
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪৮ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৩১৬৩ জনৰ মৃত্যু হৈছে । অসমতো ১১৫জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে ।
যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত লক ডাউন ৩১ মে’, ২০২০ তাৰিখ পৰ্য্যন্ত বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফটো/ভিডিঅ’/বাৰ্তা হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হব ধৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।
এনে এক ভিডিঅ’ সম্প্ৰতি হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে দেশত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ প্রযোজ্য থকা লক ডাউনৰ বাবে এগৰাকী মহিলা নিজৰ কেঁচুৱাৰ সৈতে এনেদৰে বিপদসংকুল ভাৱে যাত্ৰা কৰিব লগাত পৰিছে । ভিডিঅ’টোত মহিলা গৰাকীক এটা কেঁচুৱাৰ সৈতে ট্ৰেইনৰ দুটা ডবাৰ মাজত ওলমি যাত্ৰা কৰা দেখা গৈছে ।
উল্লেখযোগ্য যে দেশত শেহতীয়াকৈ কেইখনমান ট্ৰেইনক চলাচল কৰিবলৈ দিয়া হৈছে । দেশৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক নিজ ঘৰলৈ বিপদ সংকুল ভাৱে যাত্ৰা কৰাৰ ফলত মৃত্যু মুখত পৰা খবৰ আহি আছে । সেই সময়তে এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে । সঁচাকৈ লক ডাউনৰ বাবে এই গৰাকী মহিলাই কোলাত কেঁচুৱা লৈ এনেদৰে যাত্ৰা কৰিব লগা হৈছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি দেখিলোঁ যে ভিডিঅ’টো ইউটিউবত সৰ্বপ্ৰথমে আগষ্ট ১, ২০১৬ তাৰিখে আপলোড কৰা হৈছিল আৰু বৰ্তমানৰ লক ডাউনৰ লগত কোনো সম্পৰ্ক নাই ।
আমি ইয়াৰ পাছত টুইটাৰত এই সম্পৰ্কে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে পিআইবি অসমে এই সম্পৰ্কে ইতিমধ্যে এক টুইট কৰিছে আৰু স্পষ্ট কৰিছে যে উক্ত ভিডিঅ’টো বৰ্তমানৰ নহয় আৰু লক ডাউনৰ লগত কোনো সম্পৰ্ক নাই । তেওঁলোকে লগতে উল্লেখ কৰিছে যে আচলতে এইটো ২০১৬ চনৰ বাংলাদেশৰ ভিডিঅ’ হয়, ভাৰতৰ নহয় ।
ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টো বৰ্তমানৰ নহয় আৰু লক ডাউনৰ লগত কোনো সম্পৰ্ক নাই । ভিডিঅ’টো আচলতে ২০১৬ চনৰ বাংলাদেশৰ ভিডিঅ’ হয় । ভিডিঅ’টো লক ডাউনৰ সময়ৰ হয় বুলি প্রচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Title:এইটো লক ডাউনৰ সময়ত ভাৰতৰ আন্তঃৰাজ্যিক প্ৰৱজনকাৰী ঘৰলৈ উভটি যোৱাৰ ভিডিঅ’ নহয়!
Fact Check By: Manjori BorkotokyResult: False