কিহৰ বাবে আজি ছাহাৰা মৰুভূমিতো বানপানী হৈছে। বিশ্বৰ বতৰ পৰিৱৰ্তনৰ কাৰক আৰু বিৰূপ প্ৰভাৱৰ পৰা পৰিত্ৰানৰ উপায় সম্পৰ্কত আমাৰ এক বিশ্লেষণাত্মক লেখা।

শেহতীয়াভাবে বিশ্বৰ সৰ্ববৃহত মৰুভূমি ছাহাৰাত হোৱা বানপানীৰ বাতৰিয়ে বিশ্বৰ দৃষ্টি আকৰ্শন কৰায়ে নহয়, বহুলোকক চিন্তিতও কৰি তুলিছে।

Update: 2024-10-18 14:40 GMT

শেহতীয়াভাবে বিশ্বৰ সৰ্ববৃহত মৰুভূমি ছাহাৰাত হোৱা বানপানীৰ বাতৰিয়ে বিশ্বৰ দৃষ্টি আকৰ্শন কৰায়ে নহয়, বহুলোকক চিন্তিতও কৰি তুলিছে। কাৰণ পৰিবেশতন্ত্ৰৰ পৰিৱৰ্তনৰ বাবে এইদৰে এখন মৰুভূমি প্লাৱিত হৈ পৰাটো বিশ্বৰ আগশাৰীৰ পৰিবেশবিদসকলৰ বাবে এক চিন্তাৰ কাৰণ। মৰক্কোত দুদিন ধৰি হোৱা বৰষুণৰ বাবে এইদৰে ছাহাৰা মৰুভূমিৰ বিস্তিৰ্ণ এলেকা প্লাৱিত হৈ পৰা দেখা গৈছে। অসমৰ সংবাদ মাধ্যমতো সেই বাতৰিয়ে আগস্থান লাভ কৰিছে। তেনেকুৱা একাধিক বাতৰি আপোনালোকে ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

বিশ্বৰ এক অগতানুগতিক পৰিঘটনা হিচাপে বিবেচিত এই বিষয়টো সামৰি আমি এই বিশ্লেষণাত্মক লেখা প্ৰস্তুত কৰিছোঁ। কি কাৰণত এইদৰে আগেয়ে নঘটা অৰ্থাত অভূতপূৰ্ব এক ঘটনা ঘটিল? কি কি কাৰকে এই ঘটনা সংঘটিত কৰিলে। কিবা পূৰ্বানুমান কৰা হৈছিল নেকি? অনাগত সময়ত বতৰৰ এই পৰিৱৰ্তনে মৰুভূমিখনৰ ক্ষেত্ৰত কিবা বিৰূপ প্ৰভাৱ পেলাব পাৰে নেকি? ইয়াৰ পৰিত্ৰানৰ উপায় কি ? আদি কথা সামৰি আমাৰ এই লেখাটো প্ৰস্তুত কৰা হৈছে।



ছাহাৰা মৰুভূমিৰ উপগ্ৰহৰ পৰা সংগৃহীত ফটো

 

কি কাৰণত এইদৰে আগেয়ে নঘটা এক ঘটনা ঘটিল?

সাধাৰণতে আমি মৰুভূমি বুলিলেই চকুৰে মনিব পৰা দূৰলৈকে কেৱল বালি আৰু বালিৰ কথাকে বুজোঁ। কিন্তু মৰুভূমিত পানী বা বানপানীৰ কথা কল্পনা নকৰোঁ। মুষলধাৰ বৰষুণ অথবা মৰুভূমি একেবাৰে প্লাৱিত হৈ যোৱা কথাতো সাধাৰণতে আমি চিন্তা কৰিবলৈয়ো কঠিন। কিন্তু শেহতীয়াকৈ সেই ঘটনায়ে ঘটিল। ইতিমধ্যেই এই লেখাৰ প্ৰাৰম্ভতে উল্লেখ কৰিছোঁ যে মৰক্কোত দুটা দিনৰ দোপালপিতা বৰষুণে ছাহাৰা মৰুভূমিৰ বিস্তৃত অঞ্চল বুৰাই পেলাইছে। তাৰ কাৰণ হিচাপে বিশেষজ্ঞসকলে সমগ্ৰ বিশ্বতে হোৱা বতৰ পৰিৱৰ্তনকে আঙুলিয়াইছে। ক্ৰমাগতভাৱে পৰিৱৰ্তন হৈ অহা পৰিপাৰ্শ্বিক পৰিস্থিতিয়ে মানুহৰ সাধাৰণৰ ধাৰণাবোৰ খেলিমেলি কৰি দিছে। মৰুভূমিত বানপানী হৈছে, নৈ শুকাই গৈছে, অৰণ্যত গছ মৰি গৈছে অথবা শীতল অঞ্চলত প্ৰচণ্ড গৰমৰ প্ৰকোপ হৈছে। মূলতঃ মানৱসৃষ্ট পৰিবেশ পৰিৱৰ্তনেই এই বৰষুণ তথা বনপানীৰ কাৰণ হিচাপে বিবেচিত হৈছে । অনাগত সময়ত অনুৰূপ বান পৰিস্থিতি হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। ছাহাৰা মৰুভূমিত হোৱা এই পৰিৱৰ্তন সন্দৰ্ভত অধিক তথ্য আপোনালোকে ইয়াত সবিস্তাৰে পঢ়িবলৈ পাব

শেহতীয়াকৈ থাৰ মৰুভূমিতো একে পৰিস্থিতি হৈছিল। সেই সম্পৰ্কে ক্লাইমেট ফেক্ট ছেকৰ এক বিস্তৃত লেখা ইয়াত পঢ়িব পাৰিব

কি কি কাৰকে এই ঘটনা সংঘটিত কৰিলে?

সমগ্ৰ বিশ্বতে বতৰৰ পৰিৱৰ্তন হৈছে। অতি শেহতীয়া আৰু তেনেই চিনাকি এক উদাহৰণ আমাৰ প্ৰদেশৰ গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীত আগেয়ে নোহোৱা গ্ৰীষ্মৰ উত্তাপ পোৱা গৈছে। তদুপৰি হঠাতেই সেই উত্তাপৰ পাছত প্ৰচণ্ড বৰষুণ। সেই বৰষুণে সমগ্ৰ গুৱাহাটীতে এক অভাৱনীয় পৰিবেশৰ সৃষ্টি কৰিলে। ইয়াৰ পূৰ্বে বানপানী নোহোৱা স্থানো বানত বুৰ গ’ল। ইয়াৰ কাৰক হিচাপে আমি প্ৰদূষণৰ কথা ক’ব পাৰোঁ। মূলতঃ বায়ু প্ৰদূষণ আৰু প্লাষ্টিকৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত হোৱা প্ৰদূষণে পাৰিপাৰ্শ্বিক পৰিস্থিতি সলনি কৰি দিছে বাবেই নোহোৱা নোপোজা ঘটনাবোৰ ঘটিছে। তদুপৰি নগৰীয়া তাপ দ্বীপ(Urban Heat Island )ৰ প্ৰভাৱেও অন্যতম কাৰক হিচাপে দেখা দিছে।

নগৰীয়া তাপ দ্বীপ(Urban Heat Island ) তেতিয়াই হয় যেতিয়া এখন চহৰত ওচৰৰ গ্ৰাম্য অঞ্চলতকৈ বহু বেছি উষ্ণতা অনুভৱ হয়। চহৰ আৰু কম উন্নত গ্ৰাম্য অঞ্চলৰ উষ্ণতাৰ পাৰ্থক্যৰ সৈতে প্ৰতিটো পৰিৱেশৰ পৃষ্ঠই কিমান ভালদৰে তাপ শোষণ আৰু ধৰি ৰাখে তাৰ সৈতে ই জড়িত। গুৱাহাটীতো সেই একেই পৰিবেশৰ সৃষ্টি হৈছিল।

একেই কাৰকে ছাহাৰা মৰুভূমিৰ বানৰ আঁৰতো কাম কৰা বুলি ক’ব পৰা যায়। তদুপৰি শেহতীয়া তথ্যত প্ৰকাশ যে ছাহাৰা মৰুভূমিৰ ব্যাপ্তি দিনক দিনে বৃদ্ধি হৈছে। সেই ব্যপ্তিয়েও এই পৰিস্থিতিৰ আঁৰৰ এক নিৰৱ কাৰক হিচাপে বিবেচিত হৈছে।World Meteorological Organizationৰ মুৰব্বী Celeste Sauloএ কৈছে যে সমগ্ৰ বিশ্বতেই এতিয়া জলচক্ৰৰ ব্যাপক পৰিৱৰ্তন হৈছে। যাৰ ফলত বিভিন্ন স্থানত বৰষুণ, বৰষুণৰ পৰিমান, বৰষুণৰ ধৰণ আদি সলনি হৈ পৰিছে।

তদুপৰি গোলকীয় উষ্ণতা হৈছে এক অন্যতম কাৰক। ইয়াৰ ফলত বিশ্বৰ ভিন্ন প্ৰান্তত বতৰৰ পৰিৱৰ্তন হৈছে। আমাৰ গুৱাহাটীৰ বতৰৰ পৰিৱৰ্তনো ইয়াৰেই ফলশ্ৰুতি বুলি বিশেষজ্ঞসকলে ক”ব খোজে।

কিবা পূৰ্বানুমান কৰা হৈছিল নেকি?

নিশ্চিতভাৱে। ইয়াৰ পূৰ্বনুমান সময়ে সময়ে কৰি অহা হৈছে। বতৰ বিজ্ঞান বিশেষজ্ঞসকলে ইয়াৰ বিষয়ে সময়ে সময়ে সময়ে সকীয়াই দি আহিছে। যিদৰে বতৰ পৰিৱৰ্তনে আমাৰ দেশৰ থাৰ মৰুভূমিৰ চৰিত্ৰ সলনি হোৱাৰ পূৰ্বানুমান কৰি বিশেষজ্ঞই মন্তব্য কৰিছিল, ঠিক একেধৰণৰ পূৰ্বানুমানেই ছাহাৰা আৰু আন মৰুভুমিৰ ক্ষেত্ৰতো প্ৰযোজ্য। কাৰণ এখন মৰুভূমিৰ চৰিত্ৰ আন এখনৰ লগত বহুখিনি মিলে। কিছুদিন পূৰ্বে ডুবাইত হোৱা বানপানীৰ ক্ষেত্ৰত ক্লাইমেট ফেক্ট ছেকৰ তৰফৰ পৰা শ্ৰীলংকাৰ বতৰ বিজ্ঞানৰ সঞ্চালক প্ৰধান আথুলা কৰুনানায়াকৰ সৈতে কথা পতা হৈছিল। ডুবাই বানপানীৰ একমাত্ৰ কাৰণ হিচাপে ডাৱৰৰ বীজ সিঁচা(Cloud seeding) যুক্তিটোক একমাত্ৰ কাৰণ হিচাপে নস্যাত কৰি তেওঁ কয় যে, “এই কাণ্ডক জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ ফলত হোৱা চৰম পৰিঘটনা বুলি বৰ্ণনা কৰিব পাৰি। জলবায়ু পৰিৱৰ্তনৰ লগতে পৃথিৱীৰ যিকোনো ঠাইতে, অভাৱনীয়ভাৱে এনে চৰম পৰিঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাও আছে।”

কৰুনানায়াকে ইউ এ ইৰ বতৰ বিজ্ঞান প্ৰযুক্তিৰ কৌশলগততাক স্বীকাৰ কৰে যদিও এই অপ্ৰত্যাশিত পৰিঘটনাসমূহৰ ভৱিষ্যদ্বাণী কৰাৰ অন্তৰ্নিহিত সীমাবদ্ধতাক স্পষ্ট কৰি তুলিছে। তেওঁ এই কথাটোক আৰু অধিক শক্তিশালী কৰি কয় যে, “যদিও ইউ এ ইত বতৰ বিজ্ঞানৰ জোখ-মাখ আৰু পূৰ্বাভাসৰ বাবে বহুতো উন্নত প্ৰযুক্তি আছে, এই অপ্ৰত্যাশিত পৰিঘটনাবোৰ ধৰি ৰাখিব পৰা কোনো চিন নোহোৱাকৈয়ে সংঘটিত হ’ব পাৰে।” তদুপৰি কৰুণানায়কে ডাৱৰৰ বীজ সিঁচাৰ সীমাবদ্ধতাৰ ওপৰত আলোকপাত কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে ডাৱৰৰ বীজ সিঁচি বৰষুণ বৃদ্ধি কৰিব পাৰে যদিও সাধাৰণতে ই সামান্য পৰিমাণেহে উৎপাদন কৰে। তেওঁ কয়: “কিন্তু ডাৱৰৰ বীজ সিঁচাৰ দ্বাৰা এনে বৰষুণ হ’ব নোৱাৰে। ডাৱৰৰ বীজ সিঁচাৰ ফলত সাধাৰণতে এনে প্ৰচণ্ড বৰষুণ হ’ব নোৱাৰে। ই মাত্ৰ নিৰ্ধাৰিত পৰিমাণৰ বৰষুণ বৃদ্ধি কৰিব পাৰে।” তেওঁ যুক্তি আগবঢ়ায় যে ডাৱৰৰ বীজ সিঁচাৰ দ্বাৰা বানপানীৰ সূচনা কৰাটো অবাস্তৱ আৰু ব্যয়বহুল হ’ব: “যদি কোনোবাই ডাৱৰৰ বীজ সিঁচাৰ পৰা প্ৰচণ্ড বৰষুণ পাবলৈ চেষ্টা কৰে, তেন্তে ই এক ব্যয়বহুল প্ৰক্ৰিয়া হ’ব।” শেষত, এই প্ৰযুক্তিৰ সৈতে ডুবাইৰ অভিজ্ঞতা বিবেচনা কৰিলে কৰুনানাকে বিশ্বাস কৰে যে তেওঁলোকে ইমান বিপদজনক কৌশলৰ চেষ্টা নকৰিলেহেঁতেন: “ডুবাই ডাৱৰৰ বীজ সিঁচাৰ ভাল অভিজ্ঞতা থকা অঞ্চল আৰু তেওঁলোকে কেতিয়াও প্ৰচণ্ড বৰষুণ পাবলৈ চেষ্টা নকৰিলেহেঁতেন যিয়ে বানপানীৰ সৃষ্টি কৰিব পাৰে। গতিকে, ডাৱৰৰ বীজ সিঁচাৰ ফলত এই বানপানীৰ সৃষ্টি হোৱাৰ সম্ভাৱনা কম।”

এই কথাই ইয়াকে সূচায় যে এই সকলো পৰিঘটনাৰ আঁৰতেই আছে গোলকীয় উষ্ণতা আৰু মানৱসৃষ্ট পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তন।

অনাগত সময়ত এই পৰিৱৰ্তনে মৰুভূমিৰ ক্ষেত্ৰত কিবা বিৰূপ প্ৰভাৱ পেলাব পাৰে নেকি?

বেছিভাগ অধ্যয়নে ভৱিষ্যদ্বাণী কৰিছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে পৃথিৱীৰ মৰুভূমি বৃদ্ধি পাব। উদাহৰণস্বৰূপে চাহাৰা মৰুভূমি ২০৫০ চনৰ ভিতৰত বছৰি ৬০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক বিস্তাৰ হোৱাৰ সম্ভাৱনা আছে।কিন্তু দক্ষিণ এছিয়াৰ বাৰিষাই দক্ষিণ এছিয়াৰ উপ-মহাদেশৰ শুকান উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত থাৰৰ ওপৰত ইয়াৰ বিপৰীত প্ৰভাৱ পেলাব পাৰে।

ইয়াৰ পৰিত্ৰানৰ উপায় কি ?

বতৰৰ অভাৱনীয় পৰিৱৰ্তনৰ পৰা পৰিত্ৰান পাবৰ বাবে ইতিমধ্যেই সমগ্ৰ বিশ্বত বিভিন্ন চুক্তি, বিভিন্ন নিয়ম, বিভিন্ন সংকল্প লোৱা হৈছে। সেইবোৰক বতৰৰ লক্ষ্য(Climate Goals) হিচাপে মানি লোৱা হৈছে। তাৰে ভিতৰত অন্যতম হৈছে পেৰিছ চুক্তি।

কি এই পেৰিছ চুক্তি

পেৰিছ চুক্তি হৈছে জলবায়ু পৰিৱৰ্তনৰ ওপৰত আইনগতভাৱে বাধ্যতামূলক আন্তঃৰাষ্ট্ৰীয় সন্ধি। ২০১৫ চনৰ ১২ ডিচেম্বৰত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত (COP21) ইয়াক ১৯৬টা পক্ষই গ্ৰহণ কৰে।২০১৬ চনৰ ৪ নৱেম্বৰৰ পৰা ই বলবৎ হয়। ইয়াৰ সামগ্ৰিক লক্ষ্য হৈছে “বিশ্বৰ গড় উষ্ণতা বৃদ্ধিক প্ৰাক-ঔদ্যোগিক স্তৰৰ পৰা ২ ডিগ্ৰী চেলছিয়াছৰ বহু তললৈ” ৰখা আৰু “প্ৰাক-ঔদ্যোগিক স্তৰৰ ওপৰত উষ্ণতা বৃদ্ধি ১.৫ ডিগ্ৰী চেলছিয়াছলৈ সীমিত কৰাৰ” প্ৰচেষ্টা চলোৱা।

কিন্তু শেহতীয়া বছৰবোৰত বিশ্বৰ নেতাসকলে এই শতিকাৰ শেষৰ ফালে গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্ৰী চেলছিয়াছলৈ সীমিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কাৰণ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় চৰকাৰী পেনেলে ইংগিত দিছে যে ১.৫ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰিলে জলবায়ু পৰিৱৰ্তনৰ বহু বেছি ভয়াৱহ প্ৰভাৱ পৰাৰ আশংকা থাকে, য’ত অধিক সঘনাই আৰু ভয়াৱহ খৰাং, গৰমৰ ঢৌ আৰু বৰষুণ আদিও অন্তৰ্ভুক্ত। গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্ৰী চেলছিয়াছলৈ সীমিত কৰিবলৈ হ’লে ২০২৫ চনৰ আগতে সেউজ গৃহ গেছৰ নিৰ্গমন শীৰ্ষত উপনীত হ’ব লাগিব আৰু ২০৩০ চনৰ ভিতৰত ৪৩% হ্ৰাস পাব লাগিব। পেৰিছ চুক্তিখন বহুপক্ষীয় জলবায়ু পৰিৱৰ্তন প্ৰক্ৰিয়াৰ এক ল্যাণ্ডমাৰ্ক কাৰণ প্ৰথমবাৰৰ বাবে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আৰু ইয়াৰ প্ৰভাৱৰ সৈতে খাপ খুৱাবলৈ সকলো ৰাষ্ট্ৰক একত্ৰিত কৰা হৈছে।

