এই ফটোবোৰ অসমৰ চাপৰত ক’ৰনা ভাইৰাছৰ বাবে লক ডাউন প্ৰৱৰ্তন কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ নহয়!

Coronavirus False Social

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ২০ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে । 

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে কেইবাশ ৰোগী চিনাক্ত হৈছে আৰু কেইবাজনৰো মৃত্যু হৈছে । ভাৰতত ইতিমধ্যে ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছে আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলোকে এই লক ডাউন মানি চলিবলৈ কঠোৰ ভাবে নিৰ্দেশ চৰকাৰে দিছে । এই সময়ত পুলিচ বাহিনীয়ে লক ডাউন সাৰ্থক কৰিবলৈ কিছু ঠাইত লাঠী চার্জও কৰিব লগাত পৰিছে । এই সময়তে ছচিয়েল মিডিয়াত এই বিষয়ে কিছু উৰা বাতৰি বিয়পিব ধৰিছে । 

এনে এক ফেচবুক পোষ্ট সম্প্ৰতি অসমত ভাইৰেল হৈ পৰিছে । সঞ্জীৱ গগৈ নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা যোৱা ২৭ মাৰ্চ, ২০২০ তাৰিখে ৰাতি ১০:১৩ বজাত তিনিখন ফটো সম্বলিত এক পোষ্ট আপলোড কৰিছে য’ত তেওঁ, “চাপৰত আজি এনেদৰে আৰক্ষী ওপৰত জপিয়াই পৰিল গণতন্ত্ৰ শত্ৰু পমুৱা মুছলমান ৷ ধুবুৰীত এখন বজাৰ বন্ধ কৰিবলৈ যোৱা আৰক্ষী এনেদৰে প্ৰহাৰ কৰি আহত কৰে ৷ মাননীয় মুখ্যমন্ত্ৰী গৰাকীলৈ অনুৰোধ এনেধৰণৰ ঠাইসমূহত সেনা-বাহিনী নিয়োগ কৰক ৷” বুলি লিখিছে । উক্ত পোষ্টটো ১৬৬ বাৰ শ্বেয়াৰ হৈছে আৰু ১২৩টা কমেণ্টছ আছে । 

সঁচাকৈ এই তিনিখন ফটো অসমৰ চাপৰ নামৰ ঠাইখনত লক ডাউন প্ৰৱৰ্তন কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ফটো নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি ফটো তিনিখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে ভাইৰেল ফটোবোৰ আচলতে উত্তৰ প্ৰদেশৰ হয়, অসম আৰু ক’ৰনা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই । 

আমি এই বিষয়ে ইনইউথ নামৰ নিউজ ৱেবছাইটত উপৰোক্ত ফটো সম্বলিত এক বাতৰি প্ৰকাশ হোৱা দেখিলোঁ । বাতৰিটোত স্পষ্টকৈ লিখা আছে যে এই ফটোবোৰ উত্তৰ প্ৰদেশৰ কানপুৰত পুলিচৰ ওপৰত নাগৰিকে কৰা এক আক্ৰমণৰ ফটো হয় । উক্ত বাতৰিটো জুন ১৯, ২০১৭ তাৰিখে প্ৰকাশ হৈছিল । এই বিষয়ে সবিশেষ পঢ়ক ইয়াত । 

gogoi inuth.png

ইয়াৰ পাছত আৰু অনলাইন চাৰ্ছ কৰি আমি এই বিষয়ে এক ইউটিউব ভিডিঅ‘ পালোঁ । নিউজ নেচন নামৰ নিউজ চেনেলটোৰ অফিচিয়েল ইউটিউব চেনেলত এই ঘটনাটোৰ সম্পৰ্কে এক ভিডিঅ’ নিউজ ৰিপৰ্ট প্ৰকাশ পাইছিল । ভিডিঅ’টো দেখি আমি ভাইৰেল হোৱা ফটোবোৰ আৰু উত্তৰ প্ৰদেশত পুলিচৰ ওপৰত আক্ৰমণ হোৱা ভিডিঅ’টো যে একেটা ঘটনাৰে হয় নিশ্চিত হলোঁ । 

gogoi youtube.png

ফলাফল

ভাইৰেল ফটোবোৰ অসমৰ চাপৰত লক ডাউন প্ৰৱৰ্তন কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ নহয় বৰঞ্চ ২০১৭ চনতে উত্তৰ প্ৰদেশত আৰক্ষীৰ ওপৰত হোৱা এক আক্ৰমণৰ হয় । ফটোবোৰৰ ক’ৰনা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই । 

Avatar

Title:এই ফটোবোৰ অসমৰ চাপৰত ক’ৰনা ভাইৰাছৰ বাবে লক ডাউন প্ৰৱৰ্তন কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *