
শেহতীয়াকৈ অসমৰ বিভিন্ন ফেচবুক পেজত এটা খবৰ বিয়পি পৰিছে যে ভিক্টৰ দাসক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ মুখপাত্ৰ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। অখিল গগৈ আৰু ভিক্টৰ দাসৰ ফটো সম্বলিত পোষ্টেৰে এই দাবী প্ৰচাৰ কৰা হৈছে।



কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ৰাইজৰ দলৰ ৱেবছাইট আৰু আনুষ্ঠানিক সামাজিক মাধ্যমত এই ঘোষণা প্ৰকাশ কৰা হৈছে নেকি পৰীক্ষা কৰিলোঁ। তদুপৰি অখিল গগৈ আৰু ভিক্টৰ দাসৰ সামাজিক মাধ্যমতো আৰু পৰীক্ষা কৰিলোঁ। কিন্তু ক’তো এই খবৰ নাপালোঁ যে ভিক্টৰ দাসক ৰাইজৰ দলৰ মুখপাত্ৰ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। আনকি অসমৰ আগশাৰীৰ কোনো কাকত অথবা চেনেলতে এই খবৰ আমি লাভ নকৰিলোঁ।

আমি তাৰ পাছত ৰাইজৰ দলৰ প্ৰশাসনিক বিভাগৰ সম্পাদক(যি দলটোৰ যিকোনো নিযুক্তিৰে আনুষ্ঠানিক কৰ্তৃত্বশীল পদবীধাৰী ব্যক্তি) চিন্ময় বৰাৰ সৈতে কথা পাতিলোঁ। আমাৰ জিজ্ঞাসাত তেখেতে আমাক জানিবলৈ দিয়ে যে ৰাইজৰ দলৰ মুখপাত্ৰ হিচাপে ভিক্টৰ দাসক নিযুক্তি প্ৰদান কৰা নাই। তেওঁ কয়- “মই নিজেই ফেচবুকত দেখি আচৰিত হৈছোঁ। আমি তো তেওঁক এইধৰণৰ কোনো দায়িত্ব দিয়া নাই আৰু কাৰোবাক কিবা দায়িত্ব প্ৰদান কৰিবলৈ হ’লে ময়েই স্বাক্ষৰ কৰিব লাগিব। এই খবৰ সম্পূৰ্ণ মিছা। কিছুমান ফেচবুক পেজে উদ্দেশ্য প্ৰনোদিতভাৱে এই খবৰ বিয়পাইছে। ভিক্টৰ দাস ৰাইজৰ দলৰ প্ৰাথমিক সদস্যও নহয়।”

ইয়াৰ পাছত আমি ভিক্টৰ দাসৰ সৈতে যোগাযোগ কৰোতে তেঁৱো আমাক জনায় যে তেওঁ তেনেকুৱা কোনো দায়িত্ব গ্ৰহণ কৰা নাই। তেওঁ কোনো ৰাজনৈতিক দলৰ লগতেই নাই। তেওঁ ৰাইজৰ লগতহে আছে বুলি আমাক কয়।
ইয়াৰ পৰাই নিশ্চিত হয় যে অসমৰ কিছুমান ফেচবুক পেজত ভিক্টৰ দাসক ৰাইজৰ দলৰ মুখপাত্ৰ হিচাপে নিযুক্তি বা দায়িত্ব প্ৰদান কৰা কথাটো মিছা।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। ভিক্টৰ দাসক ৰাইজৰ দলৰ মুখপাত্ৰ হিচাপে দায়িত্ব প্ৰদান কৰা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ভিক্টৰ দাসক ৰাইজৰ দলৰ মুখপাত্ৰৰ দায়িত্ব দিয়া নাই। এয়া ভুৱা খবৰ।
Fact Check By: Pranjal SharmaResult: False


