৭৬ বছৰীয়া বৃদ্ধই ১২ বছৰীয়া নাবালিকাক বিয়া পতা ভিডিঅ’টো বাস্তৱ নহয়, চিত্ৰনাট্যযুক্ত অৰ্থাৎ স্ক্ৰিপ্টেড। 

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী বৃদ্ধ ব্যক্তিৰ সৈতে এগৰাকী নাবালিকাৰ বিবাহৰ বিষয়ে কোৱা হৈছে। ভিডিঅ’টো মৰ্মে তেওঁলোক ইছলামধৰ্মী লোক বুলি জানিব পৰা যায়। দাবী কৰা হৈছে যে এগৰাকী ৭৬বছৰীয়া বৃদ্ধই এগৰাকী ১২ বছৰীয়া নাবালিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ। তাৰে এটা […]

Continue Reading

মহাৰাষ্ট্ৰ ৰিক্সা পঞ্চায়তৰ প্ৰতিস্থাপক বাবা কাম্বলেৰ পুৰণি ফটো এখন একনাথ সিন্দেৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো ব্যাপকভাৱে প্ৰচাৰ হৈছে। ফটোখনত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দেক দেখা গৈছে এফালে আৰু আনফালে দেখা গৈছে এখন পুৰণি ফটো। সেই পুৰণি ফটোখনত এখন অটোৰিক্সাৰ সমুখত এজন লোক থিয় হৈ আছে আৰু সেই লোকজনেই একনাথ সিন্দে বুলি দাবী কৰা হৈছে। দাবী মতে সেইখন একনাথ সিন্দেৰ পুৰণি ফটো।  আমাৰ ফেক্টলাইন নম্বৰ […]

Continue Reading

কংগোৰ নাও দুৰ্ঘটনাৰ ভিডিঅ’ গোৱাৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে ফেচবুক হোৱাটছএপত।

শেহতীয়াভাবে অসমৰ ফেচবুক এটা বিশেষ ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মাজ সাগৰত এখন জাহাজ ডুবি গৈছে। অসংখ্য যাত্ৰীৰে ভৰি থকা জাহাজখন আহি থাকোতে এফালে বাগৰি পৰি ডুবি যায়। সেই দুৰ্ঘটনাটো ভাৰতৰ গোৱাৰ বুলি দাবী কৰি ফেচবুক তথা কোনো কোনো লোকে হোৱাটছএপটো শ্বেয়াৰ কৰিছে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে-গোৱাত শোকাৱহ দুৰ্ঘটনা । সাগৰত […]

Continue Reading

শ্বেইখ হাছিনাই দিল্লীত ৰন্ধা-বঢ়া কৰা দাবীটো অসত্য। ফটোখন প্ৰায় ৯ বছৰো অধিক কাল পুৰণি আৰু সেয়া বাংলাদেশৰ ফটো।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ এখন ফটো আপলোড কৰা হৈছে। ৰান্ধনীশালত খাদ্য প্ৰস্তুত কৰি থকা অৱস্থাত তোলা ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে ফটোখন শেহতীয়া আৰু শ্বেইখ হাছিনাই এইদৰে ভাৰতৰ ৰাজধানী দিল্লীত খাদ্য প্ৰস্তুত কৰি আছে। লিখা হৈছে- দিল্লীত সুস্বাদু ব্যঞ্জন বনাই থকা অৱস্থাত।বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা। Facebook […]

Continue Reading