
ভাৰতত কোভিড ১৯ৰ সংখ্যা বৃদ্ধিৰ কথাটোৱে ছোচিয়েল মিডিয়াত শেহতীয়াভাৱে তোলপাৰ লগাই আছে। কৰ’ণা ভাইৰাছৰ পুনৰুত্থানৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যই কঠোৰ স্থিতি গ্ৰহন কৰি, সামাজিক দূৰত্ব অৱলম্বন কৰাৰ পৰা মাস্ক ব্যৱহাৰ কৰালৈকে সাৱধানতামূলক পদক্ষেপ আদি গ্ৰহন কৰা কথাবোৰ ছোচিয়েল মিডিয়াত ব্যাপক আলোচনা হৈছে।
ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আৰু তেওঁৰ সহকৰ্মী মনিষ চিচোদিয়াৰ উন্মুক্ত মুখমণ্ডল সহিতে এখন ফটো ছোচিয়েল মিডিয়া প্লেটফৰ্মত বহুলভাৱে প্ৰচাৰ হৈছে, য’ত কেজৰিৱালে এটি শিশুক এখন মাস্ক পিন্ধাই দিয়া দেখা গৈছে। উক্ত ফটোখন বিভিন্ন জনে ফেচবুক তথা ইনষ্টাগ্ৰামত আপলোড কৰিছে আৰু বহুতো লোকে এইখন বৰ্তমানৰ ফটো বুলি অভিহিত কৰিছে ।
আমিও আমাৰ ২৪/৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত এই ফটোখন সত্যতা নিৰূপনৰ বাবে লাভ কৰিলো।

ফটোখনৰ সৈতে লিখা কথাখিনিত আছে যে ফটোত থকা লোক সকলে নিজে মাস্ক পিন্ধা নাই, কিন্তু অকল ফটো উঠিবৰ বাবে শিশুটিক মাস্ক পিন্ধাই দিছে ।
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই এই ভাইৰেল ফটোখনৰ সম্পৰ্কত এক অনুসন্ধান কৰাৰ সিদ্ধান্ত ললো আৰু জানিব পাৰিলো যে উক্ত ফটোখন আচলতে বৰ্তমানৰ নহয় আৰু পুৰণি হয় ।
সত্যতা নিৰূপন পদ্ধতি:
ফটোখন লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি দেখিলো যে ২০১৯চনত কেইবাটাও সংবাদ প্ৰতিস্থানে এই ফটোখন লৈ বাতৰি কৰিছে, যেতিয়া আনকি মহামাৰীৰ আৰম্ভনিয়ো হোৱা নাছিল।
২০১৯চনৰ ২নৱেম্বৰত ‘হিন্দুস্তান টাইমছ’ত প্ৰকাশিত এটা বাতৰিতো একেখন ফটো আছিল,য’ত লিখা হৈছিল। “দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আৰু উপ-মুখ্যমন্ত্ৰী মনিষ চিচোদিয়াই নতুন দিল্লীৰ চিভিল লাইনচৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়ৰ এটি শিশু ছাত্ৰক মাস্ক পৰিধান কৰাত সহায় কৰি দিছে।” বাতৰিটোৰ শিৰোনাম আছিল ” কেজৰিৱালে স্কুলীয়া ছাত্ৰৰ মাজত মাস্ক বিতৰণ কৰিছে আৰু পাঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীলৈ স্মগ সম্পৰ্কত লিখিবলৈ আহ্বান জনাইছে।”
এই অনুষ্ঠানটোৰ ভিডিঅ’ ইউট্যুৱত এএনআয়ে ২০১৯চনৰ ১নৱেম্বৰত আপলোড কৰিছিল আৰু লিখিছিল,” দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত মাস্ক বিতৰণ কৰিছে!”
এই সকলো বাতৰি অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ৰাজধানী চহৰখনত দেখা দিয়া প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত ১ নৱেম্বৰত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত মাস্ক বিতৰণ কৰিছিল। লগতে হাৰিয়ানা চৰকাৰে দিল্লীৰ প্ৰদূষণৰ মূল কাৰণ খেড়কুটাৰ ব্যাপক জ্বলন ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলিও সমালোচনা কৰিছিল।
ফলাফল
ভাইৰেল হোৱা ফটোখন কৰ’ণা ভাইৰাছ মহামাৰীৰ সৈতে কোনো সম্পৰ্ক নাই । এইখন ২০১৯চনত কেজৰিৱাল আৰু চিচোদিয়াই দিল্লীৰ ছাত্ৰ ছাত্ৰীৰ মাজত মাস্ক বিতৰণ কৰা এক অনুষ্ঠানৰ সময়ত লোৱা। ভাৰতত এই মহামাৰী আৰম্ভ হৈছিল ২০২০চনৰ আৰম্ভনি সময়চোৱাত।গতিকে কোভিড ১৯ৰ বৰ্তমানৰ পুনৰুত্থানৰ এই পৰিস্থিতিৰ সৈতে ফটোখনৰ কোনো সম্পৰ্ক নাই আৰু এই ফটোখন বৰ্তমান প্ৰচাৰ কৰি সাধাৰণ লোকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে ।

Title:FACT CHECK: এই ভাইৰেল ফটোখন বৰ্তমান আতংকৰ সৃষ্টি কৰি থকা কৰ’ণা ভাইৰাছ মহামাৰীৰ সময়ৰ নহয়!
Fact Check By: Manjori BorkotokyResult: Misleading
