
শেহতীয়াভাৱে যোৱা ১৭ জানুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলো়ড কৰি সেইখন সেইদিনটোত গাজাত ইজৰাইলে আক্ৰমণ কৰাৰ পাছৰ ফটো বুলি দাবী কৰিছে। পোষ্টটোত লিখিছেঃ- আকৌ এবাৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৭৩ জন লোকৰ মৃত্যু । ইজৰাইলৰ বায়ুসেনাই বৃহস্পতিবাৰে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণ চলায়। ইজৰাইলৰ বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত মৃত্যু হৈছে কমেও ৭৩জন পেলেষ্টাইনী। অসামৰিক প্ৰতিৰক্ষা সংস্থাৰ মুখপাত্ৰ মাহমুদ বাছালে কয়, ‘গাজা ষ্ট্ৰিপত যুদ্ধবিৰতি চুক্তি ঘোষণাৰ পিছত, ইজৰাইলৰ দখলদাৰী বাহিনীয়ে ২০ জন শিশু আৰু ২৫ গৰাকী মহিলাকে ধৰি ৭৩ জন পেলেষ্টাইনীক হত্যা কৰে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ফটোখনৰ ৰিভাৰ্ছ ইমেজ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি সেই ফটোখন সংলগ্ন একাধিক বাতৰি আৰু প্ৰতিবেদন লাভ কৰিলোঁ, বিভিন্ন প্ৰতিস্থিত সংবাদ প্ৰতিষ্ঠানত। Zeeভাৰতে ২০২৩চনৰ ৯ ডিচেম্বৰত প্ৰকাশ কৰা এক প্ৰতিবেদনত সেই ফটোখন ব্যৱহাৰ কৰিছিল।
তাৰো কিছুদিন পূৰ্বে ২০২৩চনৰে ১২ অক্টোবৰত দ্য ট্ৰিবিউনে প্ৰকাশ কৰা আন এক প্ৰতিবেদনতো সেই একেখন ফটোকে ব্যৱহাৰ কৰা হৈছিল।
Firstpost নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে ১০ অক্টোবৰ ২০২৩ত প্ৰকাশ কৰা এক প্ৰতিবেদনতো আমি ফটোখন ব্যৱহাৰ কৰা দেখিলোঁ।
সন্ধান আগুৱাই নিয়াত আমি সেই ফটোখন ২০২৩ চনৰ ৯ অক্টোবৰত গাজাত হোৱা এক আক্ৰমণৰ পাছৰ বুলি সম্ভেদ লাভ কৰিলোঁ। আপ নৰ্থ লাইভ এবিচি নামৰ সংবাদ প্ৰতিস্থানৰ বাতৰিত সেই ফটোখনৰ সৈতে আন কেইবাখনো ফটো ব্যৱহাৰ কৰা হৈছিল আৰু তাত লিখা হৈছিল- Palestinians inspect the rubble of the West mosque destroyed after it was hit by an Israeli airstrike at Shati refugee camp in Gaza City, early Monday, Oct. 9, 2023. Israel’s military battled to drive Hamas fighters out of southern towns and seal its borders Monday, as it pounded the Gaza Strip from the (৯ অক্টোবাৰ ২০২৩, সোমবাৰে পুৱা গাজা চহৰৰ শতি শৰণাৰ্থী শিবিৰত ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত ধ্বংস হোৱা পশ্চিম মছজিদৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিছে পেলেষ্টাইনীসকলে।সোমবাৰে ইজৰাইলৰ সেনাই হামাছৰ যোদ্ধা বিমানক দক্ষিণৰ চহৰসমূহৰ পৰা খেদি পঠিয়াবলৈ আৰু ইয়াৰ সীমান্ত ছীল কৰিবলৈ যুঁজিছিল , যেতিয়া ই গাজা ষ্ট্ৰিপত গুলীয়াইছিল )
সেই দিনটোতে অৰ্থাত ৯ অক্টোবৰ ২০২৩ সোমবাৰে দি ইণ্ডিয়ান এক্সপ্ৰেছে কৰা বাতৰিতো সেয়া ইজৰাইলে গাজাত কৰা আক্ৰমণৰ পাছৰ ফটো বুলি উল্লেখ কৰা হৈছে।
এইসমুহ তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে সেই ফটোখন ২০২৫ চনৰ জানুৱাৰী মাহৰ নহয়। সেইখন ২০২৩চনৰ অক্টোবৰৰ ৯ তাৰিখৰ ফটো। গাজাৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণৰ পাছৰ ফটো সেইখন।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। সেই ফটোখন ২০২৫ চনৰ জানুৱাৰী মাহৰ নহয়। সেইখন ২০২৩চনৰ অক্টোবৰৰ ৯ তাৰিখৰ ফটো। গাজাৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণৰ পাছৰ ফটো সেইখন।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৩ চনৰ অক্টোবাৰৰ ফটো ব্যৱহাৰ কৰি সেয়া ২০২৫ৰ জানুৱাৰীৰ আক্ৰমণৰ ঘটনা বুলি প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: Misleading
