ফ্লিপকাৰ্টে সঁচাকৈ বিগ বিলিয়ন ডে উপলক্ষে বিনামূলীয়া পুৰস্কাৰ দিছে নেকি? 

False Social

অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী ই-কমাৰ্চ প্ৰতিস্থান Flipkartএ তেওঁলোকৰ বিগ বিলিয়ন ডে উপলক্ষে প্ৰাইজ অৰ্থাত বিনামূলীয়া পুৰস্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই লিংকটোত ক্লিক কৰি সেই উপহাৰ লাভ কৰিব পাৰিব গ্ৰাহকে। আনকি আমালৈয়ো অনুৰূপ মেছেজ আহিছে সেই লিংকটোৰে সৈতে। 

Archived Link

কিন্তু দাবীটো সত্য হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি লিংকটোত ক্লিক কৰি চালোঁ। তেতিয়া আমি তলত দেখুওৱা ধৰণে পেজ খোল খোৱা দেখিলোঁ। তাত কিছুমান নিৰ্দেশ দিয়া আছিল।

তাত নিৰ্দেশ কৰা অনুসৰি প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিলোঁ। সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ পাছত তলত দিয়া ধৰণে হোৱাটছএপত লিংক প্ৰেৰণ কৰাৰ নিৰ্দেশ আহিল ।

হোৱাটছএপত বহুকেইজনক লিংকটো প্ৰেৰণ কৰাৰ পাছত তলত দিয়া ধৰণ আন কিছুমান পেজ পৰ্যায়ক্ৰমে খোল খালে। 

এইখিনিলৈকে সম্পূৰ্ণ কৰাৰ অন্তত গৈ শেষত এটা বিশেষ এপ ডাউনলোড কৰাৰ অপছন হে আহিল। 

কিন্তু কোনোধৰণৰ বিশেষ বিনামূলীয়া পুৰস্কাৰৰ কথা আমি নাপালোঁ। অৰ্থাত ভাইৰেল হোৱা লিংকটোৱে দাবী কৰা ধৰণৰ সুবিধা নাপালোঁ। 

আমি অধিক জানিবলৈ ফ্লিপকাৰ্টৰ ৱেবছাইটটো  চালোঁ। তাত বিগ বিলিয়ন ডে হিচাপে অহা ৮ অক্টোবৰৰ পৰা ১৫ অক্টোবৰৰ কথা উল্লেখ আছে যদিও কোনো ধৰণৰ বিনামূলীয়া পুৰস্কাৰ বা উপহাৰৰ কথা উল্লেখ নাই।

তদুপৰি আমি ফ্লিপকাৰ্টৰ ফেচবুক পেজ, ইনষ্টাগ্ৰাম আৰু এক্স(পূৰ্বৰ টুইটাৰ) পৰীক্ষা কৰিলোঁ। কিন্তু তাতো বিগ বিলিয়ন ডে উপলক্ষে এনেকুৱা সুবিধা দিয়াৰ কথা উল্লেখ কৰা নেদেখিলোঁ। 

এইখিনিতে প্ৰনিধানযোগ্য যে ইতিপূৰ্বেও এইধৰণৰ বিভিন্ন কোম্পানীৰ অফাৰ দিয়া বুলি প্ৰচাৰ হোৱা বিভিন্ন লিংকৰ সত্যতা নিৰূপণ আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই কৰি থৈছোঁ। প্ৰতিবাৰেই এইবোৰ ভুৱা বুলি প্ৰমানিত হৈ আহিছে। 

 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ফ্লিপকাৰ্টে বিনামূলীয়া পুৰস্কাৰ দিয়া বুলি যিটো লিংক ভাইৰেল কৰা হৈছে, সেইটো ভুৱা। ইয়াৰ কোনো সত্যতা নাই।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফ্লিপকাৰ্টে সঁচাকৈ বিগ বিলিয়ন ডে উপলক্ষে বিনামূলীয়া পুৰস্কাৰ দিছে নেকি?

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *