ৱাৰ থাণ্ডাৰ নামৰ এটা অনলাইন গেমৰ ক্লিপ এটাকে ইৰাণৰ যুদ্ধ বিমানৰ আক্ৰমণ বুলি প্ৰচাৰ। 

False Social

শেহতীয়াকৈ অসমৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণৰ এখন যুদ্ধ বিমান। দৃশ্যটোত দেখা যায় যে এখন ফাইটাৰ যুদ্ধবিমানে অহৰহ মিছাইল নিক্ষেপ কৰিছে আৰু তলত থকা সেনা বাহিনীৰ এটা কনভয়ৰ ওপৰত আক্ৰমণ কৰিছে।  

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো যোৱা ২০২৫ৰ ১০ ডিচেম্বৰ তাৰিখে ইউটিউৱত NihalGametube নামৰ চেনেলটোত  F/A-18C Hornet Launches Missile on Convoy! বুলি আপলোড কৰি থোৱা দেখিলোঁ।  আপলোডৰ তাৰিখটো চাই আমি নিশ্চিত হ’লোঁ যে এই দৃশ্য অন্ততঃ শেহতীয়া ইৰাণ-ইজৰাইল যুদ্ধৰ নহয়। 

আমি সেই চেনেলটো পৰীক্ষা কৰি দেখিলোঁ যে সেইটো এটা গেমিং ভিডিঅ’ ষ্ট্ৰিমিং আৰু আপলোড কৰা ইউটিউৱ চেনেল। তাত আমি তেনেকুৱা অনেক ভিডিঅ’ ক্লিপ দেখিলোঁ। 

একেটা ভিডিঅ’ আমি ArefinGametube-69 নামৰ গেমিং ইউটিউৱ চেনেলটোতো F/A-18C Super Hornet Launches Missile on Convoy!  নামেৰে আপলোড কৰা আমি দেখিলোঁ। 

এই গেমিং ইউটিউৱ চেনেলটোতো আমি একেধৰণে অনেক অনলাইন আৰু পিচি গেমৰ ভিডিঅ’ ক্লিপ দেখা পালোঁ।

একেটা ভিডিঅ’ আমি MissKitty Gametube নামৰ ভেৰিফাইড গেমিং ফেচবুক পেজটোতো American F/A-18C Hornet Launches Missile on Convoy! নামেৰে পালোঁ।

অধিক সন্ধান কৰোতে আমি এই ক্লিপটো CompareZone-l7g নামৰ আন এটা ইউটিউৱ চেনেলত দেখিলোঁ। সেই চেনেলটোত American F/A-18C Hornet Launches Missile on Convoy! নামৰ এই ভিডিঅ’ ক্লিপটো WAR THUNDER নামৰ অনলাইন গেমটোৰ পৰা ৰেকৰ্ড কৰি মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলি স্পষ্টভাৱে উল্লেখ কৰা আমি দেখিলোঁ।   

আমি এইবাৰ War Thunder নামৰ  MMO combat gameটোৰ ইউটিউৱ চেনেলটো চালোঁ। তাত আমি সত্যতা নিৰূপণ কৰি থকা ক্লিপটোৰ লগতে অন্যান্য বহুতো তেনেকুৱা ভিডিঅ’ ক্লিপ দেখা পালোঁ।

এই তথ্যসমূহৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক একাউণ্টটোৰ পৰা কৰা দাবীটো সত্য নহয়। এই ভিডিঅ’টো ইৰাণৰ কোনো যুদ্ধবিমানৰ নহয়। এইটো আচলতে ৱাৰ থাণ্ডাৰ নামৰ এটা অনলাইন গেমৰহে ভিডিঅ’ ক্লিপ। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ৱাৰ থাণ্ডাৰ নামৰ এটা অনলাইন গেমৰ ক্লিপ এটাকে ইৰাণৰ যুদ্ধ বিমানৰ আক্ৰমণ বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *