কংগ্ৰেছ দলৰ ক্ৰাউডফাণ্ডিং অভিযান ‘ড'নেট ফ'ৰ দেশ’ত ১০.১৫ কোটি টকাৰ অনুদান সংগ্ৰহ কৰা হৈছে, সৰ্বাধিক অনুদান আহিছে তেলেংগানা আৰু হাৰিয়ানাৰ পৰা। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে এই প্ৰচাৰ আৰম্ভ কৰে। কংগ্ৰেছ পাৰ্টিয়ে ভাৰতবাসীক তেওঁলোকৰ সৈতে ডিজিটেল মাধ্যমেৰে সংযোগ স্থাপন কৰি ‘দেশৰ বাবে দান’ অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়। ইফালে ছ’চিয়েল মিডিয়াত এটা ‘কিউ আৰ' ক’ডৰ ছবি দ্ৰুতগতিত বিয়পি পৰিছে, যাৰ জৰিয়তে দাবী কৰা হৈছে যে এই ‘কিউ আৰ' ক’ড কংগ্ৰেছে ‘দেশৰ বাবে দান কৰক’ অভিযানৰ বাবে জাৰি কৰিছে। এই QR কোডত ছ'নিয়া গান্ধীৰ ছবি দেখা গৈছে।

একেখন ফটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ'ৰৱাৰ্ড কৰা হৈছিল আৰু কেপশ্বনত লিখা আছিল এইদৰে, "কংগ্ৰেছৰ ড'নেট ফ'ৰ দেশ"।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

তদন্ত আৰম্ভ কৰি আমি গুগলত কীৱৰ্ডৰ জৰিয়তে আনুসংগিক বাতৰি আৰু পোষ্ট বিচাৰিলোঁ, তেতিয়া ২০২৩ চনৰ ২৮ ডিচেম্বৰত কংগ্ৰেছ পাৰ্টিয়ে তেওঁলোকৰ অফিচিয়েল ফেচবুক পেজত কৰা এটা পোষ্ট পালোঁ। এই পোষ্টটোৰ কেপচনত লিখা আছে, “आज भारतीय राष्ट्रीय कांग्रेस के स्थापना दिवस पर नागपुर की महारैली में कुर्सियों के पीछे एक बारकोड लगा है। उस बारकोड को स्कैन कर आप 138 रुपये, 1380 रुपये, 13800 रुपए, 138000 रुपये या उससे अधिक भारतीय राष्ट्रीय कांग्रेस को दान स्वरूप दे सकते हैं। इस रैली में आए सभी दानकर्ताओं में से चुने हुए पांच लोगों को श्री Rahul Gandhi जी सर्टिफिकेट एवं रसीद प्रदान करेंगे। आइए, साथ मिलकर बदलाव का हिस्सा बनें। कांग्रेस को मजबूत करें, देश को मजबूत करें(আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসত নাগপুৰৰ মহাৰেলীত চকীবোৰৰ পিঠিত বাৰক’ড লগোৱা হৈছে। সেই বাৰক’ড স্কেন কৰি ভাৰতীয় জাতীয় কংগ্ৰেছলৈ ১৩৮ টকা, ১৩৮০ টকা, ১৩৮০০ টকা, ১৩৮০০০ টকা বা তাতকৈ অধিক টকা দান কৰিব পাৰিব। শ্ৰী ৰাহুল গান্ধীয়ে এই সমাৱেশলৈ অহা সকলো দাতাৰ মাজৰ পৰা নিৰ্বাচিত পাঁচজন ব্যক্তিক প্ৰমাণ পত্ৰ আৰু ৰচিদ প্ৰদান কৰিব। আহক আমি একেলগে পৰিৱৰ্তনৰ অংশ হওঁ। কংগ্ৰেছক শক্তিশালী কৰক, দেশক শক্তিশালী কৰক।”

এই পোষ্টটোৰ লগতে এখন ফটো আপলোড কৰা হৈছিল য’ত ৰাহুল গান্ধীৰ ফটোৰ লগতে কিউ আৰ ক’ডো দেখা পোৱা যায়। কংগ্ৰেছ দলৰ নিৰ্বাচনী চিহ্ন এই কিউ আৰ ক'ডত দেখা গৈছে।

তলত ভাইৰেল ফটোখন আৰু মূল ফটোখনৰ মাজৰ তুলনাত্মক ছবি দেখুওৱা হ'ল য'ত স্পষ্ট হৈছে যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আহ্বায়ক ক্ষীতিজ আদ্যলকাৰৰ সৈতে যোগাযোগ কৰাত তেওঁ আমাক কয় যে ভাইৰেল ফটোখন ভুৱা। মূল কিউ আৰ ক’ডটো কংগ্ৰেছ ডনেট ইনকৰ্পৰেশ্যনৰ অফিচিয়েল ৱেবছাইটত চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। মূল কিউ আৰ ক'ডত ছ'নিয়া গান্ধীৰ ছবি নহয় বৰং কংগ্ৰেছৰ নিৰ্বাচনী চিহ্নহে আছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কিউ আৰ ক'ডৰ এই ফটোখন সম্পাদিত।

Written By: Debanjana Baishya

Result: Altered