২০২৩ চনৰ আগষ্টৰে লেবানন-ইজৰাইলৰ ব্লু লাইন বোৰ্ডাৰৰ পুৰণি ফটো ভাৰতীয় সেনা জোৱানে ইজৰাইল আক্ৰমণৰ প্ৰতিবাদ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটোৰ ওপৰত - “লেবানন সীমান্তত ইজৰাইলৰ আক্ৰমণৰ সমুখীন হোৱা আমাৰ ভাৰতীয় সেনাৰ প্ৰতিবাদ” বুলি লিখি আপলোড কৰি দাবী কৰা হৈছে যে ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ বাবে তাত নিয়োজিত ভাৰতীয় সেই এইদৰে হাতত প্লাকাৰ্ড লৈ প্ৰতিবাদ কৰিছে।

Update: 2024-10-15 07:50 GMT

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটোৰ ওপৰত - “লেবানন সীমান্তত ইজৰাইলৰ আক্ৰমণৰ সমুখীন হোৱা আমাৰ ভাৰতীয় সেনাৰ প্ৰতিবাদ” বুলি লিখি আপলোড কৰি দাবী কৰা হৈছে যে ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ বাবে তাত নিয়োজিত ভাৰতীয় সেই এইদৰে হাতত প্লাকাৰ্ড লৈ প্ৰতিবাদ কৰিছে।




 

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একাধিক লিংক লাভ কৰিলোঁ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিস্থান নিউ আৰৱে তেওঁলোকৰ ২০২৩ চনৰ ৩১ আগষ্টৰ এটা বাতৰিত সেই ফটোখন ব্যৱহাৰ কৰা আমি দেখিলোঁ। UN renews Lebanon peacekeeping mission after dispute শীৰ্ষক বাতৰিটোত সেই ফটোখন ব্যৱহাৰ কৰি তাত কেপছন লিখা হৈছে- UNIFIL stands guard holding the flag of the United Nations in the disputed area between Lebanon and Israel. (Photo by Houssam Shbaro/Anadolu Agency via Getty Images)।

একেটা সংবাদ প্ৰতিস্থানৰে একেটি প্ৰসংগক লৈ লিখা আৰু দুটামান বাতৰিত আমি একেখন ফটোকে ব্যৱহাৰ কৰা দেখিলোঁ। সেই বাতৰিসমুহ আপোনালোকে ইয়াত আৰু ইয়াত পঢ়িবলৈ পাব।




 

সেই কেপছনত উল্লেখ কৰা হৈছিল যে সেই ফটোখন হৌচ্ছাম শ্ববাৰো নামৰ ফটোগ্ৰাফাৰজনে তুলিছিল। তেওঁ এনাডালো এজেঞ্চিৰ হৈ তোলা ফটোখন গেটী ইমেজেৰ জৰিয়তে প্ৰাপ্ত বুলি তাত উল্লেখ কৰা হৈছিল। আমি সেই সূত্ৰৰ আঁত ধৰি ফটোখন গেটী ইমেজেছত সন্ধান কৰি পালোঁ।




 

নিৰ্দিষ্ট সেই ফটোখনৰ সবিশেষ জনাৰ বাবে আমি যেতিয়া ফটোখন খুলি চালোঁ তেতিয়া জানিব পাৰিলোঁ যে সেই ফটোখন তোলা হৈছে ইজৰাইল আৰু লেবাননৰ মাজত ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্লু লাইন সীমান্তত।




 

যোৱা ২০২৩ চনৰ ২৮ আগষ্টত লেবাননৰ নাবাটিয়ে গভৰ্ণৰেটৰ কাফ্ৰ ছুবা চহৰত নিৰাপত্তা নিশ্চিত কৰিবলৈ লেবানন আৰু ইজৰাইলৰ মাজত বিতৰ্কিত অঞ্চল বুলি গণ্য কৰা কাফ্ৰ ছুবা অঞ্চলত সীমান্তৰ কাষত এইদৰে ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন শান্তি বাহিনী (ইউনিফিল)ৰ ষ্টেণ্ড গাৰ্ডে ৰাষ্ট্ৰসংঘৰ পতাকা ধৰি আছিল ।

এইখিনি তথ্যৰ পৰা আমি এই সত্যত উপনীত হৈছোঁ যে অসমৰ ফেচবুক পেজটোৱে সেই ফটোখনত লেবানন সীমান্তত ইজৰাইলৰ আক্ৰমণৰ সমুখীন হোৱা আমাৰ ভাৰতীয় সেনাৰ প্ৰতিবাদ দেখা যোৱা বুলি কৰা দাবীটো মিছা। এই ফটোখন ২০২৩ চনৰে আৰু ইয়াৰ ফটোখনৰ ইজৰাইলৰ আক্ৰমণ হোৱা ভাৰতীয় সেনাৰ সৈতে কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এই ফটোখন ২০২৩ চনৰে লেবানন-ইজৰাইল সীমান্তৰ ব্লু লাইন সীমান্তত নিয়োজিত ইউনিফিল জোৱানৰ আৰু ফটোখনৰ ইজৰাইলৰ আক্ৰমণ হোৱা ভাৰতীয় সেনাৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Claim :  ২০২৩ চনৰ আগষ্টৰে লেবানন-ইজৰাইলৰ ব্লু লাইন বোৰ্ডাৰৰ পুৰণি ফটো ভাৰতীয় সেনা জোৱানে ইজৰাইল আক্ৰমণৰ প্ৰতিবাদ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।
Claimed By :  Social Media User
Fact Check :  FALSE
Tags:    

Similar News