
কেমেৰাৰ ফালে চাই হাঁহি মাৰি থকা এগৰাকী মহিলাৰ এখন ফটো অসমত ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু তাত দাবী কৰা হৈছে তেওঁ ছাত্ৰনেতা কানহায়া কুমাৰৰ ভনী আৰু তেওঁ এতিয়া ইছৰোৰ এগৰকী বিজ্ঞানী হৈ পৰিছে।
২০২০ৰ ৩০ডিচেম্বৰত ৰাতিপুৱা ৯বাজি ৫১মিনিটত আব্দুল হাছিব নামৰ ফেচবুক ব্যৱহাৰকাৰী গৰাকীয়ে “বলিষ্ঠ ও সত্যবাদী ছাত্ৰ নেতা কানাইয়া কুমাৰৰ ভগ্নী ভাৰত বৈজ্ঞানীক সংস্হা ISRO (ইচৰো) বৈজ্ঞানী,,, আগবাঢ়ক,, জীৱনত সাফল্য অৰ্জন কৰকঃ,,, আমাৰ তৰফৰ পৰা শুভেচ্ছা ও অভিনন্দন জনালোঁ” বুলি লিখি এটা পোষ্ট কৰিছে আৰু পোষ্টটোত ২৮৮টা ৰিয়েকছন,৫৭টা কমেন্ট আহিছে আৰু ৩৪বাৰ শ্বেয়াৰ কৰা হৈছে।

Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডো আছামিছে জানিব পাৰিলো যে এই দাবী ভূৱা। ফটোখনত থকা মহিলাগৰাকী কানহায়া কুমাৰৰ ভনী নহয়। তদুপৰি কানহায়া কুমাৰৰ ভনী কোনো বৈজ্ঞানীক নহয়।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ ছাৰ্চ আৰু প্ৰাসংগিক শব্দৰে গুগল ছাৰ্চৰ সংমিশ্ৰনত অনুসন্ধান কৰি চালো। আমি ভূমন্ত্ৰ নামৰ এটা হিন্দী ৱেবচাইটৰ এটা প্ৰৱন্ধ পালো, যিটো “১৮ বছৰ বয়সতেই বেগুচৰাইৰ ভূমিপুত্ৰিয়ে স্তম্ভিত কৰিলে সকলোকে। এই লেখা পঢ়ি আপুনিও গৌৰৱ অনুভৱ কৰিব।” শীৰোনামেৰে ২০১৭চনৰ ১১ মাৰ্চত প্ৰকাশ কৰা হৈছিল। প্ৰৱন্ধটো বেগুচৰাইৰ প্ৰিয়ংকা নামৰ এগৰাকী যুৱতীৰ বিষয়ে লিখা হৈছিল,যিগৰাকী যুৱতীয়ে ইছৰোৰ বিজ্ঞানী হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছে।

Original Link- BhuMantra | Archived Link
প্ৰৱন্ধটোত ভাইৰেল হৈ পৰা সেই ফেচবুক পোষ্টটোত ব্যৱহাৰ কৰা সেই একেখন ফটোকে ব্যৱহাৰ কৰা হৈছে।
তাৰ পিছত আমি কানহায়া কুমাৰৰ ভনী সম্পৰ্কত কিছু কথা জনাৰ চেষ্টা কৰিলো আৰু আমি জানিব পাৰিলে তেওঁৰ ভনী জুহি কোনো বিজ্ঞানী নহয়। তেওঁ তেওঁলোকৰ মাতৃ অংগনবাড়ী কৰ্মী মীনা দেৱীৰ সৈতে এটা টিফিন ব্যৱসায় চলায়।

Original Link- Wikibio | Archived Link
ফলাফল
ওপৰোক্ত সত্যতা নিৰূপনে স্পষ্ট কৰিছে যে ফটোত দেখা মহিলাগৰাকী কানহায়া কুমাৰৰ ভনী নহয় আৰু তেওঁ বিজ্ঞানীও নহয়।

Title:ভাইৰেল ফটোত থকা মহিলাগৰাকী কানহায়া কুমাৰৰ ভনী নহয়!
Fact Check By: Manjori BorkotokyResult: False