গৌৰৱ গগৈৰ এই বক্তব্যটো সম্পাদনা কৰা হৈছে।

Altered Political

শেহতীয়াকৈ এখন বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈক দেখা গৈছে আৰু তাত গৌৰৱ গগৈয়ে এইদৰে কোৱা বুলি উল্লেখ কৰা হৈছে,” মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুৰ দৰে হিন্দু আজিলৈকে আমাৰ দেশৰ ইতিহাসত নাই”।

Facebook Link | Archived Link 

কিন্তু গৌৰৱ গগৈয়ে সঁচাকৈয়ে তেনেদৰে কৈছিলনে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ফটোখন ভালদৰে লক্ষ্য কৰি জৱাহৰলাল নেহৰুৰ নামটো অন্য কোনো শব্দ ওপৰত যোগ কৰা হৈছে যেন দেখিলোঁ। এই বাতৰিটোত ঈশান নিউজৰ ল’গ’ আছিল আৰু সেয়ে আমি ঈশান নিউজৰ ফেচবুক পেজ চাৰ্চ কৰিলোঁ। তেতিয়া ২০২৩ চনৰ ৩০ ডিচেম্বৰত পেজটোত কৰা এটা পোষ্ট পালোঁ য’ত একেটা বাতৰি উল্লেখ কৰা হৈছিল কিন্তু তাত মহাত্মা গান্ধী আৰু স্বামী বিবেকানন্দৰ নামহে আছিল। অৰ্থাৎ পোষ্টটোত লিখা আছিল এইদৰে,”মহাত্মা গান্ধী, স্বামী বিবেকানন্দৰ দৰে হিন্দু আজিলৈকে আমাৰ দেশৰ ইতিহাসত নাই : গৌৰৱ গগৈ”। 

Facebook Link | Archived Link 

গতিকে ভাইৰেল বাতৰিটোত স্বামী বিবেকানন্দৰ নামৰ ঠাইত জৱাহৰলাল নেহৰুৰ নামটো সম্পাদনা কৰা হৈছে।

আমি গৌৰৱ গগৈৰ মূল ভিডিঅ’টো সংগ্ৰহ কৰিলোঁ আৰু তাত গৌৰৱ গগৈয়ে মহাত্মা গান্ধী আৰু স্বামী বিবেকানন্দৰ বিষয়েহে উল্লেখ কৰিছিল। তেওঁ কৈছিল যে মহাত্মা গান্ধী আৰু স্বামী বিবেকানন্দৰ দৰে হিন্দু আজিলৈকে আমাৰ দেশৰ ইতিহাসত নাই। তাত তেওঁ জৱাহৰলাল নেহৰুৰ নাম উল্লেখ কৰা নাছিল। 

গৌৰৱ গগৈৰ মূল ভিডিঅ’টো ইয়াত চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। গৌৰৱ গগৈয়ে মহাত্মা গান্ধীৰ লগত জৱাহৰলাল নেহৰুৰ নহয় বৰং স্বামী বিবেকানন্দৰ নামহে উল্লেখ কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:গৌৰৱ গগৈৰ এই বক্তব্যটো সম্পাদনা কৰা হৈছে।

Written By: FactCrescendo Assamese 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *