এদল মানুহে শ্লোগান দিয়া দেখা গৈছে। দাবী কৰা হৈছে যে এয়া কেৰেলাৰ ৰাহুল গান্ধীৰ সমৰ্থক মুছলমান লোকৰ ৰেলী। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ […]

Continue Reading

ৰাহুল গান্ধীৰ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ হায়দৰাবাদত কংগ্ৰেছ দলৰ নিৰ্বাচনী ঘোষণাপত্ৰ উন্মোচন কৰি ৰাহুল গান্ধীয়ে দিয়া এক ভাষণ ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা গৈছে,”আমি দেশৰ এক্স-ৰে কৰিম আৰু স্পষ্ট হ’ব — সংখ্যালঘুসকলে গম পাব যে দেশত তেওঁলোকৰ অংশ কি।” তাৰ পিছত তেওঁ কয় যে তেওঁলোকে ভাৰতৰ সম্পদ কোনটো গোটৰ হাতত আছে সেইটো জানিবলৈ বিত্তীয় […]

Continue Reading