
শেহতীয়াকৈ এজন টিভি ৰিপোৰ্টাৰক দিন দুপৰতে অপহৰণ কৰাৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰি মহিলাৰ সুৰক্ষাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো নাগালেণ্ডৰ ডিমাপুৰৰ।
ভাইৰেল পোষ্টটোৰ কেপশ্বন দিয়া হৈছে এইদৰে – “ডিমাপুৰত দিন দুপৰতে ৰিপোৰ্টাৰক অপহৰণ কৰা হৈছে”।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ, তেতিয়া আমি একেটা ভিডিঅ’ আন ব্যৱহাৰকাৰীয়ে অনুৰূপ দাবীৰে শ্বেয়াৰ কৰা দেখা পালোঁ। এই পোষ্টৰ তলত এজনে কমেণ্ট কৰিছিল যে ভিডিঅ’টো হ’ল “হম হ্যে ৰাৱডী এছ পি বিজয়” নামৰ এখন ভোজপুৰী চিনেমাৰ।
ইয়াৰ পিছতে আমি ইউটিউবত কীৱ’ৰ্ড চাৰ্চ কৰাত সম্পূৰ্ণ চিনেমাখন আমি দেখিলোঁ। এই চিনেমাখন ২০২২ চনৰ মে’ মাহৰ ২৮ তাৰিখে য়শী ফিল্মচ্ নামৰ এটা চেনেলত আপলোড কৰা হৈছিল। এই চিনেমাখনৰ দৈৰ্ঘ ২ ঘণ্টা ২১ মিনিট। এই চিনেমাখনৰ ৮ মিনিট ৩৮ ছেকেণ্ডত ভাইৰেল ভিডিঅ’টোত থকা ৰিপোৰ্টাৰগৰাকীক দেখা গৈছে। ৮ মিনিট ৫৫ ছেকেণ্ডত ৰিপোৰ্টাৰগৰাকীক ভেনখনত উঠাই লৈ যোৱা দেখা গৈছে।
দ্য মোৰুংগ এক্সপ্ৰেছৰ বাতৰি অনুসৰি ডিমাপুৰৰ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা মুন্না যাদৱে এই চিনেমাখন পৰিচালনা কৰিছিল। ২০২২ চনৰ আগষ্ট মাহৰ ২৮ তাৰিখে মুক্তিপ্ৰাপ্ত এই চিনেমাখনৰ কিছু অংশৰ দৃশ্যগ্ৰহণ ডিমাপুৰত কৰা হৈছিল আৰু বহু স্থানীয় শিল্পীয়ে তাত অভিনয় কৰিছিল।
তদুপৰি আমি ভাইৰেল ভিডিঅ’টোৰ লোকেশ্বন গুগল লেন্সত বিচাৰি গম পালোঁ যে দৃশ্যগ্ৰহণ ডিমাপুৰৰ চিটি টাৱাৰৰ সমুখত কৰা হৈছিল।

ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো ভুৱা দাবীৰে শ্বেয়াৰ কৰা হৈছে। এখন ভোজপুৰী চিনেমাৰ দৃশ্য নাগালেণ্ডৰ ডিমাপুৰত দিন দুপৰতে ৰিপোৰ্টাৰক অপহৰণ কৰাৰ দৃশ্য বুলি ভাইৰেল হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:নাগালেণ্ডৰ ডিমাপুৰত দিন দুপৰতে ৰিপোৰ্টাৰক অপহৰণ কৰা হৈছে বুলি কৰা দাবী মিছা।
Written By: Debanjana BaishyaResult: False
