এইখন হেকাৰ ‘হামজা বেনডেল্লাজ’ৰ ফটো নহয় আৰু তেওঁক ফাঁচী দিয়া নাই!

False International
story 1.png

ফেচবুক লিংকসংৰক্ষিত লিংক

শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত এজন যুৱকক ফাঁচী কাঠত থিয় হৈ, ফাঁচীৰ আগমুহূৰ্তত হাঁহি থকা দেখা গৈছে । ফটোখনে সমগ্র বিশ্বতে খলনকণি তুলিবলৈ সক্ষম হৈছে । ফেচবুকত উক্ত ফটোখন ব্যাপক ভাৱে শ্বেয়াৰ হৈছে । বিভিন্নজনে দাবী কৰিছে যে এই ফটোখন হামজা বেনডেল্লাজ নামৰ এজন হেকাৰৰ হয় আৰু তেওঁ মাত্ৰ ২৭ বছৰ বয়সতে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তিক আঁকোৱালি লৈছে কাৰণ তেওঁ ২১৭ টা বেংক হেক কৰি বহু কোটি আমেৰিকান ডলাৰ বিভিন্ন অভাৱী মানুহৰ মাজত ভগাই দিয়ে । 

অসমৰ ‘নিউজ অসম২৪’ নামৰ এক নিউজ পৰ্টেলৰ ফেচবুক পে’জত উক্ত ফটোখন আপলোড কৰা হৈছে আৰু উক্ত ফেচবুক পোষ্টটোত, “ফাচিকাঠৰ ৰছিডাল গোলত লৈ মুখত এনেকুৱা হাহি  পৃথিৱীৰ ইতিহাসত বিৰল

এইজনেই সেই  #হামজা_বেনদেলাজ যিজনে ২১৭ টা বেংকৰ পৰা ৪০ কোটি টকা হেক কৰে আৰু সেইখিনি টকা আফ্ৰিকা আৰু ছোমালিয়াত অনাহাৰে মৰি যোৱা উপক্ৰম হৈ থকা মানুহৰ মাজত বিলাই দিয়ে ।

বেংক হেকিংৰ অপৰাধত অভিযুক্ত হৈ আদলতে ফাচিৰ ৰায় দিয়ে ।

আদালতত তেওঁৰ স্বীকাৰক্তি স্পষ্ট আছিল 

“#মইকোনোপাপকৰানাইদুখীয়াৰপেটতলাথিমাৰীদুৰ্নীতিভ্ৰষ্টাচাৰবিলাকেদুখীয়াৰধনবেংকতজমা_ৰাখিছিল মই কেবল দুখীয়াৰ ধন  দুখীয়ালৈ বিলাই দিছো এইটো কোনো পাপ নহয় “

চেলুট জনাও সেই হামজা বেনদেলাজক 

যিয়ে শিকালে এশ বছৰ মেকুৰীৰ দৰে জীয়াই থকাতকৈ এবছৰ বাঘৰ দৰে জীয়াই থকাই উত্তম”

উক্ত পোষ্টটো বৰ্তমানলৈকে ১.৮ হেজাৰবাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে । যদিয়ো পোষ্টটো প্ৰায় এবছৰ আগতে, ১ জুন, ২০১৯, তাৰিখে আপলোড কৰা হৈছিল, শেহতীয়াকৈ উক্ত পোষ্টটোত বিভিন্নজনে কমেণ্ট আৰু লাইক কৰা দেখা গৈছে । 

আমি উক্ত পোষ্টটোৰ সত্যতাৰ সম্পৰ্কে অনুসন্ধান কৰিবলৈ সিদ্ধান্ত ললোঁ । সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু আমি জানিব পাৰিলোঁ যে উক্ত ফটোখন আচলতে ইৰাণত ২০০৭ চনতে ঘটা এক ঘটনাৰ হয় আৰু হাজাৰ কোটি টকাৰ হেকিংৰ লগত কোনো সম্পৰ্ক নাই । ফটোখনত দেখা পোৱা যুৱকজন মাজিদ কাব’চিফাৰ নামৰ এজন লোক হয় যি তেওঁৰ ভাগিনীয়েকৰ সৈতে ইৰাণৰ ৰাজধানী তেহৰানত এজন প্ৰখ্যাত ন্যায়াধীশক হত্যা কৰাৰ বাবে ২০০৫ চনত ফাঁচী কাঠত উলমিব লগা হৈছিল । উক্ত ভাইৰেল ফটোখন আমি Imgur নামৰ এক ৱেবচাইটত দেখা পালোঁ লগতে মাজিদ কাব’চিফাৰ নামৰ যুৱকজনৰ বিষয়ে জানিব পাৰিলোঁ । 

story 11.png

আমি এই বিষয়ে ৰয়টাৰ্ছত প্ৰকাশিত এক বাতৰিও দেখা পালোঁ য’ত স্পষ্টকৈ লিখা আছে যে মাজিদ কাব’চিফাৰ নামৰ লোকজনক ইৰাণৰ ৰাজধানী তেহৰানত এজন প্ৰখ্যাত ন্যায়াধীশক হত্যা কৰাৰ বাবে ফাঁচী দিয়া হৈছিল । এই সম্পৰ্কে পঢ়ক ইয়াত । 

story 111.png

আমি ইয়াৰ পাছত, গুগলত ‘হামজা বেনডেল্লাজ’ৰ বিষয়ে চাৰ্ছ কৰিলোঁ যিহেতু ভাইৰেল পোষ্টটোত দাবী কৰা হৈছিল যে ভাইৰেল ফটোবোৰত দেখা পোৱা যুৱকজন হামজা বেনডেল্লাজ নামৰ এজন হেকাৰ হয় । আমি জানিব পাৰিলোঁ যে তেওঁ জীৱিত আছে আৰু ভাইৰেল ফটো কেইখনত দেখা যুৱকজন তেওঁ নহয় । হামজা বেনডেল্লাজক হেকিং কৰি বহুতো টকা সৰকোৱাৰ অপৰাধত ১৫ বছৰ কাৰাবাসৰ দণ্ডৰেহে দণ্ডিত কৰা হৈছিল, মৃত্যুদণ্ড নহয় । এই বিষয়ে ‘বিবিচি’ৰ ৱেবচাইটত প্ৰকাশিত এক বাতৰি ইয়াত পঢ়ক । 

story 1111.png

ফলাফল

উক্ত ভাইৰেল ফটোখন হেকাৰ ‘হামজা বেনডেল্লাজ’ৰ নহয় বৰঞ্চ এই ফটো কেইখন মাজিদ কাব’চিফাৰ নামৰ এজন লোকৰ হয় । মাজিদ নামৰ লোকজনক ইৰাণৰ ৰাজধানী তেহৰানত এজন প্ৰখ্যাত ন্যায়াধীশক হত্যা কৰাৰ বাবে ফাঁচী দিয়া হৈছিল । হেকাৰ ‘হামজা বেনডেল্লাজ’ক হেকিং কৰি বহুতো টকা সৰকোৱাৰ অপৰাধত ফাঁচী নহয় ১৫ বছৰৰ কাৰাবাস খাটিবলৈ শাস্তি দিয়া হৈছিল । 

Avatar

Title:এইখন হেকাৰ ‘হামজা বেনডেল্লাজ’ৰ ফটো নহয় আৰু তেওঁক ফাঁচী দিয়া নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *