
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা যায়,”২০২৪ ৰ ৪ জুনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব” (२०२४, ४ जून, नरेंद्र मोदी हिंदुस्तान के प्रधानमंत्री रहेंगे)।
ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইমান সচা কথা কোৱা মানুহ এই পৃথিৱীত দ্বিতীয় এজন নাই ।”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ইউটিউবত কী-ৱৰ্ড ছাৰ্চ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ। তেতিয়া ২০২৪ চনৰ ১০ মে’ত ৰাহুল গান্ধীৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা মূল ভিডিঅ’টো দেখিলোঁ।ভিডিঅ’টোৰ সৈতে লিখা কেপশ্বন অনুসৰি ৰাহুল গান্ধীৰ এই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ কানপুৰত আয়োজন কৰা এখন ৰাজহুৱা সভাৰ আছিল। আমি ভিডিঅ’টোৰ ৪৬:০৯ টাইমষ্টেম্পৰ পৰা ৪৭:৪২ লৈকে ভাইৰেল ভিডিঅ’ অংশটো দেখিলোঁ। এই টাইমষ্টেম্পত ৰাহুল গান্ধীয়ে কয়, “সঁচা কথাটো হ’ল ২০২৪ চনৰ ৪ জুনত নৰেন্দ্ৰ মোডী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ব। আপুনি লিখিতভাৱে লওক, নৰেন্দ্ৰ মোডী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে। আমি যি কাম আৰু কষ্ট কৰিবলগীয়া হৈছিল, আমি সেই কাম কৰিছোঁ। এতিয়া দেখিছে, আমাৰ মিত্ৰতাই উত্তৰ প্ৰদেশত পঞ্চাশখনতকৈ এখন আসনো কম নাপায়। আৰু বাকী দেশত, প্ৰতিখন ৰাজ্যতে আমি বিজেপিক বাধা দিছো।” ইয়াৰ পিছত তেওঁ আৰু কয়, “আদানিৰ এই সংবাদ মাধ্যমৰ লোকসকলে সঁচা কথা ক’ব নোৱাৰে। এইসকল আমাৰ ভাই, আমি ভাল পাওঁ, কিন্তু তেওঁলোকেও দৰমহা ল’ব লাগে, সেইবাবেই এই সত্য লিখিব নোৱাৰে। তেওঁলোকে ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰিব লাগিব, কিন্তু এতিয়া তেওঁলোকৰ মুখলৈ যদি চায়, তেওঁলোকেও হাঁহিছে কাৰণ তেওঁলোকেও জানে। যি হৈছে আৰু ৰাহুল গান্ধীয়ে যি কৈছে সেয়া সঁচা আৰু নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী নহয়। ইংৰাজীত কোৱাৰ দৰে বিদায়, ধন্যবাদ।”
ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ৰাহুল গান্ধীৰ ভিডিঅ’টো সম্পাদনা কৰা হৈছে। ৰাহুল গান্ধীয়ে প্ৰকৃততে কৈছিল যে ২০২৪ চনৰ ৪জুনৰ পাছত নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকে।
আমি পুনৰ অনুসন্ধান কৰি ৰাহুল গান্ধীৰ অফিচিয়েল এক্সত যোৱা ১৫ মে’ত কৰা এটা টুইট পালোঁ। তাত তেওঁ উল্লেখ কৰিছিল যে ৪জুনৰ পাছত নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰে। ভাইৰেল ভিডিঅ’টোৰ প্ৰসংগত তেওঁ এই টুইটটো কৰিছিল।
এই পোষ্টটোৰ তলত কংগ্ৰেছৰ অফিচিয়েল এক্স হেণ্ডেলৰ উদ্ধৃতি দি ৰাহুল গান্ধীৰ সম্পাদিত ভিডিঅ’ আৰু ভাইৰেল ভিডিঅ’টোৰ তুলনাত্মক ভিডিঅ’ পোষ্ট কৰা হৈছে। লগতে লিখা আছে যে “ডুব যোৱা বিজেপি আৰু নৰেন্দ্ৰ মোদীৰ ভুৱা বাতৰিৰ কাৰখানাত এতিয়া কেৱল ভুৱা ভিডিঅ’ৰ সমৰ্থন আছে। “অভ্যাস হিচাপে তেওঁলোকে ৰাহুল গান্ধীজীৰ ভাষণ সম্পাদনা কৰি ভুৱা ভিডিঅ’ বনাই তাৰ পাছত হাতে লোটে ধৰা পৰিল।”
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে। মূল ভিডিঅ’টোত ৰাহুল গান্ধীয়ে কৈছিল যে ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৪ চনৰ ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল। ভিডিঅ’টো সম্পাদনা কৰা হৈছে।
Written By: Debanjana BaishyaResult: Altered
