
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৪৫ হাজাৰ মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৫৪ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখ ৩৯ হাজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৪০২১ জনৰ মৃত্যু হৈছে । অসমতো প্ৰায় ৫০০ ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে ।
ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে বাবে লক ডাউন ৩১ মে’, ২০২০ তাৰিখ পৰ্য্যন্ত বঢ়াই দিয়া হৈছে যদিয়ো ট্ৰেইন, বাছ আৰু শেহতীয়াকৈ উৰা জাহাজ, আদিৰ চলাচলত থকা প্ৰতিবন্ধকতা লাহে লাহে শিথিল কৰি দিয়া হৈছে ।
এই সময়তে ক’ৰনা ভাইৰাছ আৰু ইয়াৰ আন সম্পৰ্কীয় বিষয়ে বিভিন্ন ফটো/ভিডিঅ’/বাৰ্তা ফেচবুকৰ যোগেদি ভাইৰেল হব ধৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।
শেহতীয়াকৈ এক ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে য’ত কিছু লোকক এখন ট্ৰেইনৰ পৰা জঁপিয়াই পলাই যোৱা দেখা গৈছে । দাবী কৰা হৈছে যে এই সকল লোক বহি ৰাজ্যৰ পৰা অসমলৈ আহিছিল আৰু তেওঁলোকে কুৱাৰেনটাইন হোৱাৰ ভয়ত এইদৰে পলাই গৈছে আৰু এতিয়া অসমবাসীক বিপদত পেলাইছে ।
এই ভিডিঅ’টো আদিত্য বৈশ্য নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা ২৫ মে’, ২০২০ তাৰিখে আপলোড কৰা হৈছিল আৰু এই ভিডিঅ’টো ইতিমধ্যে ৪৯৩ বাৰ শ্বেয়াৰ হৈছে আৰু ৩১ হাজাৰ বাৰ দর্শন কৰা হৈছে । ফেচবুক পোষ্টটোত ভিডিঅ’টোৰ কেপচন, “#be_alert
বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ বহুতে এনেদৰে ট্ৰেইনৰ পৰা জঁপিয়াই পলাইছে৷ এইসকল লোক ক’বলৈ গ’লে অসমৰ এতিয়া শত্ৰু৷ তেওঁলোকৰ বাবেই চৰকাৰে ট্ৰেইনৰ ব্যৱস্থা কৰি দিছে, অথচ এনেদৰেই বিপদ কঢ়িয়াই নিজৰ ঘৰলৈ বুলি পলাইছে৷ এইসকল লোকক যাতে কোনেও গ্ৰহণ নকৰে৷ এওঁলোক একো একোজন অপৰাধী৷” বুলি দিয়া হৈছে ।
উল্লেখযোগ্য যে বহি ৰাজ্যৰ পৰা অহা সকলোৰে বাবে ১৪ দিনৰ কুৱাৰেনটাইন বাধ্যতামূলক কৰি দিয়া হৈছে আৰু কিছুলোকে কুৱাৰেনটাইন কেম্প সমূহৰ পৰা পলাবলৈ চেষ্টা কৰা বাতৰিও আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ ।
সঁচাকৈ ভিডিঅ’টোত এই সকল বহি ৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা লোক নেকি? তেওঁলোকে ট্ৰেইনৰ পৰা এইদৰে অসমত পলাইছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি এই বিষয়ে অসম পুলিচে কোনো বক্তব্য ৰাখিছে নেকি সেইয়া জানিবলৈ তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো চালোঁ । আমি দেখিলোঁ যে তেওঁলোকে ইতিমধ্যে এই বিষয়ে নগাঁও পুলিচৰ এক স্পষ্টীকৰণ ৰিটুইট কৰিছে য’ত লিখা আছে যে ভিডিঅ’টো অসমৰ নহয় । তেওঁলোকে লগতে এক বিশেষ ভিডিঅ’ আপলোড কৰিছে য’ত দুজন অসমীয়া যুৱকক দেখা গৈছে । তেওঁলোকে স্পষ্ট কৰিছে যে ভিডিঅ’টো তেওঁলোকে ৰেকৰ্ড কৰিছিল কিন্তু এই ভিডিঅ’টো পশ্চিম বেংগলৰ হয়, অসমৰ নহয় । ঘটনাটো ঘটোতে তেওঁলোক কাষৰ ডবাটোত আছিল বুলি তেওঁলোকে উল্লেখ কৰিছে ।
নগাঁও পুলিচৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এইবিষয়ে আন এক টুইট কৰা হৈছে যে এই ভিডিঅ’টো ভুৱা বাতৰি বিয়পাবলৈ যিসকলে প্ৰচাৰ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে এক গোচৰ ‘ডিডিএমএ’ আইনৰ অধীনত ৰুজু কৰা হৈছে ।
আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু এই বিষয়ে এক বাতৰি ‘দা ষ্টেটছমেন’ নামৰ নিউজ ৱেবচাইটটোত দেখা পালোঁ । বাতৰিটোত উল্লেখ আছে যে তেওঁলোকে পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ বেলাকবা ৰেলৱে ষ্টেচনৰ কাষত এইদৰে ট্ৰেইনৰ চেইন টানি পলাব চেষ্টা কৰিছিল আৰু তেওঁলোকক পাছত কৰায়ত্ব কৰা হ’ল ।
ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টো অসমৰ নহয় আৰু ভিডিঅ’টোত দেখা পোৱা লোকসকল বহি ৰাজ্যৰ পৰা অসমলৈ অহা লোক নহয় । এইটো আচলতে পশ্চিম বেংগলৰ ভিডিঅ’ হয় । অসমৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰি অসমৰ জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰা হৈছে ।

Title:ট্ৰেইনৰ চেইন টানি পলোৱা এই সকল বহি ৰাজ্যৰ পৰা অসমলৈ অহা লোক নহয়!
Fact Check By: Manjori BorkotokyResult: False