কংগোৰ নাও দুৰ্ঘটনাৰ ভিডিঅ’ গোৱাৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে ফেচবুক হোৱাটছএপত।

শেহতীয়াভাবে অসমৰ ফেচবুক এটা বিশেষ ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মাজ সাগৰত এখন জাহাজ ডুবি গৈছে।

Update: 2024-10-07 07:49 GMT

শেহতীয়াভাবে অসমৰ ফেচবুক এটা বিশেষ ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মাজ সাগৰত এখন জাহাজ ডুবি গৈছে। অসংখ্য যাত্ৰীৰে ভৰি থকা জাহাজখন আহি থাকোতে এফালে বাগৰি পৰি ডুবি যায়। সেই দুৰ্ঘটনাটো ভাৰতৰ গোৱাৰ বুলি দাবী কৰি ফেচবুক তথা কোনো কোনো লোকে হোৱাটছএপটো শ্বেয়াৰ কৰিছে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে-গোৱাত শোকাৱহ দুৰ্ঘটনা । সাগৰত ডুবিল অভাৰলোডিং নাওঁ । নাওঁৰ মালিকৰ লোভত পৰ্য্যটকৰ মৃত্যু। ৬৪ জন যাত্ৰী সন্ধানহীন, ২৩ জনৰ মৃতদেহ উদ্ধাৰ, ৪০ জন যাত্ৰীক জীৱন্তে উদ্ধাৰ।ঘটনাক লৈ সমগ্ৰ গোৱাত শোকাকুল পৰিবেশ।




 

Facebook Link Archived Link

তদুপৰি আন বহুকেইটা ফেচবুক পেজ তথা ফেচবুক ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো শ্বেয়াৰ কৰি সেয়া গোৱাৰ নাও দুৰ্ঘটনা বুলি দাবী কৰি পোষ্ট কৰিছে। তেনেকুৱা পোষ্টবোৰ আপোনালোকে ইয়াত,ইয়াত,ইয়াত,ইয়াত,ইয়াত,আৰু ইয়াত চাব পাৰিব।

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ফেচবুক, এক্স, ইউটিউৱ আদিৰ কিছুমান লিংক লাভ কৰাৰ লগতে কিছুমান বাতৰিও পালোঁ। এক্সত এজন ব্যৱহাৰকাৰীয়ে ৩ অক্টোবৰ ২০২৪ত সেই ভিডিঅ’টো আপলোড কৰি লিখিছে-A boat has capsized along the Goma/Bukavu route in the DR Congo.Many bodies at the Goma City Mortuary. God please save as many passengers as possible. (ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ গোমা বুভাকু পথত নাওখন দুৰ্ঘটনাগ্ৰস্থ হয়।গোমা চহৰৰ মৰ্চুৱেৰীত বহুতো মৃতদেহ আছে। ভগবানে যিমান পাৰে সিমান বেছি লোকক ৰক্ষা কৰক)


A boat has capsized along the Goma/Bukavu route in the DR Congo.

আমি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিস্থান এছ’চিয়েটেড প্ৰেছৰ এটা ইউটিউৱ লিংক পালোঁ, Video shows moment boat sinks in eastern Congo, killing at least 78 শীৰ্ষক ভিডিঅ’টোত ঘটনাটো কংগোৰ বুলি উল্লেখ কৰা হৈছিল আৰু তাত ৭৮জন লোকৰ মৃত্যু হোৱাৰ কথা কোৱা হৈছিল।


Full View

ইয়াৰ পাছত আমি সেই ভিডিঅ’টো আপলোড কৰি দিয়া এটা ফেচবুক পোষ্ট লাভ কৰিলোঁ, য’ত গোৱা পুলিচৰ উদ্ধৃতি দি কোৱা হৈছে যে সেই দৃশ্য গোৱাৰ নহয় আৰু গোৱা পুলিছে ইতিমধ্যে সেই সম্পৰ্কে স্পষ্টীকৰণ দিছে।


Full View

সেই সম্পৰ্কে দ্য ফেডাৰেলে কৰা এটা বাতৰিও আমি পালোঁ, য’ত গোৱা পুলিছে সেই ঘটনাটো গোৱাৰ নহয় বুলি উল্লেখ কৰাৰ কথা কোৱা হৈছে আৰু ঘটনাটো কংগোৰ বুলি কোৱা হৈছে।




 

সদৌ শেষত আমি গোৱা পুলিছে এক্সত দিয়া স্পষ্টীকৰণটো বিচাৰি পালোঁ। তাত তেওঁলোকে উল্লেখ কৰিছে যে ঘটনাটো গোৱাৰ নহয়, কংগোৰ হে হয়।



ইমানখিনি তথ্য প্ৰমাণৰ পৰা নিশ্চিত হৈছোঁ যে সেই নাও দুৰ্ঘটনাটো ভাৰতৰ গোৱাৰ নহয়, বৰং ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ হে হয়। গোৱাৰ বুলি মিছা দাবীৰে ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।সেই নাও দুৰ্ঘটনাটো ভাৰতৰ গোৱাৰ নহয়, বৰং ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ হে হয়। গোৱাৰ বুলি মিছা দাবীৰে ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Claim :  কংগোৰ নাও দুৰ্ঘটনাৰ ভিডিঅ’ গোৱাৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে ফেচবুক হোৱাটছএপত।
Claimed By :  Social Media Users
Fact Check :  FALSE
Tags:    

Similar News