FACT CHECK: ২০১৪চনৰে এটা জাপানী ভিডিঅ’ টকিঅ’ অলিম্পিক ২০২০ৰ সামৰণি অনুষ্ঠানৰ দৃশ্য বুলি ভাইৰেল হৈছে

False International

টকিঅ’ অলিম্পিক 2020ৰ সম্পৰ্কত বিভিন্ন ভুল তথ্য ফেক্ট চেকাৰ্ছ অৰ্থাত সত্যতা নিৰূপনকাৰীসকলৰ নজৰত পৰিছে। ক্ৰীড়া মহোত্সৱখনৰ আৰম্ভনীতে আমি আৰম্ভণী অনুষ্ঠান বুলি দাবী কৰি প্ৰচাৰ কৰা এটা সংগতিহীন ভিডিঅ’ লাভ কৰিছিলো। 

এইবোৰৰ মাজতে, আমি এক সমতুল পদ সঞ্চালনৰ ভিডিঅ’ ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা পালো, যত দাবী কৰা হৈছে যে সেয়া ২০২০ টকিঅ’ অলিম্পিকৰ সামৰণী অনুষ্ঠান। পোষ্টটোৰ কেপচনত লিখা হৈছিল: 

“ অলিম্পিকৰ আড়ম্বৰপূৰ্ণ সামৰণী অনুষ্ঠান, প্ৰতিগৰাকীয়ে যেন ডিজিটেলী প্ৰদৰ্শন কৰিছে। অতি উত্তম”

Original Link- Facebook | Archived Link

এই অঞ্চলত হোৱাটছএপত শ্বেয়াৰ হৈ থকা ভিডিঅ’টো আমাৰ ২৪ঘন্টীয়া ফেক্টলাইন নম্বৰ 904 905 3770 লৈ সত্যতা নিৰূপন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছিল। Archived Link

টুইটাৰত #TokyoOlympics2020 ট্ৰেণ্ডিং হোৱা আৰম্ভ হোৱাৰ পিছত ফেক্ট ক্ৰেছেণ্ডোৱে এলানি ভুল তথ্যৰ সত্যতা নিৰূপন কৰিছিল এই অনুষ্ঠানটোৰ সৈতে সম্পৰ্ক থকা। টকিঅ’ অলিম্পিক ২০২০ৰ সৈতে সম্পৰ্কীত বহুতো ভিডিঅ’ আৰু ফটো ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সেই সত্যতা নিৰূপন তলত আপোনালোকে চাব পাৰে। 

সত্যতা নিৰূপন পদ্ধতি

আমি আমাৰ সত্যতা নিৰূপনৰ আৰম্ভনীতে ভিডিঅ’টো ইনভিড-ৱি ভেৰিফাই টুলত বিভিন্ন সৰু সৰু টুকুৰাত ভাগ কৰি ললো আৰু য়েণ্ডেক্সত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো। তেতিয়া আমি টিভি আছাহি নামৰ এটা ভেৰিফাইড ইউটিউৱ চেনেলত একেটা ভিডিঅ’ প্ৰচাৰ কৰা দেখা পালো।  জাপানী ভাষাত লিখা থকা ভিডিঅ”টোৰ শীৰোনামটোৰ অনুবাদ হৈছে “[দলীয় কাৰ্য] নিহন স্পোৰ্ট ইউনিভাৰ্চিটীৰ শেহতীয়া কাৰ্যকুশলতা ” ২০১৪ৰ ২০ জানুৱাৰীত এই ভিডিঅ’টো প্ৰকাশ কৰা হৈছিল।

ভিডিঅ’টোৰ বিৱৰণীত উল্লেখ কৰা হৈছে যে নিপ্পন স্পোৰ্টছ ইউনিভাৰ্চিটী’ৰ দলীয় কাৰ্য টিভি আহাছীৰ আঠটা কেমেৰাৰে ৰেকৰ্ড কৰা। তদুপৰি ইয়াকো উল্লেখ কৰা হৈছে “এটা ১১মিনিটৰ আশ্বৰ্যজনক পদ সঞ্চলন আৰু আনন্দৰ মুহূৰ্ত উন্মোচিত হব জটিহীনভাৱে! তাৰ লগতে ভিডিঅটোৰ শেষত “National Elementary School Group Action Presentation”এটা বিশেষ প্ৰদৰ্শনো দেখুওৱা হব ২৬ জানুৱাৰী ২০১৪ দেওবাৰে বিয়লি ২বজাত। চাবলৈ নাপহৰিব।!” বিৱৰণীত টিভি আছাহিৰ ৱেবচাইটটোৰ লিংকটোও দিয়া আছিল। (http://www.tv-asahi.co.jp/shudankodo/

বিৱৰণত দিয়া লিংকৰ আঁত ধৰি “shudankodo”ৰে আমি এটা কী-ৱৰ্ড ছাৰ্চ কৰি চালো , য’ত আমি একেটা ভিডিঅ’ Reuters ত প্ৰকাশ হোৱা পালো। তাত উল্লেখ আছিল যে ভিডিঅ’টো জাপানৰ য়কোহামাত ২০১৩চনত শ্বুট কৰা হৈছিল। ভিডিঅটোৰ বিৱৰণ মতে টীম “Collective Action”ক নিখুট পদ সঞ্চলন প্ৰদৰ্শন কৰা দেখা গৈছে। নিপ্পন স্পোৰ্টছ ইউনিভাৰ্চিটীত জাপানী ছাত্ৰৰ এটা দলে তেওঁলোকৰ বিশ্ববিদ্যালয় উত্সৱত ১১,০০০ৰ লোকৰ আগত এইদৰে পদ সঞ্চলন কৰে। ইয়াক “Shudankodo” বুলি কোৱা হয় জাপানী ভাষাত অথবা   “সামুহিক কাৰ্যকুশলতা” আৰু ইউটিউবত আপলোড হোৱাৰ পিছত ই বহুত জনপ্ৰিয়তা লাভ কৰিছিল। এয়া নিপ্পন স্পোৰ্টছ ইউনিভাৰ্চিটীয়ে ১৮৬৬ চনৰে পৰা কৰি আহিছে। 

Original Link- Reuters

তাৰ পিছত আমি ভাইৰেল ভিডিঅ’ৰ স্ক্ৰিনশ্বট আৰু টিভি আছাহিৰ ভিডিঅ’টোৰ স্ক্ৰিনশ্বটৰ তুলনা কৰি চালো। ফলাফলে স্পষ্ট কৰিলে দুয়োটাৰে সাদৃশ্য। 

তাৰ পিছত আন এটা কী-ৱৰ্ড ছাৰ্চ কৰি আমি অলিম্পিকৰ অফিচিয়েল হেণ্ডেলে টকিঅ’ অলিম্পিক ২০২০ৰ সামৰণি অনুষ্ঠানৰ মূল ২০২১ ৰ ৮আগষ্টত ফেচবুকত পোষ্ট কৰা ভিডিঅটো পালো। পোষ্টটোৰ কেপচনত লিখা হৈছে “এটা অবিস্মৰণীয় অলিম্পিকৰ সামৰণি #অলিম্পিক! #টকিঅ২০০২। এক স্মৰণীয় সামৰণি। হোলোগ্ৰাফিক স্পেক্টেকলছ, অনবদ্য প্ৰদৰ্শন আৰু বজৰং পুনিয়াই টীম ইণ্ডিয়াৰ কন্টিনজেন্টক আন দলবোৰৰ সৈতে নেতৃত্ব দিয়া, পৰৱৰ্তী পেৰিছ অলিম্পিক ২০২৪ৰ ঘোষণাৰে এইদৰে অলিম্পিকৰ অন্ত পৰিল!”

Original Link- Facebook

সিদ্ধান্ত 

ফেক্ট ক্ৰেছেণ্ডোৱে পালো যে ভিডিঅ’টোৰে কৰা দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে জাপানী ছাত্ৰসকলে নিপ্পন স্পৰ্টছ চাইন্স ইউনিভাৰ্চিটীত  “Shudankodo” প্ৰদৰ্শন কৰিছিল । ভিডিঅ’টো অতি কমেও ৭বছৰ পুৰণি ।এই ভিডিঅ’টোৱে টকিঅ অলিম্পিকৰ সামৰণি অনুষ্ঠান দেখুওৱা নাই।

Avatar

Title:২০১৪চনৰে এটা জাপানী ভিডিঅ’ টকিঅ’ অলিম্পিক ২০২০ৰ সামৰণি অনুষ্ঠানৰ দৃশ্য বুলি ভাইৰেল হৈছে

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *