উত্তৰ প্ৰদেশৰ মেৰটৰ বিজেপি নেতা মনিশ কুমাৰে আৰক্ষীক কৰা আক্ৰমণৰ ভিডিঅ’ টিএমচি বিধায়ক মহম্মদ দিমিৰে বেংগল আৰক্ষীৰ লোকক কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

False Social

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে টিএমচিৰ বিধায়ক মহম্মদ দিমিৰে এগৰাকী বেংগল আৰক্ষী বিষয়াক প্ৰহাৰ কৰিছে। পোষ্টটোত আৰক্ষী বিষয়াক প্ৰহাৰ কৰা লোকজন তৃণমূল কংগ্ৰেছৰ বিধায়ক মহম্মদ দিমিৰ বুলি দাবী কৰি লিখিছেঃ-  মুমতাজ বেগমৰ TMC বিধায়ক মহম্মদ দিমিৰে এজন বেংগল আৰক্ষী বিষয়াক প্ৰহাৰ কৰাটো চাওক।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcSyBHxDWaghwR9koT2_Gy2lXPwCoewtELfaoJvseCgJ5mpzNK-oWNgEnpraZwH_uaV6IMmatb8IcyUPVerWPzDGr1XhoFIpjKex8KqulHyBPKlUd0GAUz3Tc_SGLxsbi8VN2KAQQ?key=PtHsds9vNOw1e0JHQRUZj3sF

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ পৰা কিছুমান ফ্ৰেম উলিয়াই গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ২০১৮ৰ ২০ অক্টোবৰত ANIএ কৰা এটা টুইট পালোঁ। সেই টুইটটো মতে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা ব্যক্তিজন বিজেপিৰ কাউঞ্চিলৰ মনিশ। এগৰাকী মহিলা অধিবক্তাৰ সৈতে মনিশৰ ৰেষ্টুৰেণ্টলৈ অহা ছাব-ইঞ্চপেক্টৰগৰাকীৰ ৱেইটাৰৰ সৈতে কোনো কথাত বাক-বিতণ্ডা লাগে আৰু তাৰ পাছতেই মনিশে এইদৰে ছাব-ইঞ্চপেক্টৰগৰাকীক আক্ৰমণ কৰে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfeaAjkw_unNS595xE3S0D0dH_vGL1FWqlmQhPPg0Rz-__oFuk2bd1paNM3bfmy4LvTS5NiwRzJrfvkBPewzU5dJwfg-n2Lt45QWlnADvs-dmVLRAlmG87kfFOTWiq_BUlKo6XP?key=PtHsds9vNOw1e0JHQRUZj3sF

ইয়াৰ পাছত আমি হিন্দুস্তান টাইমছৰ ইউটিউৱ চেনেলত ২০১৮ চনৰ ২০ অক্টোবৰত আপলোড কৰি বাতৰিটো পালোঁ। সেই বাতৰিতো উত্তৰ প্ৰদেশৰ মেৰটৰ বিজেপি নেতা মনিশে ছাব-ইঞ্চপেক্টৰগৰাকীক আক্ৰমণ কৰা বুলি কোৱা হৈছে আৰু সেই ভিডিঅ’টো দেখুওৱা হৈছে। 

 

India Todayই ২০১৮ চনৰ ২০ অক্টোবৰত কৰা বাতৰিটোতো সেয়া মেৰটৰ ঘটনা বুলি কোৱা হৈছে আৰু আক্ৰমণকাৰী লোকজন বিজেপিৰ কাউঞ্চিলৰ মনিশ কুমাৰ বুলি উল্লেখ কৰা হৈছে

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfEe9G2TznRCt8rFJP-aiXgXKQv3sc-s3Yp9M3-PnlfqDYnq8b64XrGsOvcZr16WFHxn0xYMo2GqNLRrfOnqZg9ElhEfsBcGMENkqxkhRCA8esOuvfXT8NcsuIkaGmfCZnSIQa6IA?key=PtHsds9vNOw1e0JHQRUZj3sF

সেই ভিডিঅ’টোৰ খণ্ডচিত্ৰৰে সৈ আজটকে কৰা বাতৰিটোতো সেয়া মেৰাটৰ বিজেপি নেতাই আৰক্ষী বিষয়াক কৰা আক্ৰমণ বুলি উল্লেখ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdBP6jJPsaFfIy13vPPE_SxEKyF3BaAmk6p9NUgOMvKBCSIH48V2HO-aVtu6-adsfXzsXBrOO-s_gP7qdMC9LeeU_9w5SPYIoOkxt2Ti-AurGwUDNVQdv7Qz9sTudcVurqOAZIxww?key=PtHsds9vNOw1e0JHQRUZj3sF

আমি একেই বাতৰি দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছতো লাভ কৰিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfyL2THhw3k2H9N0q_M9LE1_SBof_AzB_0bChvRDWUeYsHDGOvSriMQa3SPNKwWdzsAbjpniPC_1eFQLHiGCUvQx_QJBcZOROhw5YIIErJO8b-RmsTT0jEI0TJ29arqVA1ns7U9Ww?key=PtHsds9vNOw1e0JHQRUZj3sF

এই তথ্যসমুহৰ পৰা আমি নিশ্চিত হৈছোঁ যে সেই ভিডিঅ’টো আচলতে মেৰটৰ। ২০১৮ চনত মেৰটৰ বিজেপি কাউঞ্চিলৰ মনিশ কুমাৰে এগৰাকী ছাব-ইঞ্চপেক্টৰক কৰা শাৰীৰিক আক্ৰমণৰ ভিডিঅ’কে টিএমচিৰ বিধায়ক মহম্মদ দিমিৰে বেংগল আৰক্ষীৰ বিষয়া এজনক কৰা আক্ৰমণ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভিডিঅ’টো আচলতে উত্তৰ প্ৰদেশৰ মেৰটৰ। ২০১৮ চনত মেৰটৰ বিজেপি নেতা মনিশ কুমাৰে ছাব-ইঞ্চপেক্টৰক কৰা আক্ৰমণৰ ভিডিঅ’টো টিএমচি বিধায়ক মহম্মদ দিমিৰে বেংগল আৰক্ষীৰ বিষয়াক কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:উত্তৰ প্ৰদেশৰ মেৰটৰ বিজেপি নেতা মনিশ কুমাৰে আৰক্ষীক কৰা আক্ৰমণৰ ভিডিঅ’ টিএমচি বিধায়ক মহম্মদ দিমিৰে বেংগল আৰক্ষীৰ লোকক কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *