
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া প্লাষ্টিকৰ চাউল উৎপাদন কৰাৰ দৃশ্য।
কিন্তু সঁচাকৈয়ে সেয়া প্লাষ্টিকৰ চাউল হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এই ভিডিঅ’টো এটা ইউটিউব চেনেলত ২০২৫ চনৰ ৫ এপ্ৰিলত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি পেলনীয়া প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰি বগা পেলেট (White Pellet) প্ৰস্তুত কৰাৰ দৃশ্য দেখুওৱা হৈছে ভিডিঅ’টোত। এই বহনক্ষম পদ্ধতিয়ে বিভিন্ন উদ্যোগৰ বাবে মূল্যৱান সামগ্ৰী উৎপাদন কৰাৰ লগতে প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰাত সহায় কৰে। (Recycling Waste Plastic to Make White Pellets
Watch the innovative process of recycling waste plastic into high-quality white pellets. This sustainable method helps reduce plastic waste while producing valuable materials for various industries. Discover how recycling plays a key role in protecting our environment and creating eco-friendly solutions for the future.)
একেধৰণৰ ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব।
ভিডিঅ’টোৰ শেষৰফালে বগা পেলেটবোৰ এখন মোনাত ভৰোৱা দেখা গৈছে। মোনাখনত “Nimir Phthalic Anhydride” বুলি লিখা থকা আমি দেখিবলৈ পালোঁ।
এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া Nimir Chemicals Pakistan Limited (NCPL) নামৰ এটা ৱেবছাইট পালোঁ। পাকিস্তানৰ এই কোম্পানীটোত বৰ্তমান প্ৰায় ২৬০ গৰাকী কৰ্মচাৰী আছে। এনচিপিএলৰ মূল ব্যৱসায় হৈছে :-
ফ্থালিক এনহাইড্ৰাইড(Phthalic Anhydride), ডি অক্টাইল ফ্থালেট(Di Octyle Phthalate),মেলেইক এনহাইড্ৰাইড(Maleic Anhydride) আৰু এলকাইড ৰেজিন(Alkyd Resins) প্ৰস্তুত আৰু বিতৰণ কৰা।
ফ্থালিক এনহাইড্ৰাইড (Phthalic Anhydride) কি?
Nimir Chemicals Pakistan Limited ৰ ৱেবছাইটত উল্লেখ কৰা হৈছে যে ভিনাইল ক্লৰাইডৰ পৰা প্লাষ্টিক উৎপাদনত ৰাসায়নিক মধ্যৱৰ্তী হিচাপে ফ্থালিক এনহাইড্ৰাইড (PA)ৰ প্ৰাথমিক ব্যৱহাৰ হয়। প্লাষ্টিচাইজাৰ হিচাপে কাম কৰা ফ্থালেট এষ্টাৰ ফ্থালিক এনহাইড্ৰাইডৰ পৰা আহৰণ কৰা হয়। ফ্থালিক এনহাইড্ৰাইড এলকাইড ৰেজিন আৰু পলিয়েষ্টাৰ ৰেজিন উৎপাদনতো ব্যৱহাৰ কৰা হয় যিবোৰ ৰং আৰু লেকৰ, কিছুমান ৰং (এন্থ্ৰাকুইনন, ফ্থালেইন, ৰ’ডামাইন, ফ্থাল’চাইনিন, ফ্লু’ৰেচিন, আৰু জেনথেন ৰং), পোক-পৰুৱা ৰিপেলেণ্ট, আৰু ইউৰেথেন পলিয়েষ্টাৰ পলিঅ’লত অধিক ব্যৱহাৰ কৰা হয়। ইয়াক ৰবৰৰ স্কোৰ্চ ইনহিবিটাৰ আৰু ৰিটাৰ্ডাৰ হিচাপেও ব্যৱহাৰ কৰা হয়।(The primary use of phthalic anhydride (PA) is as a chemical intermediate in the production of plastics from vinyl chloride. Phthalate esters, which function as plasticizers, are derived from phthalic anhydride. Phthalic anhydride is also used in the production of alkyd resins and polyester resins which are further used in paints and lacquers, certain dyes (anthraquinone, phthalein, rhodamine, phthalocyanine, fluorescein, and xanthene dyes), insect repellents, and urethane polyester polyols. It is also used as a rubber scorch inhibitor and retarder.)
ফ্থালিক এনহাইড্ৰাইড (Phthalic Anhydride)ৰ বিষয়ে অধিক জানিবলৈ ইয়াত পঢ়িব পাৰিব।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টোত প্লাষ্টিকৰ চাউল উৎপাদন কৰাৰ দৃশ্য দেখুওৱা হোৱা নাই। এই ভিডিঅ’টোত পেলনীয়া প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ কৰি ফ্থালিক এনহাইড্ৰাইড (Phthalic Anhydride) উৎপাদন কৰাৰ দৃশ্যহে দেখুওৱা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ভিডিঅ’টোত প্লাষ্টিকৰ চাউল উৎপাদন কৰাৰ দৃশ্য দেখুওৱা হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: Debanjana BaishyaResult: False
