আমূলে সাম্প্ৰতিক ঘটনা সন্দৰ্ভত চ'চিয়েল মেডিয়াত প্ৰায়ে অভিনৱ কাৰ্টুন পোষ্ট কৰি অহা দেখা গৈছে। শেহতীয়াকৈ চ'চিয়েল মেডিয়াত এখন ফটো ভাইৰেল হৈছে য'ত "Amul Sharam" নামৰ এবিধ ছীজৰ(cheese) এটা পেকেট দেখা গৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে আমূলে শ্বৰম নামৰ এবিধ ছীজ মুকলি কৰিছে।

ফেচবুকত এই ফটোখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে –

"পৰিব্ৰাজকৰ ডায়েৰী.....

আমূল "চৰম" ভী কুছ "Chesse" হোতে হেঁ....

😝😝😝😝"

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

গুগলত প্ৰাসংগিক কীৱ'ৰ্ড চাৰ্চ কৰি আমি আমূলৰ এটা টুইট পালোঁ য'ত কোম্পানীটোৱে এই ফটোখন ভুৱা বুলি অভিহিত কৰিছে আৰু ব্ৰেণ্ডটোৰ ভাবমূৰ্তিত ইয়াৰ নেতিবাচক প্ৰভালৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

স্পষ্টীকৰণ অনুসৰি,"This is for your kind information that a fake message is being forwarded on WhatsApp and Social Media platforms regarding a new type of Amul Cheese (এয়া আপোনালোকৰ তথ্যৰ বাবে যে হোৱাটচ‌এপ আৰু চ'চিয়েল মেডিয়া প্লেটফৰ্মত এক নতুন ধৰণৰ আমূল ছীজ সন্দৰ্ভত এক ভুৱা বাৰ্তা ফ'ৰৱাৰ্ড কৰা হৈছে)।

তেওঁলোকে বিবৃতিটোত আৰু কয় যে, “We notice in the post that the pack has been developed using Al and is using the Amul brand name poorly and is disparaging. We wish to assure you that the pack shown in this post is not Amul Cheese (আমি পোষ্টটোত লক্ষ্য কৰিছো যে পেকেটটো এ আই ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে আৰু ই আমূল ব্ৰেণ্ড নামটো বেয়াকৈ ব্যৱহাৰ কৰিছে আৰু ই অৱজ্ঞাসূচক। আমি আপোনালোকক নিশ্চিত কৰিব বিচাৰিছো যে এই পোষ্টটোত দেখুওৱা পেকেটটো আমুল ছীজ নহয়)"।

এই সম্পৰ্কে আমি বাতৰিও পালোঁ য'ত আমূলৰ স্পষ্টীকৰণৰ বিষ‌য়ে উল্লেখ কৰা হৈছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। আমূলে শ্বৰম নামৰ কোনো নতুন ছীজ মুকলি কৰা নাই। ভাইৰেল ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আমূলে শ্বৰম নামৰ এবিধ ছীজ মুকলি কৰিছে নেকি?

Written By: Debanjana Baishya

Result: False