ভাৰতৰ নেট জিৰ’ টাৰ্গেট

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনত COP26 ত ২০৭০ চনৰ ভিতৰত নিকা শূন্যৰ লক্ষ্য (Net Zero Target) ঘোষণা কৰিছিল।ভাৰতে পিছৰ বছৰত COP27 ত কম কাৰ্বন সৃষ্টিৰ বাবে প্ৰথমটো দীৰ্ঘম্যাদী কৌশল (LT-LEDS) দাখিল কৰে। ২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় সংসদৰ উচ্চ সদনত “নিকা শূন্য নিৰ্গমন” বিধেয়ক উত্থাপন কৰা হয় যাতে ২০৭০ চনৰ ভিতৰত নিকা শূন্য নিৰ্গমন লাভৰ কাঠামো প্ৰদান কৰা হয় (ৰাজ্য সভা, ২০২২)।ই এটা উল্লেখযোগ্য পদক্ষেপ যদিও, ২০২৩ চনত বিধেয়কখনে আইন প্ৰণয়ন প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব পৰা নাই আৰু ইয়াক ৰাজহুৱা বিধেয়ক নহয়, ব্যক্তিগত সদস্যৰ বিধেয়ক বুলি ধৰি ল’লে সংসদত ইয়াৰ অনুমোদনৰ সম্ভাৱনা তুলনামূলকভাৱে কম। এল টি-এল ই ডি এছত ভাৰতে শক্তি, উদ্যোগ, পৰিবহণ, নিৰ্মাণ, আৰু নগৰীয়া খণ্ডসমূহক লক্ষ্য কৰি খণ্ড-নিৰ্দিষ্ট কাৰ্য্য ক্ষেত্ৰসমূহৰ ৰূপৰেখা দাঙি ধৰে (ভাৰত চৰকাৰ, ২০২২ক)। কিন্তু চৰকাৰে বৰ্তমানৰ নীতি আৰু কাৰ্যসূচীৰ বাহিৰেও কেনেকৈ নিকা শূন্য লাভ কৰাৰ মনস্থ কৰিছে সেই সম্পৰ্কে এল টি-এল ই ডি এছে পৰ্যাপ্ত স্পষ্ট নীতি নিৰ্দেশনা প্ৰদান কৰা নাই। ইয়াত কোনো নিৰ্গমনৰ পথ উপস্থাপন কৰা হোৱা নাই, বা এল টি-এল ই ডি এছত আলোচনা কৰা নীতি আৰু ব্যৱস্থাসমূহে ২০৭০ চনৰ ভিতৰত প্ৰয়োজনীয় নিৰ্গমন হ্ৰাসলৈ কিমানখিনি সফল হ’ব পাৰিব সেয়াও দেখুৱাব পৰা নাই। তথাপিও আশা কৰি হৈছে ই এক ফলপ্ৰসূ সমাধান হ’ব পাৰে।

উপসংহাৰঃ

এই আলোচনাৰ পৰা আমি এটা স্থিতিত উপনীত হ’ব পাৰোঁ যে সামগ্ৰিকভাৱে গোটেই বিশ্বতেই বৰ্তমান বতৰ আৰু পৰিপাৰ্শ্বিক পৰিস্থিতিৰ ভয়াৱহ পৰিৱৰ্তন হৈছে। বৰষুণ নহ’বলগীয়া স্থানত, নহ’বলগীয়া সময়ত বৰষুণ হৈছে। বৰষুণৰ প্ৰয়োজন থকা স্থানত খৰাং হৈছে। ধুমুহা আহিব নলগীয়া সময়ত ধুমুহাই সকলো তচনচ কৰিছে ইত্যাদি। ইয়াৰ কাৰণ হিচাপে বিশ্বৰ বিশেষজ্ঞসকলে মূলতঃ মানৱসৃষ্ট বতৰ পৰিৱৰ্তনকে দায়ী কৰিছে। পৃথিৱীৰ জন্মৰে পৰা প্ৰকৃতিয়ে যিটো গতিত পৰিবেশ নিয়ন্ত্ৰণ কৰি আছিল, সেই গতি আৰু ধৰণত মানুহেই হস্তক্ষেপ কৰি পৰিৱৰ্তন অনাৰ বাবে আজি আমি কিছুমান অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হৈছোঁ। ইয়াৰ পৰিত্ৰাণৰ উপায়ো মানুহেই বিচাৰি উলিয়াব লাগিব। অন্যথা অনাগত সময়ত অভাৱনীয়, অবাঞ্চিত পৰিস্থিতিয়ে মানৱ সভ্যতাক বিপদত পেলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Tags:    

Similar News