মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিয়া ২০২৪ চনৰ ১২ জুলাইত অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰ মাজতে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে সোণালী ৰঙৰ পোছাক পৰিধান কৰা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখন শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে সমালোচনা কৰিছে যে আম্বানীৰ পুত্ৰ আৰু বোৱাৰীয়ে সোণৰ পোছাক পিন্ধিছে। ফেচবুকত এই ফটোখন বহুলভাৱে শ্বেয়াৰ কৰা দেখা গৈছে।

Facebook Link | Archived Link

এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

Archived Link

কিন্তু সঁচাকৈয়ে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে সোণৰ পোছাক পৰিধান কৰিছেনে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ফটোখন সূক্ষ্মভাৱে বিশ্লেষণ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ। তেতিয়া ফটোখনৰ মানদণ্ড আৰু চেহেৰাৰ পাৰ্থক্য লক্ষ্য কৰিলোঁ যেন দুয়োৰে মূৰটো পৃথক ফটো এখনত লগাই থোৱা হৈছে। ইয়াৰ পৰা বুজিব পাৰিলোঁ যে এই ফটোখন প্ৰকৃত ফটো নহয়।

কোনো ফটো কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত (AI) সৃষ্টি কৰা হৈছে নে নাই সেয়া পৰীক্ষা কৰিবলৈ ইণ্টাৰনেটত কিছুমান সমল (tool) উপলব্ধ। এনে এক টুল হাইভ এ আই ডিটেক্টৰেৰে (Hive AI Detector) পৰীক্ষা কৰি আমি দেখিলোঁ যে ফটোখন কৃত্ৰিম বুদ্ধিমত্তা (AI) সৃষ্ট হোৱাৰ সম্ভাৱনা ১০০%।

আন এটা এ আই ডিটেক্টৰ ৱেবছাইটেও ইয়াক কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট ফটো হিচাপে চিনাক্ত কৰিলে।

আমি পুনৰ অনুসন্ধান কৰি দেখিলোঁ যে এই ফটোখন ২০২৪ চনৰ ১ জুন তাৰিখে ইনষ্টাগ্ৰামত আপলোড কৰা হৈছিল, য’ত লিখা আছিল “Beauty of AI”।

Instagram Link | Archived Link

এইবাৰ আমি ইণ্ডিয়া টুডেত (Archived Link) ২০২৩ চনৰ ৩১ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদনত এখন ফটো পালোঁ। সেই ফটোখন ভাইৰেল ফটোখনৰ সৈতে তুলনা কৰি আমি বুজিব পাৰিলোঁ যে একেখন ফটো কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সালসলনি কৰা হৈছে। দুয়োখন ফটোৰ মাজত তুলনা তলত চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে সোণৰ পোছাক পৰিধান কৰা নাই। ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সৃষ্টি কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে সোণৰ পোছাক পৰিধান কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Debanjana Baishya

Result: False