ইজৰাইলৰ পুৰণি ভিডিঅ’কে ভাৰতৰ অমৃতচৰত সেনাৰ কুচকাৱাজ বুলি প্ৰচাৰ। 

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে অমৃতচৰত কৰা সামৰিক কুচকাৱাজৰ দৃশ্য।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcIz60rcyQcMHpavOKdxmoFWnpS9ymSm7TVZUFGQy85XdokmcRdiOH4gAjH7zCRfpZ9_z2gRI06Kdc50YA9aTUq6fGj6lRl_7TBYimt4HbAs_Cz4AHMDP76WXObWQO90IBztXww?key=7UdlMxXj_S8D0V1U1-h3Sg

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeR3sWc7SRq_mmz4b7Xu5TWTzBhXkQ1zHraonWwUukGt3xGDMsUBMwdcIr3YDE0xX_47CsLprBZaQ4R2IbwAmfjl3coUM9L0nz6GrCh8s3annHHHLFrrI91sOmmzJP7jpNxMYXlOg?key=7UdlMxXj_S8D0V1U1-h3Sg

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। ২০২৪ৰ ৪ আগষ্টত ইজৰাইলৰ এটা ভেৰিফাইড এক্স হেণ্ডেলত আমি এই ভিডিঅ’টোৰে সৈতে এটা টুইট পালোঁ। তাত লিখা আছিল- Last night in northern Israel: a barrage of Hezbollah rockets fired at Israeli communities. We will not allow Hezbollah, Hamas or any other Iranian proxy to harm the people of Israel.

The Times Of Israelৰ বাতৰিত আমি সেই দৃশ্যটোৰ স্ক্ৰীণশ্বট পালোঁ আৰু ঘটনাটোৰ সবিশেষ পঢ়িবলৈ পালোঁ। সেই বাতৰিটোও ২০২৪ৰ ৪ আগষ্টতেই প্ৰকাশ কৰা হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcYAOcW0U40G6DBSZNygGBYsMld4T-aMHqqhKWHorH5dDWVLR5WUBhXsVgyzpy9S2Jmj90d-v_u2uiKQWMNy5pGGqexmNwVRlaxKHQla0-GndcXsw_I7JjlKx3dKKHH2kBcS586?key=7UdlMxXj_S8D0V1U1-h3Sg

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ভাৰতৰ অমৃতচৰত ভাৰতীয় সেনাৰ পাকিস্তান বিৰোধী কুচকাৱাজ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ আগষ্টত ইজৰাইলত হোৱা এক আক্ৰমণৰ দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ ভাৰতৰ অমৃতচৰত ভাৰতীয় সেনাৰ পাকিস্তান বিৰোধী কুচকাৱাজ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ আগষ্টত ইজৰাইলত হোৱা এক আক্ৰমণৰ দৃশ্যহে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইজৰাইলৰ পুৰণি ভিডিঅ’কে ভাৰতৰ অমৃতচৰত সেনাৰ কুচকাৱাজ বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *